ETV Bharat / state

MLA Bhuban Pegu slams Congress : কংগ্ৰেছে জোনাইত বিজেপি চৰকাৰৰ উন্নয়ন নেদেখে: ভুৱন পেগু

author img

By ETV Bharat Assamese Team

Published : Oct 16, 2023, 3:15 PM IST

MLA Bhuban Pegu
বিধায়ক ভুৱন পেগু

৭০ বছৰ শাসন চলোৱা কংগ্ৰেছৰ দিনত জোনাইৰ মিচিং অধ্যুষিত অঞ্চলত ৰাইজে বাইচাইকেলেই চলাব পৰা নাছিল বুলি মন্তব্য় বিধায়ক ভুৱন পেগুৰ । প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ভূপেন বৰাৰ বিৰুদ্ধেও সৰৱ ভুৱন পেগু ।

বিধায়ক ভুৱন পেগু

জোনাই, ১৬ অক্টোবৰ: অসমৰ ৰাজনৈতিক ইতিহাসত আটাইতকৈ মিছলীয়া, ঠগবাজ নেতা হৈছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা । বিজেপি চৰকাৰৰ উন্নয়ন চকুত নপৰা ভূপেন বৰাক অন্ধ বুলি আখ্যা দিয়ে ৰাজ্যিক বিজেপিৰ মুখপাত্ৰ তথা বিধায়ক ভুৱন পেগুৱে । সোমবাৰে সংবাদ মাধ্যমৰ আগত প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ভূপেন বৰাৰ বিৰুদ্ধে আক্ৰমণাত্মক হৈ উঠে বিধায়ক ভুৱন পেগু ।

তেওঁ পুনৰ কয় যে ৭০ বছৰ শাসন চলোৱা কংগ্ৰেছৰ দিনত জোনাই সমষ্টিৰ মিচিং অধ্যুষিত অঞ্চলত গাড়ী চলোৱাতো দূৰৰ কথা এখন বাইচাইকেল চলাব নোৱাৰা অৱস্থা থকা অঞ্চলত বিজেপিৰ শাসনত এতিয়া গাড়ী-চাইকেল চলাইছে মিচিং ৰাইজে । ললিত দলে প্ৰদেশ কংগ্ৰেছৰ সভাপতি থকাৰ পাছত মিচিং অধ্যুষিত অঞ্চলত প্ৰথমবাৰ ভূপেন বৰা আহি ক'ত চৰকাৰৰ উন্নয়ন দেখিব বুলি উল্লেখ কৰি বিধায়ক ভুৱন পেগুৱে বিজেপি চৰকাৰৰ দিনত মিচিং ৰাইজে উন্নয়ন দেখিছে বুলি মন্তব্য় কৰে ।

ৰাজ্যিক বিজেপিৰ মুখপাত্ৰ তথা বিধায়ক ভুৱন পেগুই কয় যে মিচিং ৰাইজে ভূমি পট্টা,বসুন্ধৰা অৰুণোদয়, ৰেচন কাৰ্ড, পিএমএৱাই-জিৰ গৃহ লাভ কৰিছে । ৰাইজে বানপানী,গৰাখহনীয়াৰ সমস্যাৰ পৰাও পৰিত্ৰাণ পাইছে বুলি তেওঁ কয় । ৭০ বছৰ শাসন চলোৱা কংগ্ৰেছৰ চৰকাৰে কৰিব পৰা নাই বুলি মন্তব্য় কৰে বিধায়ক পেগুৱে । দুখীয়া ৰাইজক উপলুঙাসূচক মন্তব্য কৰি মিথ্যাচাৰৰ আশ্ৰয় লোৱা ভূপেন বৰাৰ এই ধৰণৰ আবোল-তাবোল কথাত মিচিং ৰাইজে গুৰুত্ব নিদিয়ে বুলি ভুৱন পেগুৱে কয় ।

ইফালে, প্ৰদেশ কংগ্ৰেছ কমিটীৰ কাৰ্যকৰী সভাপতি ৰাণা গোস্বামীয়ে জোনাইৰ তেলামত 'চাঙে চাঙে কংগ্ৰেছ' যাত্ৰাত অংশগ্ৰহণ কৰি বিজেপিৰ শাসনত কংগ্ৰেছে প্ৰদান কৰা মিচিং স্বায়ত্তশাসিত পৰিষদত বৰ্তমান দুৰ্নীতিয়ে আৱৰি ধৰা সন্দৰ্ভতো প্ৰতিক্ৰিয়া ব্যক্ত কৰি ভুৱন পেগুৱে কয়,"কংগ্ৰেছৰ শাসনত এম এ চিত মহালুণ্ঠন চলোৱা হৈছিল । কিন্তু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ নেতৃত্বত মিচিং স্বায়ত্বশাসিত পৰিষদত কেৱল উন্নয়ন আৰু উন্নয়ন হৈছে ।"এইক্ষেত্ৰত মিচিং স্বায়ত্তশাসিত পৰিষদে দুৰ্নীতিত লিপ্ত হোৱাৰ এটা উদাহৰণ দিবলৈ কংগ্ৰেছক প্ৰত্য়াহ্বান জনায় ভুৱন পেগুৱে ।

লগতে পঢ়ক:Hindu Muslim harmony:হিন্দু মুছলমানৰ নামত ৰাজনীতি নকৰি বৰ অসমৰ সপোন দেখে এওঁলোকে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.