ETV Bharat / state

MGNREGA Scheme Corruption: শৈল স্পাৰ নিৰ্মাণৰ নামত অহা ধন পকেটত ভৰালে পঞ্চায়ত সভাপতিয়ে

author img

By ETV Bharat Assamese Team

Published : Aug 28, 2023, 8:09 PM IST

জোনাইৰ মূৰ্কংচেলকত এম জি এন ৰেগা আঁচনি ৰূপায়ণৰ নামত দুৰ্নীতি ৷ শৈল স্পাৰ দিয়াৰ নামত লাখ লাখ টকা আত্মসাৎ কৰিলে পঞ্চায়ত সভাপতিয়ে, এই অভিযোগ ৰাইজৰ ৷

MGNREGA Scheme Corruption
শৈল স্পাৰ নিৰ্মাণৰ নামত অহা ধন পকেটত ভৰালে পঞ্চায়ত সভাপতিয়ে

শৈল স্পাৰ নিৰ্মাণৰ নামত অহা ধন পকেটত ভৰালে পঞ্চায়ত সভাপতিয়ে

জোনাই, 28 আগষ্ট : জোনাইৰ মূৰ্কংচেলক উন্নয়ন খণ্ডৰ অন্তৰ্গত ৰায়াং বিজয়পুৰ গাঁও পঞ্চায়তত এম জি এন ৰেগা আঁচনি ৰূপায়ণৰ নামত সংঘটিত হৈছে ব্যাপক দুৰ্নীতি ৷ শৈল স্পাৰ নিৰ্মাণৰ নামত অহা লাখ লাখ টকা হজম কৰিলে পঞ্চায়ত সভাপতিয়ে ৷ নামমাত্ৰ কাম কৰি লাখ লাখ টকা আত্মসাত কৰাৰ অভিযোগ উঠিছে ৰায়াং বিজয়পুৰ গাঁও পঞ্চায়তৰ সভাপতি ৰাজকুমাৰ পাইতৰ বিৰুদ্ধে ৷

জানিব পৰা মতে ৰায়াং বিজয়পুৰ গাঁও পঞ্চায়তৰ অন্তৰ্গত ৰাজাখানা নদীৰ খহনীয়া প্ৰতিৰোধৰ বাবে এম জি এন ৰেগা’ৰ অধীনত 2021-22 বিত্তীয় বৰ্ষত আৱন্টন দিছিল প্ৰায় 50 লাখ টকা ৷ উক্ত আঁচনিখনৰ কাম ৰায়াং বিজয়পুৰ গাঁও পঞ্চায়তৰ সভাপতি ৰাজকুমাৰ পাইতে সম্পূৰ্ণ কৰাৰ দায়িত্ব লৈছিল ৷ কিন্তু পঞ্চায়ত সভাপতি ৰাজকুমাৰ পাইতে শৈল স্পাৰ আঁচনি ৰূপায়ণৰ নামত ৰাজাখানা নদীৰ পাৰত কোনো ধৰণৰ তাঁৰৰ নেট নিদিয়াকৈ কিছু অংশত নামমাত্ৰ শিল দিয়ে ৷ পঞ্চায়টোৰ কণিষ্ঠ অভিযন্তাৰ সৈতে মিলি আঁচনিৰ বৃহৎ পৰিমাণৰ ধন আত্মসাৎ কৰাৰ অভিযোগ উত্থাপন কৰে স্থানীয় ৰাইজে ৷

আনহাতে ৰাজাখানা নদীৰ খহনীয়াত জাহ যাও যাও অৱস্থা গাইড বান্ধটোৰ ৷ স্থানীয় ৰাইজৰ মতে উক্ত গাইড বান্ধটো ছিগিলে ৰাজাখানা নদীৰ বাঢ়নী পানীত বুৰ যাব মিতে বৰকেম্প, উজনি বিজয়পুৰ, কাৰ্দংচুক, মধ্য লক্ষীপুৰ, বিজয়পুৰ দেউৰীকে আদি কৰি কেইবাটাও অঞ্চল ৷ সেয়ে ৰায়াং বিজয়পুৰ গাঁও পঞ্চায়তৰ অন্তৰ্গত ৰাজাখানা নদীত শৈল স্পাৰ আঁচনি ৰূপায়ণৰ নামত সংঘটিত হোৱা ব্যাপক দুৰ্নীতিৰ বিৰুদ্ধে উচিত তদন্তৰ দাবী কৰিলে স্থানীয় ৰাইজে ৷ ইফালে দুৰ্নীতিত জড়িত পঞ্চায়ত সভাপতি তথা কণিষ্ঠ অভিযন্তাৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰা, ৰাজাখানা নদীত স্থায়ী গাইড বান্ধ নিৰ্মাণ কৰিবলৈ বিভাগীয় কৰ্তৃপক্ষৰ ওচৰত দাবী জনাই স্থানীয় ৰাইজে ৷

লগতে পঢ়ক:Poor Road Condition in Dhemaji: পথৰ দুৰৱস্থাই জ্বলাকলা খুৱাইছে দক্ষিণ ধেমাজিৰ আমলখিবাসীক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.