ETV Bharat / state

Illegal sand mining:অবৈধ বালি খননৰ বিৰুদ্ধে বিভাগলৈ সকীয়নি ৰাইজৰ

author img

By

Published : Aug 3, 2023, 8:08 PM IST

গাই নদীত অবৈধভাৱে বালি খননে চিচিবৰগাঁওবাসীলৈ কঢ়িয়াই আনিছে তীব্ৰ ভাবুকি ৷

illegal sand mining
অবৈধভাৱে বালি খনন

ধেমাজি, 3 আগষ্ট : মুখ্যমন্ত্ৰীৰ কঠোৰ নিৰ্দেশৰ পিচতো ৰাজ্যখনত বন্ধ হোৱা নাই অবৈধ কাৰবাৰ ৷ ড্ৰাগছ, কয়লাৰ পৰা আৰম্ভ কৰি গৰু, সাৰ আদিৰ চোৰাং ব্যৱসায়ে প্ৰশাসন আৰু আৰক্ষীৰ দিন-ৰাতি একাকাৰ কৰি ৰখাৰ পিচত এতিয়া অবৈধভাৱে বালি খনন কাৰ্যই অতীষ্ঠ কৰি তুলিছে স্থানীয় বাসিন্দাক ৷ এই অবৈধভাৱে বালি খনন কাৰ্য চলিছে ধেমাজিৰ চিচিবৰগাঁৱত ৷

ধেমাজিৰ এখন অন্যতম খৰস্ৰোতা গাই নদী ৷ এই গাই নদীত অব্যাহত আছে অবৈধ বালি খনন কাৰ্য ৷ বালি মাফিয়াৰ এনে দ্ৰৌৰাত্ম্যক লৈ উদ্বিগ্ন হৈ পৰিছে স্থানীয় ৰাইজ । সেয়ে দুষ্ট চক্ৰক কৰায়ত্ত কৰাৰ বাবে নদীখনৰ মথাউৰিত উপস্থিত হোৱা ধেমাজি জিলা জলসম্পদ বিভাগৰ বিষয়াক ঘেৰাও কৰি জবাবদিহি কৰিলে অসম জাতীয়তাবাদী যুৱ পৰিষদে ৷ বালি মাফিয়াক কৰায়ত্ত কৰাৰ বাবে স্থানীয় ৰাইজ আৰু অসম জাতীয়তাবাদী যুৱ পৰিষদৰ পৰা বিভাগীয় বিষয়াই বিচাৰিলে ৭২ ঘন্টা সময় ৷ দিলে লিখিত প্ৰতিশ্ৰুতিও ৷

উল্লখ্য যে, ২০১১ চনত গাই নদীৰ সংহাৰী বানৰ ফলত ধেমাজি জিলাৰ বৃহত্তৰ চিচিবৰগাঁৱৰ ৰাজহ চক্ৰত গাঁওসমূহত জলপ্ৰলয়ৰ সৃষ্টি হৈছিল ৷ মানুহে গছত উঠি প্ৰাণ বচালগীয়া ভয়ংকৰ পৰিস্থিতিৰ উদ্ভৱ হৈছিল । সেয়েহে এতিয়া নদীখনৰ দাঁতিকাষৰীয়া ৰাইজে নদীখনত বালি মাফিয়াৰ দপদপনিক লৈ শংকিত হ’বলগীয়াত পৰিছে ৷ ইপিনে নিৰ্ধাৰিত সময়ৰ ভিতৰত বালি মাফিয়া চক্ৰক কৰায়ত্ত কৰি শাস্তিৰ ব্যৱস্থা নকৰিলে ৰাইজৰ সহযোগত অসম জাতীয়তাবাদী যুৱ পৰিষদে ধেমাজি সদৰস্থিত জলসম্পদ বিভাগৰ কাৰ্যালয়ত তীব্ৰ প্ৰতিবাদ কৰাৰ হুংকাৰ প্ৰদান কৰে ৷

লগতে পঢ়ক : Erosion in jonai: বুঢ়ীয়া চাপৰিত খহনীয়াৰ ভয়ংকৰ ৰূপ, আতংকিত নৈপৰীয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.