ETV Bharat / state

Operation against drugs : জোনাইত লক্ষাধিক টকাৰ ড্ৰাগছ জব্দ

author img

By

Published : Dec 12, 2022, 9:56 PM IST

Huge amount of drugs seized at Jonai
জোনাই আৰক্ষীৰ অভিযানত লক্ষাধিক টকাৰ ড্ৰাগছ জব্দ

জোনাইৰ দুটাকৈ স্থানত আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান (Operation against drugs) ৷ অভিযান কালত আৰক্ষীয়ে জব্দ কৰে লক্ষাধিক টকাৰ ড্ৰাগছ (Huge amount of drugs seized at Jonai)৷ লগতে দুই ড্ৰাগছ ব্যৱসায়ীকো আটক আৰক্ষীৰ ৷

জোনাই আৰক্ষীৰ অভিযানত লক্ষাধিক টকাৰ ড্ৰাগছ জব্দ

জোনাই, 12 ডিচেম্বৰ: ড্ৰাগছ আৰু নিচাজাতীয় দ্ৰব্যৰ বিৰুদ্ধে আৰক্ষী তথা প্ৰশাসনে কঠোৰ স্থিতি গ্ৰহণ কৰাৰ পিচতো ৰাজ্যত অব্যাহত আছে ড্ৰাগছৰ ৰমৰমীয়া বেহা (Drugs smuggling in Assam) ৷ নিতৌ ন-ন কৌশলেৰে একংশ অসাধু চক্ৰই অব্যাহত ৰাখিছে ড্ৰাগছৰ ৰমৰমীয়া বেহা ৷

এইবাৰ জোনাইত আৰক্ষীৰ ড্ৰাগছ বিৰুদ্ধী অভিযানত বৃহৎ সফলতা (Jonai Police) । জোনাইৰ আৰক্ষী বিষয়া ভাৰ্গৱমুনি দাসৰ নেতৃত্বত দুটাকৈ স্থানত চলিছিল অভিযান (Operation against drugs) ৷ এই অভিযানত আৰক্ষীক সহযোগ কৰিছিল অৰুণাচলৰ অয়ান গাঁৱৰ এন্টি ড্ৰাগছ দল আৰু স্থানীয় দল সংগঠনে ৷

প্ৰথমে জোনাইৰ ৰোৱাদ দলুং গাঁৱৰ দীপক মিলি নামৰ ড্ৰাগছ সৰবৰাহকাৰীটোৰ ঘৰত অভিযান চলায় আৰক্ষীয়ে ৷ এই অভিযানত কিছু পৰিমাণৰ ড্ৰাগছসহ নগদ ধন আৰু তিনিটা ম’বাইল ফোন জব্দ কৰে আৰক্ষীয়ে ৷ লগতে আৰক্ষীয়ে আটক কৰে ড্ৰাগছ সৰবৰাহকাৰী দীপক মিলিক ৷ দীপক মিলিৰ স্বীকাৰুক্তিৰ ভিত্তিতেই আৰক্ষীয়ে একেখন গাঁৱৰে লিখন পেগু নামৰ লোকজনৰ ঘৰত চলাই অভিযান ৷

এই অভিযানত আৰক্ষীয়ে ১১ টা ড্ৰাগছ ভৰ্তি কন্টেইনাৰ জব্দ কৰাৰ লগতে জব্দ কৰে নগদ ৭৯ হাজাৰ টকা (Police seized drugs container) ৷ লগতে আৰক্ষীয়ে সুধ-পোচৰ বাবে আটক কৰে ড্ৰাগছ সৰবৰাহকাৰী লিখন পেগুৰ পত্নীক ৷ অৱশ্যে পলাই যাবলৈ সক্ষম হয় লিখন পেগু নামৰ সৰবৰাহকাৰীটো ৷

ইফালে জব্দকৃত ড্ৰাগছখিনিৰ বজাৰ মূল্য ১০ ৰ পৰা ১৫ লাখ টকা হ’ব বুলি সদৰী কৰিছে আৰক্ষীয়ে ৷ লগতে আৰক্ষীয়ে জব্দ কৰে কেইবাটাও খালি কণ্টেইনাৰ । উল্লেখ্য যে, জোনাইত বিগত কিছু মাহ ধৰি বিভিন্ন স্থানৰ পৰা কেবাটাও ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হৈছে ।

লগতে পঢ়ক: Panchayat offered money to rape victim : ধৰ্ষিতাৰ পিতৃক মুখ বন্ধ ৰাখিবলৈ 2 লাখ টকাৰ অফাৰ পঞ্চায়তৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.