ETV Bharat / state

পুনৰ জীয়াঢলৰ বানৰ কবলত ধেমাজিৰ বিস্তীৰ্ণ অঞ্চল

author img

By

Published : Aug 10, 2020, 1:21 AM IST

লগতে বানে ক্ষতিসাধন কৰে ৰেল আলিৰ সমীপৰ তিনি ঘৰীয়াৰ তিলেন দলে , সূৰ্য দলে , দ্বিজেন দলেৰ বাসগৃহ ৷ ফলত হাহাকাৰ পৰস্থিতিৰ সৃষ্টি হয় পৰিয়াল কেইটাৰ মাজত ৷

Flood update of Dhemaji by Jiyadhal river
পুনৰ জীয়াঢলৰ বানৰ কবলত ধেমাজিৰ বিস্তীৰ্ণ অঞ্চল

ধেমাজি, 9 আগষ্ট: বৰ্তমানেও বানৰ কৱলত ৰাজ্যৰ চাৰিখনকৈ জিলা ৷ বানৰ কৱলৰ পৰা মুক্ত হব পৰা নাই লখিমপুৰ, ধেমাজি, মৰিগাঁও আৰু বাক্সা জিলাৰ বহু পৰিয়াল ৷ ইয়াৰ মাজতে পুনৰ জীয়াঢলৰ বানৰ কবলত পৰিছে ধেমাজিৰ বিস্তীৰ্ণ অঞ্চল ৷ দেওবাৰে পুনৰ জীয়াঢলৰ বাঢ়নী পানীত বুৰ যায় দিহিৰি কেকুৰী, ভজোগাঁও ,শালমাৰী, পাভমাৰী, জীয়াঢল চাৰিআলি, হেচুলি আদি গাঁৱৰ বিস্তীৰ্ণ অঞ্চল ৷ লগতে বানে ক্ষতিসাধন কৰে ৰেল আলিৰ সমীপৰ তিনি ঘৰীয়াৰ তিলেন দলে , সূৰ্য দলে , দ্বিজেন দলেৰ বাসগৃহ ৷ ফলত হাহাকাৰ পৰস্থিতিৰ সৃষ্টি হয় পৰিয়াল কেইটাৰ মাজত ৷

পুনৰ জীয়াঢলৰ বানৰ কবলত ধেমাজিৰ বিস্তীৰ্ণ অঞ্চল

ইপিনে বৰ্তমানেও অঞ্চলটোত প্ৰশাসনে কোনো আশ্ৰয় শিবিৰ ব্যৱস্থা কৰা নাই ৷ তদুপৰি নাম মাত্ৰ বান সাহাৰ্য প্ৰদান কৰাক লৈ অসন্তুষ্ট হৈ পৰিছে বানাক্ৰান্ত পৰিয়াল ৷ আনহাতে দেওবাৰে আবেলি পৰ্যন্ত জীয়াঢলৰ পানীয়ে জীয়াঢল চাৰিআলিৰ 15 নং ৰাষ্ট্ৰীয় ঘাই পথৰ দাঁতিকাষৰীয়া অঞ্চল প্লাৱিত কৰিছে ৷ এনেদৰে পানী বাঢ়ি থাকিলে যিকোনো মুহূৰ্ততে ঘাই পথৰ ওপৰে বাঢ়নী পানী বাগৰাৰ আশংকা কৰিছে ৰাইজে ৷

লগতে পঢ়কঃ সত্য ঘটনাক গাপ দিয়াৰ চেষ্টা বিধায়িকা আঙুৰলতাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.