ETV Bharat / state

Training in oil palm cultivation in Dhemaji: ধেমাজিত তৈলপাম খেতিৰ প্ৰশিক্ষণ প্ৰদান

author img

By

Published : Mar 1, 2023, 9:19 PM IST

NMEO-OP আচঁনিৰ অধীনত ধেমাজি জিলা বিভিন্ন প্ৰান্তত কৃষকসকলক প্ৰদান কৰা হৈছে তৈলপাম খেতিৰ প্ৰশিক্ষণ(Farmers training on oil palm cultivation in Dhemaji) । তৈলপাম খেতিৰ প্ৰয়োজনীয়তা আৰু উপকাৰিতাৰ বাবে কৃষকক অৱগত কৰোৱাৰ উদ্দেশ্যৰে কৃষকসকলক প্ৰদান কৰা হৈছে এই প্ৰশিক্ষণ ।

Training in oil palm cultivation in Dhemaji
ধেমাজিত তৈলপাম খেতিৰ প্ৰশিক্ষণ প্ৰদান

ধেমাজিত তৈলপাম খেতিৰ প্ৰশিক্ষণ প্ৰদান

ধেমাজি,১ মাৰ্চ: NMEO-0P আচঁনিৰ অধীনত ধেমাজি জিলা বিভিন্ন ঠাইত প্ৰশিক্ষণ প্ৰদান কৰি ৰাইজক তৈলপাম খেতিৰ প্ৰয়োজনীয়তাৰ বিষয়ে অৱগত কৰি অহা হৈছে । বুধবাৰে ধেমাজি জিলা কৃষি কাৰ্য্যালয়ৰ চৌহদৰ জ্ঞান কেন্দ্ৰ তথা প্ৰশিক্ষণ ভৱনতো তৈলপামৰ বিষয়ে কৃষক সকলক প্ৰশিক্ষণ প্ৰদান কৰা হয়(Farmers training on oil palm cultivation in Dhemaji) । প্ৰশিক্ষণ প্ৰদান কৰে লুইত এডুকেচনেল চাৰ্ভিচেছ প্ৰাইভেট লিমিটেডেৰ প্ৰশিক্ষক অভিজ্ঞান ৰাজখোৱাই(Training in oil palm cultivation in Dhemaji ) ।

লগতে এই প্ৰশিক্ষণ অনুষ্ঠানত উপস্থিত থাকে জ্যেষ্ঠ কৃষি উন্নয়ন বিষয়া নাচেৰ ৰেজ্জাক, ধেমাজি কৃষি উন্নয়ন বিষয়া ৰেখাংকণা পেগু আৰু কৃষি সম্প্ৰসাৰণ সহায়কসকল । উল্লেখযোগ্য যে তৈলপাম হ'ল খেজুৰৰ দৰে এবিধ গছ । ইয়াৰ ফলবোৰ তামোলৰ দৰে । ফলৰ বাকলিৰ পৰা যন্ত্ৰৰ সহায়ত তেল নিষ্কাশন কৰি পৰিশোধিত ৰূপত খোৱা তেল হিচাপে ব্যৱহাৰ কৰা হয় ।

প্ৰসাধন, খাদ্য আদিতো এই পাম তেলৰ ব্যৱহাৰ প্ৰচুৰ । আনহাতে অইন খোৱা তেলৰ লগতো ইয়াক মিহলোৱা হয় । আমাৰ দেশত প্ৰয়োজনীয় চাহিদাৰ মুঠ খোৱা তেলৰ আধা অংশ বিদেশৰ পৰা আমদানি কৰিবলগীয়া হয় । আমদানি কৰা তেলৰ বেছিভাগেই পাম তেল । গতিকে দেশৰ অৰ্থনীতিত পাম তেলৰ গুৰুত্ব উপলব্ধি কৰি ভাৰত চৰকাৰে ৰাষ্ট্ৰীয় ভোজ্য তেল অভিযান তৈলপাম (National Mission on Edible Oils) নামৰ নতুন এখন আঁচনি প্রবর্তন কৰিছে ।

এইক্ষেত্ৰত প্ৰশিক্ষক অভিজ্ঞান ৰাজখোৱাই কয় যে এই আঁচনিৰ দ্বাৰা কৃষকে যথেষ্ট উপকৃত হ’ব পাৰিব । যিহেতু কম দামত ভাল তেল খাব পাৰিব ৷ চৰকাৰৰ ফালৰ পৰাও যথেষ্ট সহায় সহযোগ কৰা হ'ব ৷ সৰিয়হ খেতিৰ তুলনাত ইয়াৰ উৎপাদনো অধিক হয় । প্ৰতি হেক্টৰত চাৰিটন পৰ্যন্ত উৎপাদন হয় ৷ সেয়ে চৰকাৰে উত্তৰ পূৰ্বাঞ্চলৰ লগতে আন্দামান নিকোবৰ দ্বীপপুঞ্জত এই খেতি কৰাত গুৰুত্ব আৰোপ কৰাৰ বিষয়ে উল্লেখ কৰে ৷ এই আঁচনিৰ দ্বাৰা তৈলপামৰ উৎপাদন কৰিবলৈ ইচ্ছুক খেতিয়কলৈ বিভিন্ন ধৰণৰ সহায়-সহযোগ আগবঢ়োৱা লক্ষ্য হাতত লোৱা হৈছে বুলিও মন্তব্য কৰে ৷

লগতে পঢ়ক: Boro representatives of Bangladesh in Assam: বাংলাদেশৰ বড়োমূলীয় প্ৰতিনিধিৰে বি কে ডব্লিউ এচি, ইউ বি পি অ’ৰ আলোচনা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.