Jiadhal Reserve Forest Destruction : ধ্বংসৰ মুখলৈ গতি ধেমাজিৰ জীয়াঢল সংৰক্ষিত বনাঞ্চল

author img

By

Published : Dec 7, 2021, 10:09 PM IST

Jiadhal Reserve Forest Destruction

অবাধ বন ধ্বংস যজ্ঞ চলিছে ধেমাজিত ৷ জীয়াঢল সংৰক্ষিত বনাঞ্চলত বনদস্যুৰ হাঁতোৰা (Jiadhal Reserve Forest Destruction) ৷ অত্যাধুনিক যন্ত্ৰৰে প্ৰকাণ্ড গছসমূহ কাটি কৰিছে তহিলং ৷ উদ্বিগ্ন স্থানীয় ৰাইজ তথা দল-সংগঠনসমূহ ৷

ধেমাজি, 7 ডিচেম্বৰ : এফালৰ পৰা উদং হৈছে সংৰক্ষিত বনাঞ্চলৰ মূল্যবান শিশু আৰু খৈৰ বাগান ৷ চকুমুদা কুলিৰ ৰূপত ধেমাজিৰ জিলা বন বিষয়াৰ কাৰ্যালয়ৰ বিষয়া কৰ্মচাৰী ৷ ইয়াৰ সুযোগ লৈ ধেমাজিৰ জিলা বন বিষয়াৰ কাৰ্যালয়ৰ একাংশ বিষয়া-কৰ্মচাৰীৰ সৈতে মিতিৰালি কৰি প্ৰতি নিশাই কাটি আহিছে বহু মূল্যৱান গছ ৷ এই অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে ৷

এতিয়া অভিযোগৰ আঙুলি প্ৰত্যক্ষভাৱে উঠিছে ধেমাজিৰ জিলা বন বিষয়াৰ কাৰ্যালয় (Dhemaji District Forest Office) লৈ ৷ শেহতীয়াকৈ ধেমাজি বন সংমণ্ডলৰ অন্তৰ্গত জীয়াঢল সংৰক্ষিত বনাঞ্চল (Jiadhal Reserve Forest)ত বনদস্যুৱে বিগত ৩-৪ দিনত এফালৰ পৰা অত্যাধুনিক যন্ত্ৰেৰে প্ৰতি নিশাই বনাঞ্চলখনৰ অতি মূল্যবান শিশুগছ সমূহ কাটি কৰিছে তহিলং (Dhemaji Jiadhal Reserve Forest Destruction) ৷ নিশাই ট্ৰেক্টৰ অথবা সৰু বাহনেৰে উলিয়াই লৈ গৈছে শিশু গছৰ কাঠবোৰ ৷

Jiadhal Reserve Forest Destruction
অবাধ বন ধ্বংস যজ্ঞ চলিছে ধেমাজিত

আৰু নিব নোৱাৰা অৱশিষ্ট কাঠবোৰ কটা অৱস্থাতেই এৰি গৈছে বনাঞ্চলৰ মাজতে ৷ এনেদৰে বনাঞ্চলখনত চলি অহা বনধবংসক লৈ উদ্বিগ্ন হৈ পৰিছে স্থানীয় ৰাইজ তথা দল সংগঠনসমূহ ৷ মন কৰিবলগীয়া যে, জীয়াঢল বনাঞ্চলৰ পৰা মাত্ৰ তিনিশ মিটাৰ দূৰত্বত অৱস্থিত বন বিভাগৰ এটা কাৰ্যালয় ৷

ধ্বংসৰ মুখলৈ গতি ধেমাজিৰ জীয়াঢল সংৰক্ষিত বনাঞ্চল

কিন্তু দেখিও যেন নিমাত বনকৰ্মী সকল ৷ অভিযোগ অনুসৰি, বন বিভাগৰ একাংশ কৰ্মচাৰীৰে মিলি অসাধু চক্ৰটোৱে কৰি গৈছে বন ধ্বংস ৷ বন বিভাগৰ এনে নিষ্ক্ৰিয়তাৰ সুযোগ লৈ বন মাফিয়াই ১৮১৬ হেক্টৰ মাটিকালিযুক্ত জীয়াঢল বনাঞ্চলত অবাধ প্ৰৱেশেৰে এফালৰ পৰা কাটি গৈছে বনাঞ্চলখনৰ মূল্যবান শিশু, খৈৰ আদিকে ধৰি মূল্যবান গছসমূহ ৷

Jiadhal Reserve Forest Destruction
ধ্বংসৰ মুখলৈ গতি ধেমাজিৰ জীয়াঢল সংৰক্ষিত বনাঞ্চল

লগতে পঢ়ক : চলা সংৰক্ষিত বনাঞ্চল সংৰক্ষণৰ দায়িত্ব লৈছে ৰাইজে

ধেমাজি নগৰৰ আয়ুসৰেখা তথা ধেমাজিবাসীৰ ৰক্ষাকৱজ হিচাপে খ্যাত জীয়াঢল সংৰক্ষিত বনাঞ্চলখনে জীয়াধল নদীৰ পৰা প্ৰতিৰোধ কৰি আহিছে উত্তৰ ধেমাজিৰ বৃহত্তৰ অঞ্চলক ৷ যদিহে এনেদৰে গছ কটা অব্যাহত থাকে, তেন্তে জীয়াঢল নদীৰ গৰাখহনীয়াই (Jiadhal River Erosion) অতি শীঘ্ৰে ধাৰণ কৰিব কালৰূপ ৷ যাৰ ফলত জীয়াধল নদীৰ বুকুত জাহ যাব লাগিব ধেমাজি নগৰ ৷ যাক লৈ এতিয়া চৰম উদ্বিগ্নতা প্ৰকাশ কৰিছে প্ৰকৃতি প্ৰেমীৰ লগতে স্থানীয় দল-সংগঠনসমূহে ৷

এতিয়া প্ৰশ্ন হয়, ৰক্ষকে ভক্ষকৰ ৰূপ লোৱা এই সকল বন বিষয়া কৰ্মচাৰীৰ বিৰুদ্ধে উচিত তদন্ত কৰিবলৈ সাহস কৰিবনে ৰাজ্যৰ বন মন্ত্ৰীগৰাকীয়ে ? তাৰোপৰি স্থানীয় ধেমাজি জিলা প্ৰশাসনে এই লৈ কোনে স্থিতি গ্ৰহণ কৰে সেয়াও হ’ব লক্ষণীয় ৷

লগতে পঢ়ক : Pabha Reserve Forest: পাভ সংৰক্ষিত বনাঞ্চলত চলিব উচ্ছেদ অভিযান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.