অভয়াৰণ্য হিচাপে ঘোষিত হ'ব নেকি বিহালী সংৰক্ষিত বনাঞ্চল ?

author img

By

Published : Sep 8, 2021, 10:20 AM IST

Behali reserve forest

বহু বিলুপ্তপ্ৰায় জীৱ-জন্তু, চৰাই, উদ্ভিদ আদিৰে ভৰা বিহালী সংৰক্ষিত বনাঞ্চল । কিন্তু আজিলৈ চৰকাৰৰ সু-দৃষ্টি নপৰিল সংৰক্ষিত বনাঞ্চলখনত । যাৰ বাবে বিভিন্ন দল-সংগঠনে বনাঞ্চলখনক অভয়াৰণ্য হিচাপে ঘোষণা কৰিবলৈ দাবী উত্থাপন কৰি আহিছে । ৰাইজৰ এনে দাবীৰ পাছতে মুখ্যমন্ত্ৰীৰ নিৰ্দেশত বনাঞ্চলখনত উপস্থিত হয় স্থানীয় বিধায়ক, বন বিভাগৰ শীৰ্ষ বিষয়াৰ এটা দল ।

বিশ্বনাথ, ৮ ছেপ্টেম্বৰ : মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ বিহালী বনাঞ্চলক লৈ বিশেষ পদক্ষেপ ৷ বিশ্বনাথ জিলাৰ বিহালী সমষ্টি তথা উত্তৰ অসমৰ অন্যতম সংৰক্ষিত বনাঞ্চল বিহালী সংৰক্ষিত বনাঞ্চলক (Bihali Reserved Forest) অভয়াৰণ্যৰ মান্যতা দিয়াৰ পদক্ষেপ হিচাপে মুখ্যমন্ত্ৰীৰ নিৰ্দেশত বিহালী সংৰক্ষিত বনাঞ্চল পৰিদৰ্শন কৰে মুখ্য বন্য প্ৰাণীৰ অধীক্ষক তথা এমট্ৰ'নৰ অধ্যক্ষ এম কে যাদৱে ৷

উল্লেখযোগ্য যে, বিহালী সংৰক্ষিত বনাঞ্চলক অভয়াৰণ্য হিচাপে ঘোষণা কৰাৰ বাবে দাবী তুলি আহিছে বিশ্বনাথ-বিহালীৰ বিভিন্ন দল সংগঠনৰ লগতে বিহালীৰ বেদেতী নেচাৰ্চ বন্যপ্ৰাণে । ইফালে মঙলবাৰে অসম চৰকাৰৰ বন বিভাগৰ মুখ্য বন্য প্ৰাণীৰ অধীক্ষক তথা এমট্ৰ'নৰ অধ্যক্ষ এম কে যাদৱ লগতে বহু কেইজন উচ্চ পৰ্যায়ৰ বন বিষয়া, উত্তৰ অসমৰ সংমণ্ডৰ বন বিষয়া, বিশ্বনাথ জিলা বন সংমণ্ডল বিষয়া লগতে বিহালী সমষ্টিৰ বিধায়ক ৰঞ্জিত দত্ত উপস্থিত হয় বিহালী সংৰক্ষিত বনাঞ্চলত ।

Behali reserve forest
বিহালী সংৰক্ষিত বনাঞ্চল

উপস্থিত হৈ বনাঞ্চল পৰিদৰ্শন কৰে বন বিভাগৰ দলটোৰ লগতে বিধায়ক ৰঞ্জিত দত্তই । দলটোৰ সৈতে উপস্থিত থাকে বিহালীৰ বেদেতী নেচাৰ্চ বন্যপ্ৰাণৰ এটা দল ।

উক্ত দলটোৱে মুখ্য বন্য প্ৰানী অধীক্ষক এম কে যাদৱক বিহালী সংৰক্ষিত বনাঞ্চলখন শীঘ্ৰে অভয়াৰণ্য হিচাপে ঘোষণা কৰাৰ দাবীত এখন স্মাৰক পত্ৰ প্ৰদান কৰে । বিৰল প্ৰজাতিৰ উদ্ভিদেৰে বিশ্বনাথৰ বিহালী বনাঞ্চলে এক স্বকীয় গৰিমাৰে উজ্বলি উঠিছে সমগ্ৰ বিশ্বত ৷ ক্লৰ'ফাইটাম আছামিকাম (Chlorophytum assamicum) নামৰ উদ্ভিদজোপা পৃথিৱীৰ ভিতৰত কেৱল বিহালী বনাঞ্চলতে পোৱা যায় ।

বিলুপ্তিৰ পথত থকা এই উদ্ভিদৰ মাত্ৰ ১৮ জোপাহে আছে বিহালী বনাঞ্চলত । এই ক্লৰ'ফাইটাম আছামিকাম উদ্ভিদজোপাৰ ৰক্ষণাবেক্ষণ বা সংৰক্ষণৰ ক্ষেত্ৰত চৰকাৰে এতিয়ালৈ কোনো ব্যৱস্থা লোৱা নাই । তদুপৰি অসমৰ ৰাজ্যিক চৰাই দেও হাঁহ আৰু অসমৰ ৰাজ্যিক ফুল ফক্সটেইল অৰ্কিড এই বিহালী বনাঞ্চলত পোৱা যায় ।

Behali reserve forest
বিহালী সংৰক্ষিত বনাঞ্চল

জৈৱ-বৈচিত্ৰৰ সম্ভৱনাপূৰ্ণ উত্তৰ অসমৰ বিহালী সংৰক্ষিত বনাঞ্চলত বহু বিৰল উদ্ভিদৰ অৱস্থিতি ধৰা পেলাইছে গুৱাহাটী বিশ্ববিদ্যায়ত অধ্যয়নৰত গৱেষণা বিভাগৰ বিশ্বনাথৰ স্থানীয় যুৱক ৰঞ্জিত কাকতি, ৰাজীৱ গান্ধী বিশ্ববিদ্যালয়ৰ উদ্ভিদ বিজ্ঞানৰ গৱেষক তথা গোৱালপাৰা মহাবিদ্যালয়ৰ প্ৰবক্তা দীপাংকৰ বৰা আৰু নেচাৰ্ছ বন্যপ্ৰাণৰ পৰীক্ষিত কাফলেৰ গৱেষক দলে ৷ বিলুপ্তিৰ পথত থকা ঔষধি গুণ সম্পন্ন এৰিষ্টোলচিয়া আছামিকা,জেলিওলা নুডিফোলিয়া অর্কিড,পেল্লেঅ'লা ছানথাচ মেক্ৰফাইলাভাৰ,১৫০ বছৰ ধৰি সন্ধানহীন হৈ থকা ইষ্ট হিমালায়ন টুপিষ্টা, শতমূল আৰু বন কমলা আদি উল্লেখনীয় ৷

ঔষধি গুণ সম্পন্ন এই উদ্ভিদসমূহক যদি চৰকাৰে এতিয়াই সংৰক্ষিত কৰি নাৰাখে ভৱিষ্যতে অসমে এই বনাঞ্চলৰ লগতে নতুনকৈ আৱিষ্কৃত উদ্ভিদসমূহ হেৰুৱাব ৷

বিহালী বনাঞ্চলত ৩০০ তকৈও অধিক প্ৰজাতিৰ ফুলৰ প্ৰজাতি, ২৮২ প্ৰকাৰৰ চৰাই, ২৭৫ টা ভিন্ন প্ৰজাতিৰ পখিলা, ৪০ বিধ স্তন্যপায়ী প্ৰাণী, ২৩ টা সৰীসৃপ, ১২ টা কাছ আৰু বহুতো জীৱ-জন্তু পোৱা যায় । ঢেঁকীয়াপতীয়া বাঘৰ অৱস্থিতিও ধৰা পৰিছে এই বনাঞ্চলত । বিপদাপন্ন টুপি মুৰীয়া বান্দৰ আৰু লাজুকী বান্দৰৰ বাবেও জনাজাত বিহালী বনাঞ্চল ।

ইয়াৰ পাছতো সংকটৰ গৰাহত বিশ্বনাথৰ বিহালী সংৰক্ষিত বনাঞ্চল । জৈৱ-বৈচিত্ৰতাৰ ভৰাঁল বনাঞ্চলখনক অভয়াৰণ্য হিচাপে ঘোষণা কৰাৰ দাবী বিশ্বনাথবাসীৰ । ১৯১৭ চনতে ঘোষণা কৰা বিহালী সংৰক্ষিত বনাঞ্চলৰ মুঠ ভৌগোলিক এলেকা আছিল প্ৰায় ১৪০ বৰ্গ কিলোমিটাৰ, যাৰ ভিতৰত বৰ্তমান মাত্ৰ ৬০ বৰ্গ কিলোমিটাৰ মানহে অক্ষত অৱস্থাত আছে ।

এসময়ত বিশ্বনাথ আৰু নদুৱাৰ সংৰক্ষিত বনাঞ্চলৰ মাজত অৱস্থিত এই বনাঞ্চল এতিয়া বেদখলৰ কৱলত ৷ পূৱৰ পাক্কে আৰু নামেৰী ব্যঘ্ৰ সংৰক্ষিত বনাঞ্চল, পশ্চিমৰ চিংলিজান, ছয়দুৱাৰ, দুলুং আৰু কাকৈক সংযোগ কৰিছিল এই বনাঞ্চলখনে । যাৰ ফলত বিপদাপন্ন হাতী আৰু অন্যান্য বন্যপ্ৰাণী সমূহৰ প্ৰব্ৰজনৰ এক মুকলি পথৰ সৃষ্টি হৈছিল । কিন্তু বৰ্তমান বনাঞ্চলখনলৈ নামি আহিছে চৰম ভাবুকি ৷

অঞ্চলটোৰ এদল গৱেষক তথা নেচাৰ্চ বন্যপ্ৰানৰ সদস্য সকলে এই বনাঞ্চলত ইতিমধ্যে গৱেষণা চলাইছে ৷ এই গৱেষকসকলে এতিয়ালৈকে প্ৰায় ২৯০ বিধ স্থানীয় সপুষ্পক উদ্ভিদৰ প্ৰজাতি,৩৯ বিধ স্তন্যপায়ী প্ৰাণী, ২৮০ বিধ চৰাই, ২৩ বিধ সাপ, ১১ বিধ কাছ, ১১ বিধ জেঠী, ১২ বিধ উভচৰ প্ৰাণী, ২৫০ ৰো অধিক পখিলা সংৰক্ষিত অঞ্চলত আছে বুলি সদৰি কৰিছে ।

প্ৰতিবছৰে কৰা প্ৰতিটো জৰীপৰ অন্তত অধিক নতুন প্ৰজাতিৰ যোগ হৈয়েই আছে । এই প্রাণীসমূহৰ ভিতৰত ৩৬ বিধ প্রজাতিৰ প্রাণীক বিলুপ্তপ্ৰায় বুলি International Union for Conservation of Nature (IUCN) য়ে চিনাক্ত কৰিছে ৷

গৱেষণা আৰু অন্বেষণমূলক বৈজ্ঞানিক কাৰ্যকলাপত এই অঞ্চলটো কেইবা দশক ধৰি অৱহেলিত হৈ আহিছে । শেহতীয়া জৰীপৰ অন্তত তেওঁলোকে বিজ্ঞানৰ পৃথিৱীত তিনিটা নতুন উদ্ভিদ প্ৰজাতিৰ লগতে কেইবাটাও আকৰ্ষণীয় উদ্ভিদ আৰু প্রাণী প্ৰজাতিৰ বৰ্ণনা কৰি অভিলেখৰ সৃষ্টি কৰিছে । এই সংৰক্ষিত বনাঞ্চলত পোৱা প্রাণীবোৰৰ বহু সংখ্যকেই বিপদাপন্ন । ইফালে ইয়াত সুৰক্ষাকৰ্মী নথকাৰ বাবে অঞ্চলটোত হস্তী-মানুহৰ সংঘাত দৈনিক বৃদ্ধি পাব ধৰিছে ৷

আনহাতে, অৰুণাচলৰ অনাধিকাৰ আগ্ৰাসনৰ ফলত বনাঞ্চলখনৰ পৰিসীমা ক্ৰমান্বয়ে সৰু হৈ পৰা পৰিলক্ষিত হৈছে ৷ যদিহে চৰকাৰ এতিয়াই উচিত ব্যৱস্থা গ্ৰহণ নকৰে পৰৱৰ্তী সময়ত বিৰল জীৱকুলসমূহ বনাঞ্চলৰ পৰা নিঃশেষ হৈ যোৱাটো ধুৰূপ ! বিশ্বনাথবাসীৰ এই দাবীক চৰকাৰে কিদৰে গ্ৰহণ কৰে পৰৱৰ্তী সময়তহে পৰিলক্ষিত হ'ব ৷

বিভিন্ন জীৱ-জন্তুৰে ভৰি থকা এই বনাঞ্চল পৰ্যটকসকলে উপভোগ কৰাৰ লগতে গছ-গছনিৰে ভৰা প্ৰাকৃতিক সৌন্দৰ্য্য উপভোগ কৰাৰ থল আছে । ইফালে বিহালীৰ বিধায়ক ৰঞ্জিত দত্তই বিহালী সংৰক্ষিত বনাঞ্চলক শীঘ্ৰেই অভয়াৰণ্যলৈ ৰূপান্তৰিত কৰাৰ বাবে বিধান সভাত বিষয়টো উত্থাপন কৰিব বুলি জানিব পৰা গৈছে । মুঠতে চৰকাৰে এই বনাঞ্চলক অভয়াৰণ্য হিচাপে ঘোষণা কৰাৰ দিনটোলৈ অপেক্ষা বিশ্বনাথবাসীৰ ।

লগতে পঢ়ক :চাহ জনজাতি লোকক চাইকেল বিতৰণ বিধায়ক জিতু গোস্বামীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.