Pabha Reserve Forest: পাভ সংৰক্ষিত বনাঞ্চলত চলিব উচ্ছেদ অভিযান

author img

By

Published : Nov 30, 2021, 4:05 PM IST

Pabha De Reserve

লখিমপুৰৰ পাভ সংৰক্ষিত বনাঞ্চলত অতিশীঘ্ৰেই প্ৰশাসনে চলাব উচ্ছেদ অভিযান (Eviction in Pabha Reserve Forest)৷ বনাঞ্চলখনত বেদখল কৰি থকা পৰিয়ালসমূহলৈ ইতিমধ্যে প্ৰশাসনে প্ৰেৰণ কৰিছে উচ্ছেদৰ জাননী ৷

নাওবৈচা, 30 নৱেম্বৰ: ৰাজ্য চৰকাৰৰ নিৰ্দেশমৰ্মে চৰকাৰী ভূমিত অবৈধভাৱে বসবাস কৰা লোকসকলৰ উচ্ছেদ অভিযান অব্যাহত আছে ৷ ইতিমধ্যে গৰুখুঁটি আৰু লামডিং বনাঞ্চলত অবৈধ ভাৱে বসবাস কৰা লোক সকলক ৰাজ্য চৰকাৰে উচ্ছেদ কৰিছে । ইয়াৰ সমান্তৰালভাৱে লখিমপুৰৰ পাভ সংৰক্ষিত বনাঞ্চলটো উচ্ছেদ কৰাৰ বাবে ৰাজ্য চৰকাৰৰ সাজু হৈছে ।

উল্লেখযোগ্য যে ৪৯০০বৰ্গ কিলোমিটাৰে আৱৰি থকা ৰাণী ভিক্টোৰিয়াৰ যুগতে অভয়াৰণ্য হিচাপে স্বীকৃতি পোৱা বনৰীয়া মহৰ বাবে বিখ্যাত পাভ সংৰক্ষিত বনাঞ্চল(Pabha Reserve forest)ৰ সৰহসংখ্যক ভূমিয়েই সন্দেহজনক লোকে ঘৰ বাৰী সাজি বেদখল কৰি আহিছিল(Encroachment in Pabha Reserve forest)। যাৰ ফলত বনাঞ্চলখন জন অৰণ্যলৈ পৰিণতিত হল ।

পাভ সংৰক্ষিত বনাঞ্চলত চলিব উচ্ছেদ অভিযান

শেহতীয়াকৈ ৰাজ্য চৰকাৰে পাভ সংৰক্ষিত বনাঞ্চলত উচ্ছেদ চলোৱা (Eviction in Pabha Reserve forest) ৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে । ইতিমধ্যে হাৰমতী আঞ্চলিক বন কাৰ্য্যালয়(Harmoti Forest Range Office)ৰ পৰা বনাঞ্চলখনত বেদখল কৰা পৰিয়ালসমূহলৈ ১৫ দিনৰ সময়সীমা বান্ধি জাননী প্ৰেৰণ কৰিছে (Notice issued to encroached families with a deadline) । ইফালে বন বিভাগৰ পৰা জাননী লাভ কৰাৰ পিছতে বনাঞ্চলখনত অবৈধভাৱে বসবাস কৰি থকা একাংশ লোকে এৰিছে ঘৰ-দুৱাৰ ৷ বনাঞ্চলৰ ভূমিত একাংশ সন্দেহজনক লোকৰ লগতে মিচিং জনগোষ্ঠীয় বহু পৰিয়ালে ভূমি বেদখল কৰি সৰিয়হ-ধান খেতি কৰি ব্যাপক বেদখল কৰি আহিছে । উদ্বেগৰ বিষয় এই যে বনাঞ্চলখনত বসবাস কৰাৰ বিনিময়ত বন বিভাগৰ বনকৰ্মী জনৈক বাণীকান্ত নামৰ এজনৰ লগতে বন বিষয়া সকলে সেই স্থানত বসবাস কৰা পৰিয়াল সমূহৰ পৰা হাঁহ-মুৰ্গীৰ লগতে মোটা অংকৰ ধন লৈ আহিছে বুলি বেদখলকাৰীসকলে অভিযোগ উত্থাপন কৰিছে ।

আনহাতে দৰঙৰ গৰুখুঁটিৰ দৰে ঘটনাৰ পুনৰাবৃত্তি নহওক বুলিয়ে তেওঁলোকে উচ্ছেদৰ পূৰ্বেই নিজৰ ঘৰ-দুৱাৰ এৰি অন্য স্থানলৈ যাবলৈ আৰম্ভ কৰিছে । আনহাতে যিসকল দালালে বেদখলকাৰীসকলক ধনৰ বিনিময়ত বনাঞ্চলখনত মাটি প্ৰদান কৰিছিল, তেওঁলোকৰ ওপৰত বিহীত ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে উচ্ছেদৰ কৱলত পৰিবলগীয়া লোকসকলে ৷

লগতে পঢ়ক: Lumding reserve forest encroachment : দালালৰে মিতিৰালি বন বিভাগৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.