Poba rain forest : পবা বৰ্ষাৰণ্যলৈ পৰ্যটকক আকৰ্ষণ কৰিবলৈ টীম জোনাইৰ প্ৰয়াস

author img

By

Published : Nov 17, 2021, 5:09 PM IST

Painting on tree by team Jonai

গছ-গছনি, বিভিন্ন পক্ষী আৰু চিয়াং নৈয়ে পৰ্যটকক হাতবাউল দি মাতে জোনাইৰ পবা বৰ্ষাৰণ্যলৈ । মনোমোহা প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰি মন পুলকিত হয় পৰ্যটকৰ । এতিয়া পবাৰ সৌন্দৰ্য বৰ্দ্ধনৰ উদ্দেশ্যেৰে আগবাঢ়ি আহিছে টীম জোনাই ।

জোনাই, ১৭ নৱেম্বৰ: প্ৰাকৃতিক সম্পদেৰে ভৰপূৰ ধেমাজি(Dhemaji) জিলাৰ একমাত্ৰ সংৰক্ষিত বনাঞ্চল 'পবা'(Poba forest reserve) । বনাঞ্চলখনৰ সৌন্দৰ্য দুগুণে বৃদ্ধি কৰে চিয়াং নৈয়ে । বনভোজৰ বাবে প্ৰতি বছৰে চিয়াং নদী(Siang river)ৰ পাৰলৈ আহে বনভোজৰ দল । সেউজীয়া বনাঞ্চল, পৰিভ্ৰমী পক্ষী চাবলৈ আহে পৰ্যটক ।

সেয়ে, পৰ্যটকক আকৰ্ষিত কৰিবলৈ এক ব্যতিক্ৰমী পদক্ষেপ হাতত লৈছে টীম জোনাই(Team Jonai)ৰ সদস্যসকলে । সোমবাৰৰ পৰা হাতে হাতে ব্ৰাছ লৈ টীম জোনাইৰ কৰ্মকৰ্তাসকলে বনাঞ্চলখনৰ গছবোৰত ৰং সানি সুন্দৰ কৰি তোলাৰ প্ৰয়াস কৰিছে । লগতে পবাৰ তিনামাইল বিটৰ সমীপত 'I LOVE POBA' বুলি লিখা এখন ফলকো স্থাপন কৰে ৷

পবা বৰ্ষাৰণ্যলৈ পৰ্যটকক আকৰ্ষণ কৰিবলৈ টীম জোনাইৰ প্ৰয়াস

জোনাইৰ পবা বনাঞ্চলৰ পৰ্যটনৰ আৰ্কষণৰ অন্যতম স্থান তিনিমাইল বিটৰ চিয়াং নৈৰ পাৰত অসমৰ বিভিন্ন বিদ্যালয়-মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে ক্ষেত্ৰ অধ্যয়ন কৰিবলৈ আহে । বছৰৰ প্ৰতিটো সময়তে এই তিনিমাইল বিটলৈ আহে পৰ্যটক ৷

চিয়াং নৈৰ নৈসৰ্গিক সৌন্দৰ্য্যৰ লগতে পৰিভ্ৰমী পক্ষীয়ে আকৰ্ষিত কৰে পৰ্যটকক । সকলোকে লগ হৈ পবাক সংৰক্ষণ কৰিবলৈ আহ্বান জনাইছে টীম জোনাইৰ কৰ্মকৰ্তাসকলে । উল্লেখ্য যে, ১৯২৪ চনতে পবাক সংৰক্ষিত বনাঞ্চল হিচাপে ঘোষণা কৰা হৈছিল । প্ৰায় ১০,২২১ হেক্টৰ ভূমি আৱৰি আছে পবা সংৰক্ষিত বনাঞ্চলে ।

লগতে পঢ়ক:Martyr Suman Swargiary ৰ সমাধিৰ কাষত ৰৈ আলফা(স্বা)ক আলোচনাৰ আহ্বান মুখ্যমন্ত্ৰীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.