ETV Bharat / state

ডাম্পাৰৰ বেটাৰী চোৰৰ মূল অভিযুক্ত ভাইজানসহ চাৰি চোৰক আটক

author img

By ETV Bharat Assamese Team

Published : Jan 5, 2024, 7:38 AM IST

Dumper battery thief : চোৰৰ টিঘিলঘিলনিয়ে টোপনি হৰিছে জোনাইবাসীৰ ৷ বৃহস্পতিবাৰে জোনাইত চাৰিটাকৈ বেটাৰী চোৰক আটক কৰে নিখিল বড়ো ছাত্ৰ সন্থাই ।

dumper battery thief
চাৰি চোৰক আটক

চাৰি চোৰক আটক

জোনাই, 5 জানুৱাৰী : জোনাইত গাড়ীৰ বেটাৰী চোৰৰ উপদ্ৰৱে নিদ্ৰাহৰণ কৰিছে সাধাৰণ ৰাইজৰ । নিশা হ’লেই এতিয়া অঞ্চলটোত চোৰৰ উপদ্ৰৱ । বৃহস্পতিবাৰে জোনাইত চাৰিটাকৈ বেটাৰী চোৰক আটক কৰে নিখিল বড়ো ছাত্ৰ সন্থাই ।

জানিব পৰা মতে, জোনাই মিগম দলুংৰ পৰা প্ৰথমে তিনিটা বেটাৰী চোৰক আটক কৰে নিখিল বড়ো ছাত্ৰ সন্থাৰ জোনাই আঞ্চলিক সমিতিৰ সদস্যসকলে । আটক হোৱা তিনি বেটাৰী চোৰ ক্ৰমে অৰুণাচল প্ৰদেশৰ নাৰীৰ কাদোত তাগো, জোনাইৰ বাবু দ’লে আৰু অজয় টায়ুং ।

পৰৱৰ্তী সময়ত ধৃত তিনি বেটাৰী চোৰৰ মন্তব্য অনুসৰি, ৰুকচিনৰ পৰা বেটাৰী চোৰৰ মূল অভিযুক্ত ভাইজান ওৰফে মহিবুল ইছলামক আটক কৰিবলৈ সক্ষম হয় নিখিল বড়ো ছাত্ৰ সন্থাই ৷ ভাইজান মুৰকংছেলেক ৰে’লৱে ষ্টেচনৰ সমীপৰ নগয়া কেম্পৰ বাসিন্দা বুলি জানিব পৰা গৈছে ৷ চোৰটোক কৰায়ত্ত কৰি জোনাইস্থিত নিজা কাৰ্যালয়লৈ লৈ আহে নিখিল বড়ো ছাত্ৰ সন্থাই ।

উল্লেখ্য যে, বিগত কেইদিন মান পূৰ্বে ৰুকচিন ইণ্ডাষ্ট্ৰীৰ পৰা এখন ডাম্পাৰৰ দুটা বেটাৰী চুৰি কৰি জোনাই ফ্ৰেঞ্চিলেন হাই স্কুলৰ কাষৰ কাৱাড়ীত বিক্রী কৰাৰ অভিযোগত চাৰি অভিযুক্তক আটক কৰে নিখিল বড়ো ছাত্ৰ সন্থাই ।

ইতিমধ্যে দীৰ্ঘদিনৰ পৰা বেটাৰী চোৰৰ মূল অভিযুক্ত মহিবুল ইছলামে চুৰি বস্তুৰ বিনিময়ত ড্ৰাগছ যোগান ধৰাৰো এক গুৰুতৰ অভিযোগ উত্থাপন হৈছে । ধৃত চোৰটোৱে বহু দিনধৰি ড্ৰাগছ আসক্ত যুৱক-যুৱতীৰ পৰা চুৰি সামগ্রীৰ বিনিময়ত ড্ৰাগছ যোগান ধৰি ড্ৰাগছৰ ৰমৰমীয়া বেহা চলাই আহিছে বুলি স্থানীয় লোকে অভিযোগ উত্থাপন কৰিছে ৷

আনহাতে, বেটাৰী চোৰৰ মূল অভিযুক্ত ভাইজানে ইতিমধ্যে তেজপুৰৰ এটা মহেন্দ্র ডীলাৰৰ পৰা গাড়ী চুৰি কৰাৰ এক চুৰিকাণ্ডত জড়িত থকাৰ এক সোণালী ইতিহাসো আছে ।

লগতে পঢ়ক: কয়লাৰ গাড়ীখনৰ কথা কিয় নক’লে মুখ্যমন্ত্ৰীয়ে ? সৰ্বত্ৰে উঠিছে প্ৰশ্ন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.