ETV Bharat / state

DAC Election : জোনাইত দেউৰী স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনক লৈ উখল-মাখল পৰিৱেশ

author img

By

Published : Oct 19, 2022, 1:20 PM IST

Updated : Oct 19, 2022, 1:48 PM IST

jonai
jonai

১২ নং জোনাই সমষ্টিৰ বাবে ভাৰতীয় জনতা প্ৰাৰ্থী আৰু মিত্ৰ দলৰ উমৈহতীয়া মনোনীত প্ৰাৰ্থী হেমন্ত দেউৰী আৰু কংগ্ৰেছৰ মনোনীত প্ৰাৰ্থী ৰুণুমাই দেউৰীয়ে নিজৰ নিজৰ সমৰ্থকক লগত লৈ জোনাই নিৰ্বাচন কাৰ্যালয়ত পৃথকে পৃথকে মনোনয়ন-পত্ৰ দাখিল কৰে (Deori Autonomous Council Election) ৷

জোনাই, ১৯ অক্টোবৰ : দেউৰী স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন সমাগত (Deori Autonomous Council Election) ৷ ৰাজ্যৰ অন্যতম ভূমিপুত্ৰ দেউৰী জনগোষ্ঠীৰ উন্নয়ন আৰু বিকাশৰ উদ্দেশ্যৰে গঠন হোৱা দেউৰী স্বায়ত্তশাসিত পৰিষদৰ আগন্তুক নিৰ্বাচন অনুষ্ঠিত হ'ব অহা ৮ নৱেম্বৰত (Last day for nomination of DAC election) ।

DAC Election : জোনাইত দেউৰী স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনক লৈ উখল-মাখল পৰিৱেশ

ইয়াৰ বাবে সোমবাৰৰ পৰা আৰম্ভ হৈছে প্ৰাৰ্থীসকলৰ মনোনয়ন দাখিল পৰ্ব । দেউৰী স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ মনোনয়ন-পত্ৰ দাখিলৰ আজি অন্তিম দিনা জোনাইত বিজেপিৰ মনোনীত প্ৰাৰ্থী হেমন্ত দেউৰী আৰু কংগ্ৰেছৰ ৰুণুমাই দেউৰীয়ে মনোনয়ন-পত্ৰ দাখিল কৰে । অহা ৮ নৱেম্বৰত অনুষ্ঠিত হ'বলগা দেউৰী স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনক লৈ এক উখল-মাখল পৰিৱেশ দেখা গ'ল জোনাইত (8th November DAC election) ৷ আজি মনোনয়ন-পত্ৰ জমা দিয়াৰ অন্তিমদিনা নিজ নিজ সমৰ্থকসহ সমদল কৰি মনোনয়ন-পত্ৰ জমা দিবলৈ আহে দলীয় প্ৰাৰ্থীসকলে ৷

১২ নং জোনাই সমষ্টিৰ বাবে ভাৰতীয় জনতা প্ৰাৰ্থী আৰু মিত্ৰ দলৰ উমৈহতীয়া মনোনীত প্ৰাৰ্থী হেমন্ত দেউৰী আৰু কংগ্ৰেছৰ মনোনীত প্ৰাৰ্থী ৰুণুমাই দেউৰীয়ে নিজৰ নিজৰ সমৰ্থকক লগত লৈ জোনাই নিৰ্বাচন কাৰ্যালয়ত পৃথকে পৃথকে মনোনয়ন-পত্ৰ দাখিল কৰে ৷ আনহাতে, মনোনয়ন দাখিলৰ অন্তত নিজৰ বিজয় এশ শতাংশ নিশ্চিত বুলি প্ৰকাশ কৰে প্ৰাৰ্থীসকলে ।

অৱশ্যে ১২নং জোনাই সমষ্টিৰ মুঠ পাঁচটা ভোটকেন্দ্ৰত অনুষ্ঠিত হ'বলগীয়া ভোটগ্ৰহণত ৯৬৮ ভোটাৰে নিৰ্ণয় কৰিব উক্ত প্ৰাৰ্থীসকলৰ মাজৰ কোনে শেষ হাঁহি মাৰিব । উল্লেখ্য যে ৰাজ্যৰ তিনিচুকীয়া, ডিব্ৰুগড়, শিৱসাগৰ, যোৰহাট, মাজুলী, ধেমাজি, লখিমপুৰ আৰু বিশ্বনাথসহ ৮ খন জিলাক সামৰি থকা পৰিষদৰ ২২ টা সমষ্টিত ভোটগ্ৰহণ অনুষ্ঠিত হ’ব ।

দেউৰী স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ বাবে ইতিমধ্যে ৰণডংকা বজাইছে ৰ‍াজনৈতিক দলসমূহে (Deuri Autonomous Council election) । উল্লেখ্য, অহা ৮ নৱেম্বৰত অনুষ্ঠিত হ’ব দেউৰী স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন । ইতিমধ্যে ৰাজ্যিক নিৰ্বাচন আয়োগে এই সন্দৰ্ভতৰ্ভ জাৰি কৰিছে অধিসূচনা । অধিসূচনা অনুসৰি মনোনয়ন-পত্ৰ দাখিলৰ অন্তিম তাৰিখ হৈছে ১৯ অক্টোবৰ ।

আনহাতে, মনোনয়ন পৰীক্ষা কৰা হ’ব ২০ অক্টোবৰত আৰু মনোনয়ন প্ৰত্যাহাৰৰ অন্তিম দিন হ’ল ২৫ অক্টোবৰ । সেইদিনাই প্ৰতিদ্বন্দ্বী প্ৰাৰ্থীসকলৰ সম্পূৰ্ণ তালিকা প্ৰকাশ কৰা হ'ব । ইফালে ৮ নৱেম্বৰত ভোটগ্ৰহণৰ পিছত ভোটগণনা কৰা হ'ব ১০ নৱেম্বৰত । উল্লেখ্য যে পূৰ্বৰ ২০ টা সমষ্টিৰ পৰিৱৰ্তে দেউৰী পৰিষদৰ সমষ্টিৰ সংখ্যা ইতিমধ্যে ২২ টালৈ বৃদ্ধি কৰা হৈছে ।

ইয়াৰে তিনিটা সমষ্টি ক্ৰমে পিছলা, বাঁহগড়া আৰু শ্ৰীপানী সংৰক্ষিত আছে মহিলা জনজাতি প্ৰাৰ্থীৰ বাবে । অজনজাতি তথা সাধাৰণ শ্ৰেণীৰ প্ৰাৰ্থীৰ বাবে থকা একমাত্ৰ সমষ্টিটো হ’ল ডিব্ৰুগড় ।

লগতে পঢ়ক :Erosion in Bihpuria : সোৱণশিৰিৰ বুকুত জাহ গ'ল ১৪ কোটি টকীয়া আঁচন

Last Updated :Oct 19, 2022, 1:48 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.