ETV Bharat / state

কৃষি কৰ্মৰে স্বাৱলম্বিতাৰ নিদৰ্শন জোনাইৰ 4 শিক্ষিত যুৱকৰ

author img

By

Published : Nov 12, 2020, 7:48 PM IST

জোনাইৰ অসম অৰুণাচল সীমান্তৰ জামপানীত নিৰৱে সেউজ বিপ্লৱৰ সূচনা কৰিছে জ্যোতিষ দলে,খগেন ডেকা, ৰত্নেশ্বৰ মিৰি আৰু ৰাজু টায়োং নামৰ চাৰি গৰাকী যুৱকে । সীমান্তৰ জামপানীত চিয়াং নদীৰ কাষত থকা উৰ্বৰা ভূমিত 4 যুৱকে কোনো চৰকাৰী সাহাৰ্য নোলোৱাকৈ প্ৰায় 30 পুৰা মাটিত আলু খেতি কৰি ৰচিছে স্বাৱলম্বিতাৰ সপোন ৷

demonstration-of-self-reliance-in-agriculture-4-educated-youth-of-jonai
কৃষি কৰ্মৰে স্বাৱলম্বিতাৰ নিদৰ্শন জোনাইৰ 4 শিক্ষিত যুৱকৰ

জোনাই ১২ নৱেম্বৰঃ যি সময়ত এটা চৰকাৰী চাকৰি নাপাই নিবনুৱা যুৱকে কৰ্মৰ সন্ধানত বহিঃৰাজ্যলৈ ঢাপলি মেলিছে সেই সময়তে কৃষি কৰ্মৰে সেউজ বিপ্লৱ কঢ়িয়াই আনিছে জোনাই একাংশ শিক্ষিত নিবনুৱা যুৱকে । জোনাইৰ অসম অৰুণাচল সীমান্তৰ জামপানীত নিৰৱে সেউজ বিপ্লৱৰ সূচনা কৰিছে জ্যোতিষ দলে,খগেন ডেকা, ৰত্নেশ্বৰ মিৰি আৰু ৰাজু টায়োং নামৰ চাৰি গৰাকী যুৱকে । সীমান্তৰ জামপানীত চিয়াং নদীৰ কাষত থকা উৰ্বৰা ভূমিত 4 যুৱকে কোনো চৰকাৰী সাহাৰ্য নোলোৱাকৈ প্ৰায় 30 পুৰা মাটিত আলু খেতি কৰি ৰচিছে স্বাৱলম্বিতাৰ সপোন ৷ অকল আলু খেতিয়ে নহয়,4 যুৱ কৃষকে লাই শাক, সৰিয়হ আদিৰ লগতে কৃষি বিভাগৰ পৰা পৰামৰ্শ লৈ কৰি গৈছে ইটোৰ পিছত সিটো বতৰৰ খেতি৷

কৃষি কৰ্মৰে স্বাৱলম্বিতাৰ নিদৰ্শন জোনাইৰ 4 শিক্ষিত যুৱকৰ

ইফালে পাঞ্জাৱৰ জলেন্দৰৰ পৰা আলু বীজ আনি যুৱ কৃষকসকলে 30পুৰা মাটিত খেতি কৰাৰ লগতে বৃহত্তৰ জামপানী অঞ্চলৰ প্ৰায় 149টা দৰিদ্ৰ খেতিয়কৰ পৰিয়ালক আলু বীজ যোগান দি আলু খেতি কৰাৰ বাবে উৎসাহিত কৰিছে । অকল এইয়াই নহয় জোনাই এই 4গৰাকী শিক্ষিত যুৱ খেতিয়কে নিজে স্বাৱলম্বিতাৰ সপোন দেখাৰ লগতে আলু খেতিত দৈনিক কৰ্ম সংস্থাপন দিবলৈ সক্ষম হৈছে প্ৰায় 50 -60গৰাকী স্থানীয় যুৱক যুৱতীক ৷

উল্লেখযোগ্য যে,সীমান্তৰ জামপানীত প্ৰায় 4 দশক ধৰি প্ৰায় 3শতাধিক অসমীয়া খেতিয়কে আলু,কবি, সৰিয়হ,বিলাহী,মাকৈ আদি খেতি কৰি দেখুৱাই আহিছে স্বাৱলম্বিতা পথ । জোনাই এইসকল নিৱনুৱা যুৱকে গাৰ ঘাম মাটিত পেলাই কৰাৰ কষ্টৰ অন্তত আলুৰ খেতিত সুফল লাভ কৰিলে নিশ্চয়কৈ যুৱক সকলৰ মুখত দেখিবলৈ পোৱা যাব এক অনাবিল আনন্দ ৷ শিক্ষিত হৈয়ো কৃষি কৰ্মৰে সেউজ বিপ্লৱ কঢ়িয়াই অনা জোনাই এই 4গৰাকী যুৱ খেতিয়কে বহিঃৰাজ্যলৈ কৰ্মৰ সন্ধানত যোৱা যুৱক-যুৱতী সকলৰ বাবেও হৈ পৰিছে এতিয়া এক নিদৰ্শন ৷

লগতে পঢ়কঃ উজনি আৰু উত্তৰ অসমৰ ৪৯ টা সমষ্টিলৈ বিজেপিৰ চকু কিয় ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.