ETV Bharat / state

BKWAC meets CM: মুখ্যমন্ত্ৰীৰে BKWAC-UBPOৰ আলোচনা; তিনি মাহৰ ভিতৰত BKWACৰ গাওঁ চিনাক্তকৰণৰ প্ৰক্ৰিয়া সমাপ্ত কৰাৰ সিদ্ধান্ত

author img

By ETV Bharat Assamese Team

Published : Sep 12, 2023, 10:01 PM IST

মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে মঙলবাৰে আলোচনাত মিলিত হয় বিকেডব্লিউএচি-ইউবিপিঅৰ নেতৃত্ব ৷ আলোচনাৰ সৱিশেষ জানিবলৈ পঢ়ক এই প্ৰতিবেদন ৷

BKWAC meets CM
BKWAC meets CM

মুখ্যমন্ত্ৰীৰে BKWAC-UBPOৰ আলোচনা

জোনাই, ১২ ছেপ্টেম্বৰ: বড়ো কছাৰী কল্যাণ স্বায়ত্তশাসিত পৰিষদ (বিকেডব্লিউএচি)ৰ গাঁও চিনাক্তকৰণ, সমষ্টি নিৰ্ধাৰণ আৰু নিৰ্বাচনৰ ওপৰত মঙলবাৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা, অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী, ভৈয়াম জনজাতি আৰু অন্যান্য পিছপৰা শ্ৰেণীৰ উন্নয়ন বিভাগৰ মন্ত্ৰী ডাঃ ৰণোজ পেগু, বড়ো কছাৰী কল্যাণ স্বায়ত্তশাসিত পৰিষদ আৰু সংযুক্ত বড়ো গণ মঞ্চ চমুকৈ ইউবিপিঅৰ মাজত এক গুৰুত্বপূৰ্ণ আলোচনা হয় ।

  • আজি মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই বড়ো-কছাৰী কল্যাণ স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী শ্ৰীমিহিনেশ্বৰ বসুমতাৰী, ইউনাইটেড বড়ো পিপ’লছ্‌ অৰ্গেনাইজেশ্যনৰ সভাপতি আৰু সম্পাদক ক্ৰমে শ্ৰীমনোৰঞ্জন বসুমতাৰী আৰু শ্ৰীপিতাম্বৰ ব্ৰহ্ম আৰু প্ৰাক্তন বি এল টি ৱেলফেয়াৰ ছ’চাইটি… pic.twitter.com/YiaNABN3ev

    — Chief Minister Assam (@CMOfficeAssam) September 12, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

ইউবিপিঅ’ৰ সভাপতি মনোৰঞ্জন বসুমতাৰী আৰু সাধাৰণ সম্পাদক পীতাম্বৰ ব্ৰহ্মই জনোৱা অনুসৰি অসম বিধানসভাৰ অধ্যক্ষৰ সভাকক্ষত অনুষ্ঠিত হোৱা আলোচনাত ২০২০ চনৰ ২৭ জানুৱাৰীত কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ সৈতে এনডিএফবি চাৰিটা গোট, নিখিল বড়ো ছাত্ৰ সন্থা আৰু সংযুক্ত বড়ো গণ মঞ্চৰ মাজত নতুন দিল্লীত সম্পাদিত হোৱা তৃতীয় বড়ো শান্তি চুক্তিৰ আধাৰত চৰকাৰে অন্তৱৰ্তীকালীন পৰ্যায়ত গঠন কৰি দিয়া বড়ো কছাৰী কল্যাণ স্বায়ত্তশাসিত পৰিষদৰ গাঁও চিনাক্তকৰণ, সমষ্টি নিৰ্ধাৰণ আৰু নিৰ্বাচন অনুষ্ঠিত কৰাৰ বিষয়ত বিতংকৈ আলোচনা কৰা হয় ।

আলোচনাৰ অন্তত তৃতীয় বড়ো শান্তি চুক্তিৰ দফা অনুসৰি মিচিং স্বায়ত্তশাসিত পৰিষদ আৰু ৰাভা হাচং স্বায়ত্তশাসিত পৰিষদত অন্তৰ্ভুক্ত হৈ থকা বড়ো গাঁৱসমূহ বিকেডব্লিউএচিত অন্তৰ্ভুক্ত কৰিবলৈ পৰিষদ দুখনে আপত্তিবিহীনভাৱে উলিয়াই দিয়া বড়ো গাঁও আৰু বিটিএডিৰ বাহিৰৰ অন্যান্য বড়ো গাঁৱসমূহৰ তালিকা প্ৰস্তুত কৰিবলৈ সিদ্ধান্ত লয় । ৰাভা হাচং স্বায়ত্তশাসিত পৰিষদত সোমাই থকা বড়ো গাঁৱসমূহ কৰ্তন অথবা পূৰ্বৰ স্থিতিত থাকিবলৈ কি উপায় অৱলম্বন কৰিব অহা তিনি মাহৰ ভিতৰত সুমীমাংসা কৰাৰ সিদ্ধান্ত লয় ।

ৰাভা হাচং স্বায়ত্তশাসিত পৰিষদত অন্তৰ্ভুক্ত হৈ থকা বড়ো গাঁও কৰ্তন অথবা পূৰ্বৰ স্থিতিতে ৰখা বিষয়ৰ নিষ্পতি কৰিবলৈ অহা পোন্ধৰ দিনৰ ভিতৰত অসম চৰকাৰৰ ভৈয়াম জনজাতি আৰু অন্যান্য পিছপৰা শ্ৰেণীৰ বিভাগে ৰাভা আৰু বড়ো জাতীয় সংগঠনৰ প্ৰতিনিধিত্বত এখন সভা অনুষ্ঠিত কৰা সিদ্ধান্ত গ্ৰহণ কৰে ।

আলোচনাত ভৈয়াম জনজাতি উন্নয়ন বিভাগৰ সচিব বিনীতা পেগু, বিকেডব্লিউএচিৰ মুখ্য কাৰ্যবাহী সদস্য মিহিনিশ্বৰ বসুমতাৰী, অধ্যক্ষ অনিল বসুমতাৰী, উপাধ্যক্ষ সৃজৌন বসুমতাৰী, কেবাগৰাকী কাৰ্যবাহী সদস্য, ইউবিপিঅৰ সভাপতি মনোৰঞ্জন বসুমতাৰী, উপ-সভাপতি ললিত চন্দ্ৰ ব্ৰহ্ম, বাদল মুছাহাৰী, সাধাৰণ সম্পাদক পীতাম্বৰ ব্ৰহ্ম, সহকাৰী সাধাৰণ সম্পাদক অবিৰাম বড়ো, অধ্যক্ষ ঘনকান্ত মহেলা, উপদেষ্টা শুক্ৰেশ্বৰ গয়াৰীয়ে অংশগ্ৰহণ কৰে ।

লগতে পঢ়ক: Sarbanada Sonowal in Russia: ৫ দিনীয়া ৰাছিয়া ভ্ৰমণলৈ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল; ৰাছিয়াক পূৱ সামুদ্ৰিক কৰিড’ৰ ইণ্ডো ৰাছিয়ান কৰ্মশালালৈ আমন্ত্ৰণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.