ETV Bharat / state

ধেমাজিৰ মাজেৰে বাংলাদেশলৈ ট্ৰাকে ট্ৰাকে সৰবৰাহ গো-ধন

author img

By ETV Bharat Assamese Team

Published : Dec 29, 2023, 8:11 PM IST

ধেমাজি জিলাত কোনে চলাইছে গৰুৰ ছিণ্ডিকেট ? অবৈধ গৰুক বৈধ সজাই বাংলাদেশলৈ সৰবৰাহ । কিমান টকাত মেনেজ জিলা প্ৰশাসন ?

cattle smuggling in jonai
ধেমাজিত গৰুৰ ছিণ্ডিকেট

ধেমাজিত গৰুৰ ছিণ্ডিকেট

জোনাই, ২৯ ডিচেম্বৰ: ধেমাজি জিলাত শেহতীয়াকৈ গঢ় লৈ উঠিছে গৰুৰ ছিণ্ডিকেট । যি সময়ত খোদ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা গৰু ছিণ্ডিকেটৰ বিৰুদ্ধে সৰৱ হৈছে তেনে সময়তে ধেমাজিৰ চিলাপথাৰ, চিমেন চাপৰি,তেলাম, ডেকাপাম, গেলুৱাৰ পৰা ট্ৰাকে ট্ৰাকে সৰবৰাহ হৈছে চোৰাং গৰু। বাংলাদেশৰ লগতে মেঘালয়লৈ সৰবৰাহ হয় এই গৰুভৰ্তি ট্ৰাক । বিগত কেইবাদিনৰ পৰা সাংবাদিকৰ এটা দলে অনুসন্ধান চলোৱাত পোহৰলৈ আহিছে এই গৰু ছিণ্ডিকেটৰ ভয়ংকৰ তথ্য ।

অভিযোগ অনুসৰি জোনাইৰ ৰুকচিন গ্ৰেটেৰে দৈনিক এটা গো-মাফিয়া চক্ৰই অৰুণাচল প্ৰদেশৰ শ শ অবৈধ গৰু অসমলৈ ভুৱা চালানেৰে পাৰ কৰে । তাৰ বিনিময়ত এখন গাড়ীৰ পৰা সংগ্ৰহ কৰে ৩০০০ কৈ টকা । এই গৰু সৰবৰাহত নাই জিলা পৰিষদৰ কোনো অনুমতি । জিলা পৰিষদৰ অনুমতি সাপেক্ষে চিমেন চাপৰি বজাৰত গৰু কিনা-বেচা কৰিব পাৰে যদিও বজাৰখনত উপলব্ধ নহয় গৰু । কিয়নো এই গো-মাফিয়াই জিলাখনৰ গ্ৰাম্য অঞ্চলৰ পৰা চোৰাংকৈ নথি-পত্ৰ অবিহনেই বহিঃৰাজ্যলৈ সৰবৰাহ কৰি আহিছে গৰু ।

উল্লেখিত স্থানসমূহৰ পৰা অহা চোৰাং গৰু দিনে-নিশাই সৰবৰাহ কৰাৰ বাবে একাংশ জনগোষ্ঠীয় সংগঠনৰ নেতাৰ লগতে আৰক্ষীকো ঠায়ে ঠায়ে মেনেজ কৰি ৰাখে গো-মাফিয়াই । প্ৰতিখন গৰুগাড়ী ৰাজপথেৰে পাৰ কৰোৱাৰ বাবদ ৩ ৰ পৰা ১০ হেজাৰ টকালৈ দিয়ে কমিছন । যাৰ বিনিময়ত মুক্ত আকাশৰ তলেদি পাৰ হৈ যায় গৰুভৰ্তি ট্ৰাক।

উত্তৰ অসমত চলা এই গৰু ছিণ্ডিকেট চক্ৰক ধনৰ বিনিময়ত কুলাজানত ভুৱা গৰু ক্ৰয় কৰাৰ ৰচিদো প্ৰদান কৰে এটা চক্ৰই । গৰু ছিণ্ডিকেটৰ লগত ধেমাজি আৰক্ষী প্ৰশাসনো জড়িত থকাৰ অভিযোগ তুলিছে একাংশ বেপাৰীয়ে । গৰু মাফিয়া চক্ৰটোৰ নায়ক হৈছে পাতিৰ উপাধিৰ এটা দালাল। এই পাতিৰে সকলোকে মেনেজ কৰি জিলাখনত অব্যাহত ৰাখিছে চোৰাং গৰুৰ ৰমৰমীয়া বেহা । চোৰাং গৰুৰ ছিণ্ডিকেটৰ আঁৰত আৰু কোন কোন আছে বুলি প্ৰশ্ন কৰিছে একাংশ ৰাইজে ৷

লগতে পঢ়ক:২০২৩ বর্ষই কেৱল চকুপানী-দুখ-যন্ত্ৰণা উপহাৰ দিয়া এগৰাকী দুৰ্ভগীয়া মাতৃ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.