ETV Bharat / state

Deadbody recovered: লাইপুলীয়া নৈত নিখোজ হোৱা দুই কিশোৰীৰ মৃতদেহ উদ্ধাৰ

author img

By

Published : Aug 10, 2022, 7:49 AM IST

Updated : Aug 10, 2022, 8:56 AM IST

ধেমাজি মাছখোৱাৰ লাইপুলীয়া নৈত সোমবাৰে বিয়লি সাঁতুৰি থকা অৱস্থাত নিখোজ হোৱা দুই কিশোৰীৰ মৃতদেহ অৱশেষত উদ্ধাৰ(Dead body recovered) ৷ SDRF ৰ দলে ঘটনাস্থলীৰ পৰা চাৰি কিলোমিটাৰ নিলগৰ উৰিয়ামগুৰি দলঙৰ কাষত উদ্ধাৰ কৰে শিখামনি দেৱী সিং আৰু মেনকা দাসৰ মৃতদেহ ৷

Deadbody recovered
নৈত নিখোজ হোৱা দুই কিশোৰীৰ মৃতদেহ উদ্ধাৰat

ধেমাজি, 10 আগষ্ট: ধেমাজি মাছখোৱাৰ লাইপুলীয়া নৈত সোমবাৰে বিয়লি সাঁতুৰি থকা অৱস্থাত নিখোজ হোৱা দুই কিশোৰীৰ মৃতদেহ অৱশেষত উদ্ধাৰ(Dead body recovered) ৷ স্থানীয় ৰাইজৰ সহযোগত SDRF ৰ দলে ঘটনাস্থলীৰ পৰা চাৰি কিলোমিটাৰ নিলগৰ উৰিয়ামগুৰি দলঙৰ কাষত উদ্ধাৰ কৰে নিখোজ দুই কিশোৰী শিখামনি দেৱী সিং আৰু মেনকা দাসৰ মৃতদেহ ৷

নৈত নিখোজ হোৱা দুই কিশোৰীৰ মৃতদেহ উদ্ধাৰ

সোমবাৰে আবেলি লগৰীয়াৰ সৈতে লাইপুলীয়া নৈৰ মাছখোৱা চাৰিআলিৰ হৰিমন্দিৰ ঘাটত গা ধুবলৈ গৈছিল দুই কিশোৰী(The two teenagers went to bathe at the pier) ৷ উৎকট গৰমত সাঁতুৰি থাকোতেই লাইপুলীয়াৰ দ' পানীত পৰি সোঁতত উটি গৈছিল দুই কিশোৰী ৷ সৌভাগ্যক্ৰমে বাচি গৈছিল লগত থকা আন তিনিগৰাকী কিশোৰী ৷

সোমবাৰেও উদ্ধাৰ অভিযান অব্যাহত আছিল যদিও উদ্ধাৰকাৰী দলে কোনো শুংসূত্ৰ উলিয়াব পৰা নাছিল নিখোজ দুই কিশোৰীৰ ৷ কালি SDRF য়ে দুই কিশোৰীৰ মৃতদেহ উদ্ধাৰ কৰাৰ পিছতেই শোকাকুল পৰিৱেশে বিৰাজ কৰে অঞ্চলটোত(Bodies of two teenagers who went missing in the river were found) ৷

লগতে পঢ়ক: Har Ghar Triranga: ওলোটাকৈ জাতীয় পতাকা ধৰি বিতৰ্কত বিধায়ক শিবু মিশ্ৰ

Last Updated : Aug 10, 2022, 8:56 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.