Har Ghar Triranga: ওলোটাকৈ জাতীয় পতাকা ধৰি বিতৰ্কত বিধায়ক শিবু মিশ্ৰ

author img

By

Published : Aug 9, 2022, 10:54 PM IST

MLA Shibu Mishra in controversy holding  national flag in reverse

ওলোটাকৈ জাতীয় পতাকা ধৰি এইবাৰ বিতৰ্কত সোমাল লামডিং সমষ্টিৰ বিধায়ক শিবু মিশ্ৰ ৷ 75 সংখ্যক স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত মঙলবাৰে হৰ ঘৰ ত্ৰিৰংগা শীৰ্ষক কাৰ্যসূচী প্ৰচাৰ কৰিবলৈ গৈ বিধায়ক শিবু মিশ্ৰই ওলোটাকৈ ধৰিলে জাতীয় পাতাকা (MLA Shibu Mishra in controversy holding national flag in reverse) ৷

হোজাই, 9 আগষ্ট: পুনৰ বিতৰ্কত লামডিং সমষ্টিৰ বিধায়ক শিবু মিশ্ৰ (MLA Shibu Mishra in controversy) ৷ ওলোটাকৈ জাতীয় পতাকা ধৰি এইবাৰ বিতৰ্কত সোমাল বিধায়কগৰাকী ৷ 75 সংখ্যক স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত মঙলবাৰে হৰ ঘৰ ত্ৰিৰংগা (Har Ghar Triranga) শীৰ্ষক কাৰ্যসূচী প্ৰচাৰ কৰিবলৈ গৈ বিধায়ক শিবু মিশ্ৰই ওলোটাকৈ ধৰিলে জাতীয় পাতাকা (MLA Shibu Mishra in controversy holding national flag in reverse) ৷

ইয়াৰ পিছতে সামাজিক মাধ্যমত ভাইৰেল হ’ল বিধায়কগৰাকীৰ এই কাণ্ড ৷ উল্লেখ্য যে ইয়াৰ পূৰ্বে লামডিং সমষ্টি বিধায়ক জনে বানপানীৰ সময়ত সাংবাদিকৰ পিঠিত উঠি বান পৰিস্থিতি বুজ লব গৈছিল । বগা জুতা আৰু জিঞ্চ পেণ্ট লেতেৰা হোৱাৰ ভয়ত সাংবাদিকৰ পিঠিত উঠি বান পৰিস্থিতিৰ বুজ লৈছিল ৷

পুনৰ আজি বিধায়কগৰাকীৰ এই আজৱ কাণ্ডই জাতীয় পতাকাক অপমান কৰা বুলি একাংশ লোকে মন্তব্য প্ৰকাশ কৰে ৷

লগতে পঢ়ক: Azadi ka Amrit Mohotsab: স্বদেশপ্ৰেমৰ বাৰ্তা লৈ গুৱাহাটীত বিজেপিৰ প্ৰভাত ফেৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.