ETV Bharat / state

Awareness meeting against drugs: নিচাজাতীয় দ্ৰব্যৰ বিৰোধিতাৰে পশ্চিম ধেমাজিত বিশাল ৰাজহুৱা সভা

author img

By

Published : Oct 31, 2022, 7:41 AM IST

পশ্চিম ধেমাজিৰ ঘুগুহা অঞ্চলত ক্ৰমান্বয়ে বৃদ্ধি পাইছে নিচাজাতীয় সামগ্ৰীৰ ব্যাপক প্ৰচলন ৷ সেয়েহে এইসমূহ সামগ্ৰীৰ বিৰোধিতা আৰু সজাগতা সৃষ্টিৰ বাবে দেওবাৰে অঞ্চলটোৰ স্থানীয় সচেতন উদ্যমী যুৱক, মহিলা সংগঠন, গাঁওৰক্ষী বাহিনীৰ যৌথ উদ্যোগত ঘুগুহা উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰাংগনত অনুষ্ঠিত কৰে সজাগতামূলক বিশাল ৰাজহুৱা সভা (Awareness meeting against drugs) ৷

Awareness meeting against drugs in Dhemaji
নিচাজাতীয় দ্ৰব্যৰ বিৰোধিতাৰে পশ্চিম ধেমাজিত ৰাইজৰ বিশাল ৰাজহুৱা সভা

ধেমাজি, 31 অক্টোবৰ: নিচাজাতীয় দ্ৰব্যৰ কৰাল গ্ৰাসত পৰিছে নৱপ্ৰজন্ম ৷ নিচাজাতীয় দ্ৰব্য সেৱনৰ ফলত ইতিমধ্যে ধ্বংস হৈছে বহু যুৱক-যুৱতীৰ জীৱন ৷ ধ্বংস হৈছে এখন এখন ঘৰ ৷ নিচাজাতীয় দ্ৰব্যৰ সেৱনৰ ফলতে বিনষ্ট হৈছে বহু পৰিয়ালৰ সুখ-শান্তি ৷ এই বৰবিহৰ পৰা নৱপ্ৰজন্মক উদ্ধাৰৰ বাবে চৰকাৰেও গ্ৰহণ কৰিছে কঠোৰ ব্যৱস্থা ৷

এই ক্ষেত্ৰত অসম আৰক্ষীয়ে পূৰ্বতকৈ অধিক সষ্টম হৈ নিচাজাতীয় দ্ৰব্যৰ বিৰুদ্ধে চলাই গৈছে অভিযান ৷ ধাৰাবাহিকভাৱে নিচাজাতীয় দ্ৰব্যৰ বিৰুদ্ধে অব্যাহত ৰাখিছে তীব্ৰতৰ অভিযান (Anti Drugs mission in Assam) ৷ প্ৰায় প্ৰতিদিনে ৰাজ্যৰ চুকে-কোণে আৰক্ষীয়ে নিচাজাতীয় দ্ৰব্য অথবা সামগ্ৰী জব্দ কৰাৰ লগতে আটক কৰিছে বহু অপৰাধীকো ৷ কিন্তু আৰক্ষী যিমানেই অপৰাধীক আটক কৰিছে, সিমানেই ন ন পদ্ধতিৰে সৰবৰাহকাৰীয়ে কঢ়িয়াইছে এই বৰবিহ ৷

নিচাজাতীয় দ্ৰব্যৰ বিৰোধিতাৰে পশ্চিম ধেমাজিত বিশাল ৰাজহুৱা সভা

ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে শেহতীয়াকৈ পশ্চিম ধেমাজিৰ ঘুগুহা অঞ্চলতো ক্ৰমান্বয়ে বৃদ্ধি পাইছে নিচাজাতীয় সামগ্ৰীৰ ব্যাপক প্ৰচলন ৷ ফলত ভাবুকি কঢ়িয়াই আনিছে উঠি অহা প্ৰজন্মলৈ ৷ চুলাই, বিলাতী সুৰা, ভাং, জুৱা, ড্ৰাগছৰ কৱলত পৰি অঞ্চলটোৰ বহুকেইটা পৰিয়াললৈ নামি আহিছে কাল অমানিশা ৷

সেয়েহে এইসমূহ সামগ্ৰীৰ বিৰোধিতা আৰু সজাগতা সৃষ্টিৰ বাবে অঞ্চলটোৰ স্থানীয় সচেতন উদ্যমী যুৱক, মহিলা সংগঠন, গাঁওৰক্ষী বাহিনীৰ যৌথ উদ্যোগত ঘুগুহা উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰাংগনত দেওবাৰে অনুষ্ঠিত কৰা হয় এক সজাগতামূলক বিশাল ৰাজহুৱা সভা (Awareness meeting against drugs) ৷ সভাত উপস্থিত থাকে ধেমাজি জিলা স্বাস্থ্য বিভাগৰ জ্যেষ্ঠ চিকিৎসক লক্ষ্য সন্দিকৈ ৷ লগতে আবকাৰী বিভাগৰ শীৰ্ষ বিষয়ববীয়া, ভালেসংখ্যক গন্যমান্য ব্যক্তি আৰু পাচঁ শতাধিক ৰাইজ উপস্থিত থাকে (General Awarness campaign) ৷

এই সভাত উপস্থিত থাকি জ্যেষ্ঠ চিকিৎসক লক্ষ্য সন্দিকৈয়ে কয়, "ড্ৰাগছ, চুলাই, বিলাতী সুৰা, ভাং তথা বিভিন্ন নিচাজাতীয় সামগ্ৰীয়ে আমাৰ শৰীৰৰ প্ৰত্যকটোক অংগক বাৰুকৈয়ে ক্ষতিগ্ৰস্ত কৰে ৷ নিচাজাতীয় দ্ৰব্যৰ সেৱন কৰোতে কৰোতে এটা সময়ত খাদ্যনলী, লিভাৰ, গোটেই শৰীৰৰ কংকালৰ পেশী আৰু মসৃণ পেশী, হৃদয়, ৰক্তবাহী নলী, মগজু, মেৰুদণ্ড, নাৰ্ভ, নাক, শ্বাসনালী, হাওঁফাওঁ, মুখ আৰু যকৃত আদি অংগত বেয়াকৈ প্ৰভাৱ পেলায় ৷"

তেওঁ লগতে কয়, " নিচাজাতীয় দ্ৰব্যৰ সেৱনৰ ফলত বিশেষকৈ মুখগহ্বৰত কৰ্কট ৰোগ হয় (Oral cancer) ৷ সেই ৰোগ নিৰাময় কৰিবলৈ যিমান টকাৰ নিচাজাতীয় দ্ৰব্য সেৱন কৰা হয় তাতকৈ অধিক ধন খৰচ হয় চিকিৎসাৰ বাবদ ৷ তথাপিও বেমাৰ ভাল নহয়, কিন্তু জীয়াই থকা কেইদিন বেমাৰৰ চিকিৎসা কৰিয়েই জীৱনটো পাৰ কৰিবলগীয়া হয় ৷ চিকিৎসাৰ বাবদ ধেমাজিত বহু পৰিয়ালে নিজৰ মাটি-বাৰী বিক্ৰী কৰিবলগীয়া পৰিস্থিতিৰো সৃষ্টি হৈছে (Harmful effect of Tobacco) ৷ যাৰ ফলত একো একোখন ঘৰ সংসাৰ নিঃশেষ হৈ গৈছে ৷ সেয়েহে এই মাদক দ্ৰব্যৰ সেৱনৰ পৰা বিৰত থাকি নিজেও জীয়াই থাকক, আনকো জীয়াই থাকিবলৈ দিয়ক ৷ "

লগতে পঢ়ক: Protest against Drugs: ড্ৰাগছৰ বেহা বন্ধ কৰাৰ দাবীত লখিমপুৰত প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.