ETV Bharat / state

ধেমাজিত সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প বন্ধৰ দাবীত আছুৰ প্ৰতিবাদ

author img

By

Published : Jun 13, 2020, 10:37 PM IST

ASSU protest Against NHPC At Dhemaji
ধেমাজিত সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প বন্ধৰ দাবীত আছুৰ প্ৰতিবাদ

নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প বন্ধ কৰাৰ দাবীত NHPC মূল প্ৰৱেশদ্বাৰত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ধেমাজি জিলা ছাত্ৰ সন্থাৰ সদস্য সকলে ৷ NHPC কৰ্তৃপক্ষ আৰু চৰকাৰৰ বিৰুদ্ধে বিভিন্ন শ্ল'গান দি পৰিৱেশ উত্তাল কৰি তোলে প্ৰতিবাদকাৰী সকলে ৷

ধেমাজি, 13 জুনঃ ধেমাজিত নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প বন্ধ কৰাৰ দাবীত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ধেমাজি জিলা ছাত্ৰ সন্থাৰ সদস্য সকলে ৷ অতিশীঘ্ৰে সোৱণশিৰি জলবিদ্যুৎপ্ৰকল্পৰ কাম বন্ধ কৰিবলৈ দাবী কৰে প্ৰতিবাদকাৰী সকলে ৷

ধেমাজিত সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প বন্ধৰ দাবীত আছুৰ প্ৰতিবাদ

শনিবাৰে গেৰুকামুখত NHPC মূল প্ৰৱেশদ্বাৰত ধেমাজি জিলা সমিতিৰ উদ্যোগত আৰু গোগামুখ আঞ্চলিক ছাত্ৰ সন্থাৰ সহযোগত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৷ দীৰ্ঘ দিনৰে পৰা আছুৰ লগতে বিভিন্ন দল সংগঠনে এন এইচ পি চিক বাৰে বাৰে সকীয়াই দি আহিছে যে, গেৰুকামুখত নদীবান্ধ নিৰ্মাণ সম্ভৱ নহয় ৷ লগতে বিশেষজ্ঞ সমিতিয়েও এই নদী বান্ধটো বন্ধ কৰিবলৈ আহ্বান জনাইছিল ৷ কিন্তু কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে অসমবাসী ৰাইজৰ স্বাৰ্থক জলাঞ্জলি দি এন এইচ পি চিয়ে চৰম স্বেচ্ছাচাৰীতাৰে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ নিৰ্মাণ কাৰ্য চলাই আহিছে বুলি তীব্ৰ ক্ষোভ প্ৰকাশ কৰে ধেমাজি জিলা সমিতিৰ সভাপতি দীপক শৰ্মায় ৷

লগতে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে মাতাল হৈ হিতাহিত জ্ঞান হেৰুৱাই বহুজাতিক কোম্পানীক বৰপীৰা পাৰি দি অসম ধ্বংসত নামি পৰিছে বুলি ক্ষোভ প্ৰকাশ কৰে জিলা সভিপতিগৰাকীয়ে ৷ প্ৰতিবাদকাৰী সকলে বৃহৎ নদীবান্ধ বন্ধ কৰক,NHPC গ' বেক, NHPC বন্ধ কৰক,বিশেষজ্ঞ সমিতিৰ পৰামৰ্শ কাৰ্যকৰী কৰক আদি বিভিন্ন শ্ল'গান দি পৰিৱেশ উত্তাল কৰি তোলে প্ৰতিবাদকাৰী সকলে ৷ লগতে প্ৰতিবাদৰ মাজতে ই NHPCৰ কৰ্তৃপক্ষৰ প্ৰতিকৃতি দাহ কৰে প্ৰতিবাদকাৰী সকলে ৷ অতি শীঘ্ৰে প্ৰকল্পটো বন্ধ নকৰিলে অনাগত দিনত জংগী আন্দোলন গঢ়ি তুলিব বুলি চৰকাৰক সকিয়াই দিয়ে প্ৰতিবাদকাৰী সকলে ৷

লগতে পঢ়ক- হাফলঙত পানীৰ সংকটঃ ৰাইজৰ মাজত হাহাকাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.