ETV Bharat / state

ধেমাজিত ৰাষ্ট্ৰীয় পঞ্চায়তীৰাজ দিৱসৰ বিশেষ গাঁওসভাত শিক্ষামন্ত্ৰী

author img

By

Published : Apr 24, 2022, 10:13 PM IST

Assam education minister at National Panchayati raj divas gram sabha at Dhemaji
ধেমাজিত ৰাষ্ট্ৰীয় পঞ্চায়তীৰাজ দিৱসৰ বিশেষ গাঁওসভাত শিক্ষামন্ত্ৰী

ধেমাজিত অনুষ্ঠিত ৰাষ্ট্ৰীয় পঞ্চায়তীৰাজ দিৱসৰ বিশেষ গাঁওসভাত উপস্থিত থাকে শিক্ষমন্ত্ৰী ডাঃ ৰণোজ পেগুৰ লগতে সাংসদ প্ৰদান বৰুৱা (Assam education minister at National Panchayati Raj Divas) ৷ উক্ত সভাত ধেমাজি জিলা পৰিষদক শ্ৰেষ্ঠ হিচাপে বিবেচিত কৰি বঁটাৰে সন্মানিত কৰা হয় ৷

ধেমাজি, 24 এপ্ৰিল : দেওবাৰে দক্ষিণ ধেমাজি গাঁও পঞ্চায়তৰ কাৰ্যালয়ত বিশেষ গাঁও সভাত পালন কৰা হয় ৰাষ্ট্ৰীয় পঞ্চায়তীৰাজ দিৱস (National Panchayati Raj Divas Gram Sabha at Dhemaji) ৷ বিয়লি ১ বজাত উক্ত সভাত উপস্থিত হৈ ৰাজ্যৰ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে বন্তি প্ৰজ্বলন কৰি অনুষ্ঠানটিৰ শুভাৰম্ভ কৰে (Assam education minister at National Panchayati Raj Divas) ৷ ইফালে পঞ্চায়তৰ সভানেত্ৰী কুহিমা কাৰ্দঙৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাতখনিত আদৰণি ভাষণ আগবঢ়াই ধেমাজি খণ্ড উন্নয়ন বিষয়া নবীন কামানে ৷

ধেমাজিত ৰাষ্ট্ৰীয় পঞ্চায়তীৰাজ দিৱসৰ বিশেষ গাঁওসভাত শিক্ষামন্ত্ৰী

ইয়াৰ পিছতেই সভাত উপস্থিত থকা সাংসদ প্ৰদান বৰুৱা, জোনাইৰ বিধায়ক ভূৱন পেগু, ধেমাজি জিলা উপায়ুক্ত অসীম কুমাৰ ভট্টাচাৰ্য, জিলা পৰিষদৰ কাৰ্যবাহী বিষয়া প্ৰফুল্ল দেউৰী, আদি বিভিন্ন বিভাগৰ বিষয়া কৰ্মচাৰীৰ উপস্থিতিত কেন্দ্ৰীয়ভাৱে ধেমাজি জিলা পৰিষদক পণ্ডিত দীনদয়াল উপাধ্যায় ভাৰতৰ ভিতৰতে শ্ৰেষ্ঠ হিচাপে বিবেচিত কৰি বঁটাৰে সন্মানিত কৰা হয় আৰু এই বঁটা ধেমাজি জিলা পৰিষদৰ সভাপতি মোহন গগৈক আনুষ্ঠানিকভাৱে প্ৰদান কৰে শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে (Assam education minister Visits Dhemaji) ৷

লগতে পঞ্চায়তৰ বিভিন্ন শিতানত দক্ষতাৰে কাম কৰা বাবে শ্ৰেষ্ঠ গাঁও পঞ্চায়তৰ বঁটা প্ৰদান কৰা হয় দক্ষিণ ধেমাজি গাঁও পঞ্চায়তক ,দ্বিতীয় ঘুগুহা গাঁও পঞ্চায়ত আৰু তৃতীয় স্থান বাটঘৰীয়া ,বিষ্ণুপুৰ আৰু জীয়াঢল পঞ্চায়তক কেন্দ্ৰীয়ভাৱে প্ৰদান কৰা হয় ৷

তদুপৰি মন্ত্ৰীগৰাকীয়ে কেন্দ্ৰীয় চৰকাৰে ৰূপায়ন কৰিবলগীয়া প্ৰধানমন্ত্ৰী অমৃত সৰোবৰ আচঁনি, কিষান ক্ৰেডিট কাৰ্ড, চৰকাৰী ধান ক্ৰয়ৰ ব্যৱস্থা লগতে মিছন বসুন্ধৰাৰ (Mission Basundhara scheme)কাম কাজৰ সন্দৰ্ভত চৰকাৰে বিভিন্ন পদক্ষেপ হাতত লোৱা বুলি উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে ৷ ইপিনে দ্বিতীয়বাৰৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ পৰা পঞ্চায়ত সবলীকৰণ বঁটা লাভ কৰি অতিশয় আনন্দিত হোৱা বুলি ব্যক্ত কৰিলে জিলা পৰিষদৰ কাৰ্যবাহী বিষয়া প্ৰফুল্ল দেউৰীয়ে ৷

লগতে পঢ়ক : ডিব্ৰুগড়ত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ প্ৰধানমন্ত্ৰীৰ সভাস্থলী পৰিৰ্দশন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.