ETV Bharat / state

ডিব্ৰুগড়ত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ প্ৰধানমন্ত্ৰীৰ সভাস্থলী পৰিৰ্দশন

author img

By

Published : Apr 24, 2022, 6:19 PM IST

assam-cm-visit-pm-meeting-spot-in-dibrugarh
ডিব্ৰুগড়ত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ প্ৰধানমন্ত্ৰীৰ সভাস্থলী পৰিৰ্দশন

আগন্তুক 28 এপ্ৰিলত ডিব্ৰুগড়ৰ খনিকৰ খেলপথাৰত উপস্থিত হ'ব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী (PM Modi's Assam visit) ৷ প্ৰধানমন্ত্ৰীগৰাকীৰ আগমণৰ পূৰ্বে ডিব্ৰুগড়ত প্ৰধানমন্ত্ৰীৰ সভাৰ বুজ ল'লে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই (Assam CM visits PM meeting spot in Dibrugarh)৷

মৰাণ, 24 এপ্ৰিল : প্ৰধানমন্ত্ৰীৰ আগমনলৈ মাজত মাথো চাৰিটা দিন বাকী । আগন্তুক 28 এপ্ৰিলত ডিব্ৰুগড়ৰ খনিকৰ খেলপথাৰত উপস্থিত হ'ব দেশৰ প্ৰধানমন্ত্ৰীগৰাকী ৷ উল্লেখ্য যে, দেওবাৰে ডিব্ৰুগড়ত উপস্থিত হৈ প্ৰধানমন্ত্ৰীগৰাকীৰ সভাস্থলী পৰিদৰ্শন কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই (Assam CM visits PM meeting spot in Dibrugarh) ৷ ডিব্ৰুগড়ত উপস্থিত হৈ খনিকৰ পথাৰ পৰিদৰ্শন কৰাৰ লগতে দলীয় কৰ্মকৰ্তাৰ সৈতে বাৰ্তালাপত মিলিত হয় মুখ্যমন্ত্ৰীগৰাকী ।

Assam CM visit PM meeting spot in Dibrugarh
ডিব্ৰুগড়ত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ প্ৰধানমন্ত্ৰীৰ সভাস্থলী পৰিৰ্দশন

ইফালে, মুখ্যমন্ত্ৰীগৰাকীৰ এই কাৰ্যত সংগ দিয়ে মন্ত্ৰী অতুল বৰা, অজন্তা নেওগ, সঞ্জয় কিষান, বিমল বৰা, কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীৰ লগতে দলৰ কৰ্মীসকল ।

ডিব্ৰুগড়ত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ প্ৰধানমন্ত্ৰীৰ সভাস্থলী পৰিৰ্দশন

উল্লেখ্য যে, 28 এপ্ৰিলত ডিব্ৰুগড়ৰ খনিকৰ খেলপথাৰত উপস্থিত হৈ আনুষ্ঠানিকভাৱে ৭ খন কৰ্কট চিকিৎসালয়ৰ শুভ উদ্ধোধন কৰাৰ লগতে ৭ খন চিকিৎসালয়ৰ আধাৰশিলা স্থাপন কৰিব দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে । সেয়ে এতিয়া প্ৰধানমন্ত্ৰীগৰাকীৰ আগমনৰ পূৰ্বে প্ৰধানমন্ত্ৰীৰ প্ৰধানমন্ত্ৰীৰ সভাৰ প্ৰস্তুতি তুংগত কৰি তুলিছে ডিব্ৰুগড় জিলা প্ৰশাসনে ৷

ইফালে, একেদিনাই কাৰ্বি আংলং জিলাৰ ফুলনি পৰিষদীয় সমষ্টিৰ অন্তৰ্গত লৰিংথেপিত উপস্থিত হ'ব ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী । ইতিমধ্যে, যুদ্ধকালীন গতিৰে নিৰ্মাণকাৰ্য অব্যাহত আছে প্ৰধানমন্ত্ৰীৰ সভাস্থলীৰ । কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য ড৹ তুলিৰাম ৰংহাং আৰু টিম কাৰ্বি আংলঙে দিনে নিশাই সভাস্থলী নিৰ্মাণকাৰ্য তদাৰক কৰি আছে ৷

লগতে পঢ়ক : প্ৰধানমন্ত্ৰীৰ ৰেলী সৰ্বকালৰ সৰ্ববৃহৎ ৰেলী হ'ব : পীযুষ হাজৰিকা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.