ETV Bharat / state

Mishing's Ali Ai Ligang Festival in Assam: ঐনিতম-গুমৰাগৰ ছন্দত জীপাল ধেমাজি

author img

By

Published : Feb 15, 2023, 6:32 PM IST

Mishing's Ali Ai Ligang Festival in Assam
ঐনিতম-গুমৰাগৰ নৃত্যৰে জীপাল ধেমাজি

আজি ফাগুনৰ প্ৰথম বুধবাৰ । ফাগুনৰ প্ৰথমটো বুধবাৰতে উদযাপন কৰা হয় অসমৰ অন্যতম জনজাতীয় জনগোষ্ঠী মিচিংসকলৰ জাতীয় তথা কৃষিভিত্তিক উৎসৱ আলি আঃয়ে লৃগাং । ৰাজ্যৰ মিচিং জনবসতি অঞ্চলসমূহৰ লগতে জোনাইতো প্রান্তে প্রান্তে উদযাপন আলি আঃয়ে লৃগাং(Ali Aye Ligang in Dhemaji) ।

ঐনিতম-গুমৰাগৰ নৃত্যৰে জীপাল ধেমাজি

জোনাই, ১৫ফেব্ৰুৱাৰী: অসমৰ অন্যতম জনজাতীয় জনগোষ্ঠী মিচিংসকলে আজি উদযাপন কৰে মিচিংসকলৰ কৃষিভিত্তিক উৎসৱ আলি আঃয়ে লৃগাং (Ali Ai Ligang celebration in Dhemaji) । ৰাজ্যৰ অন্যান্য প্ৰান্তৰ মিচিং জনবসতি অঞ্চলসমূহৰ লগতে জোনাইতো আলি আঃয়ে লৃগাঙৰ উপলক্ষ্যে আজি পুৱাৰে পৰা মিচিং গাঁৱসমূহত বিৰাজ কৰিছে এক উৎসৱমুখৰ পৰিৱেশ । গুমৰাগ চঃমান আৰু ঐনিতমৰ ধ্বনিৰে মুখৰিত হৈ পৰিছে জোনাইৰ মিচিং গাঁৱসমূহ (Gumrag dance of the Mising tribe) ।

জোনাইৰ শান্তিপুৰ গাঁৱত আজি পুৱাৰে পৰা গাঁৱৰ ডেকা-গাভৰু, বোৱাৰীৰ লগতে শিশুৰ পৰা বয়োজ্যেষ্ঠলৈ সকলোৱে একেলগে উদযাপন কৰিছে মিচিংসকলৰ অতিকৈ আপোন তথা মিচিংসকলৰ জাতীয় উৎসৱ আলি আঃয়ে লৃগাং । আলি আঃয়ে লিগাঙৰ অৰ্থ হ’ল- আলি মানে মূল বা আলু আৰু আঃয়ে মানে ফল বা গুটি আৰু লৃগাং মানে শস্যৰ বীজ বা কঠিয়া সিঁচা বা ৰোপনৰ আৰম্ভণিৰ দিন (Ali Aye Ligang in Dhemaji) ।

বুধবাৰৰ দিনটো মিচিংসকলে বিশ্বাস কৰে শুভ দিন হিচাপে । সেয়ে মিচিংসকলে আজিৰ পৰা অৰ্থাৎ ফাগুনৰ প্ৰথমটো বুধবাৰৰ পৰা পথাৰত বীজ সিঁচা আৰম্ভ কৰে ৷ শস্যক যাতে পোক-পৰুৱাই খাই নষ্ট কৰিব নোৱাৰে তাৰ বাবে দঃঞি- পঃল অর্থাৎ জোন-বেলি আৰু কাৰ্চিং-কার্তাকক পৰম্পৰা ৰীতি-নীতিৰে প্ৰাৰ্থনা জনাই আৰম্ভ কৰে পথাৰত বীজ সিঁচা বা ৰোপণৰ কাম । যাৰবাবে এই উৎসৱক শস্য বা কঠীয়া সিঁচাৰ আৰম্ভণি উৎসৱ বুলিও কোৱা হয় ।

লগতে পঢ়ক: Ali Ai Ligang 2023: তেজপুৰৰ খনামুখত আলি-আয়ে-লৃগাং উদযাপন

ইফালে মাংগলিক কাৰ্যৰ পিচতে এনেদৰে মুৰংঘৰত একেলগে বহি পুৰাং আপিন অর্থাৎ তৰাপাতেৰে সিঁজা বৰা চাউলৰ ভাত, গাহৰিৰ পুৰা মাংস, মাটিমাহৰ আঞ্জা, শুকান মাছ-আদা আৰু নহৰুৰ চাটনিৰ লগতে পঃৰ আপং অর্থাৎ ছাঁই মদৰ এনেদৰে জুতি লয় বুঢ়া-বুঢ়ী, ডেকা-গাভৰু, আদহীয়া, বোৱাৰী আদি সকলোৱে (Mishing's Ali Ai Ligang Festival in Assam) ।

ইয়াৰ পিচতে ঘৰে ঘৰে ডেকা-গাভৰুসকলে গুমৰাগ চঃমানেৰে ৰজন জনাব গাঁৱৰ ঘৰে ঘৰে । এই গোমৰাগ চঃমানতে এবাতি পঃৰ আপং খাই মিচিং ডেকা-গাভৰুসকলৰ অন্তৰৰ প্ৰেম, বিৰহ, বেদনাবোৰ নিগৰি আহিব ঐনিতম, কাবান হৈ । মিচিংসকলে বিশ্বাস কৰে যে- দেৱতাক নাচ-গানেৰে সন্তুষ্ট নকৰিলে পৃথিৱীত বৰষুণ নহ'ব; তেতিয়া শস্যৰ উৎপাদন নহ'ব । সেয়ে তেওঁলোকে নৃত্য-গীতৰ মাজেৰে লখিমীক সন্মান প্ৰদৰ্শন কৰে ।

লগতে পঢ়ক: Ali Aye Ligang 2023: লখিমপুৰত কেন্দ্রীয় আলি আঃয়ে লৃগাঙৰ সোণালী জয়ন্তী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.