ETV Bharat / state

Ali Ai Ligang 2023: তেজপুৰৰ খনামুখত আলি-আয়ে-লৃগাং উদযাপন

author img

By

Published : Feb 15, 2023, 3:40 PM IST

Ali Ai Ligang celebration in Tezpur
তেজপুৰৰ খনামুখত আলি-আয়ে-লৃগাং উদযাপন

আজি ফাগুনৰ প্ৰথম বুধবাৰ । এই দিনটোতে প্ৰতিবছৰে মিচিং জনগোষ্ঠীয় লোকসকলে পালন কৰে কৃষিভিত্তিক উৎসৱ আলি-আয়ে-লৃগাং । ৰাজ্যৰ প্ৰতিটো প্ৰান্ততে মিচিং অধ্যুষিত অঞ্চলৰ লোকসকলে উদযাপন কৰিছে আলি-আয়ে-লৃগাং । বিভিন্ন প্ৰান্তৰ সমান্তৰালভাৱে অসম আৰু অৰুণাচল প্ৰদেশৰ মিচিং জনগোষ্ঠীৰ লোকসকলেও তেজপুৰ খনামুখৰ মিচিং গাঁৱত উদযাপন কৰিছে আলি-আয়ে-লৃগাং (Ali Ai Ligang celebration in Tezpur) ।

তেজপুৰৰ খনামুখত আলি-আয়ে-লৃগাং উদযাপন

তেজপুৰ,১৫ ফেব্ৰুৱাৰী: বাসন্তী ধূলি উৰুৱাই পছোৱাৰ বুকুত উঠি ফাগুন আহিল (Ali Ai Ligang in Assam) । আকাশ-বতাহ ৰঙীণ হৈ পৰিল পলাশ-শিমলুৰ ৰঙেৰে । লঠঙা বিৰিখতো যেন দেখা গ'ল উৎসৱৰ খবৰ । অভিমানী প্ৰেমৰ দলিছাত বহি বদনামী ফাগুনৰ কবিতা সকলোৰে মুখে মুখে ।

কিবা শুকান শুকান ধূলিৰে ধূসৰ পৰিৱেশে, মাজে মাজে এজাক পছোৱাই কৈছে এয়া দুষ্ট ফাগুন । এই চঞ্চলা ফাগুন তথা পলাশ, মদাৰ আৰু শিমলু ফুলে আকাশ ৰাঙলী কৰিলেই হিয়া উলাহে নধৰা হৈ পৰে মিচিং জনগোষ্ঠীৰ লোকসকলৰ (Ali Aye Ligang of Mising community) ।

কিয়নো এয়া লৃগাঙৰ সময় । অৰ্থাৎ আজি ফাগুনৰ প্ৰথম বুধবাৰ আৰু মিচিং জনগোষ্ঠীৰ লোকসকলে উদযাপন কৰিছে তেওঁলোকৰ হেঁপাহৰ আলি-আয়ে-লৃগাং (Mising community celebrating Ali Aye Ligang) । ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালভাৱে অসম আৰু অৰুণাচল প্ৰদেশৰ মিচিং জনগোষ্ঠীৰ লোকসকলে তেজপুৰ খনামুখৰ মিচিং গাঁৱত উদযাপন কৰিছে কৃষিপ্ৰধান উৎসৱ আলি-আয়ে-লৃগাং (Ali Ai Ligang celebration in Tezpur) । এই উৎসৱৰ জৰিয়তে শস্য অৰ্থাৎ বীজ সিঁচাৰ আৰম্ভণি কৰা হয় ।

পূৰ্বতে এই উৎসৱ ফাগুন, চ'ত নাইবা ব'হাগ মাহৰ কোনো এটা দিনত উদযাপন পৰা দেখা গৈছিল যদিও ১৯৫৬ চনত মিচিংসকলৰ বৃহত্তৰ সামাজিক অনুষ্ঠান বানে কেবাঙে ফাগুন মাহৰ প্ৰথম বুধবাৰে উদযাপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে আৰু তেতিয়াৰ পৰাই এই উৎসৱ এই দিনটোতে উদযাপন কৰা হয় । এই উৎসৱ মিচিং জনজীৱনৰ বাবে কেৱল উৎসৱেই নহয় প্ৰাণৰ স্পন্দন ।

আলি-আয়ে-লৃগাং তিনিটা শব্দ আৰু ইয়াৰ অৰ্থ হৈছে আলি মানে মাটিৰ তলত হোৱা বীজ, আয়ে মানে গছ জোপাৰ ওপৰত হোৱা ফল আৰু লৃগাং মানে ৰোপণ কৰা । আলি-আয়ে-লৃগাঙৰ দিনাখন ঘৰৰ মূৰব্বী নতুবা পথাৰৰ কামৰ মূল ব্যক্তিজনে পথাৰ নতুবা বাৰীৰ কোণত এডোখৰ মাটি চাহ কৰি চাৰিকোণত চাৰিজোপা মেগলাৰ গছ গুজি দিয়ে ।

লগত নিয়া আপঙৰ সীহ, কপাহ ইত্যাদিবোৰ যথাস্থানত সন্তৰ্পণে দি মাটিডৰাত লগত নিয়া কঠীয়াখিনি সিঁচি দি এই বচনফাঁকি মাতে, ‘‘হে’ সৃষ্টিকৰ্তা, বসুমতী আই, লখিমী আই, সূৰ্য-চন্দ্ৰ, স্নেহময়ী কল্যাণময়ী, ধুমুহা-গাজনি, বতাহ-বৰষুণ, পোক-পৰুৱা তোমালোক আটাইকে সাক্ষী কৰি আজি লৃগাঙৰ দিনা আমি বীজ-গুটি ৰোপণৰ কাৰ্য আৰম্ভ কৰিছোঁ, তোমালোকে খেতি-পথাৰৰ মংগল কৰিবা ।"

আজি খনামুখৰ কেঁকুকলি মিছিং গাঁৱত স্থানীয় ৰাইজে এক গোট হৈ পুৱা ধৰ্মীয় ৰীতি নীতিৰে পাৰম্পৰিক পদ্ধতি অৱলম্বন কৰি শস্য বীজ সিঁচাৰ আৰম্ভ কৰি লৃগাঙৰ গীত ঐনিতম আৰু গুমৰাগ নৃত্য প্ৰদৰ্শন কৰে । এই লোকসকলৰ অভিযোগ চৰকাৰক এই উৎসৱৰ লগত সংগতি ৰাখি আজিৰ দিনত চৰকাৰী বন্ধৰ ঘোষণা কৰিবলৈ আহ্বান জনাইছিল যদিও চৰকাৰে এই বন্ধ ঘোষণা নকৰিলে । সেইবাবে তেওঁলোকে পুনৰ এই দিনটোতে বৃহত্তৰ অসমীয়া জাতিৰ স্বাৰ্থত তথা পৰম্পৰা অক্ষুন্ন ৰখাৰ স্বাৰ্থত স্থানীয় বন্ধ ঘোষণা কৰিবলৈ পুনৰ আহ্বান জনায় ।

লগতে পঢ়ক: Ali Ai Ligang 2023: ঐনিতমৰ সুৰেৰে মুখৰিত গহপুৰৰ আকাশ-বতাহ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.