ETV Bharat / state

AGP meeting in Dhemaji: শক্তিশালী ৰূপত আত্মপ্ৰকাশ কৰিব অসম গণ পৰিষদে; মন্ত্ৰী অতুল বৰা

author img

By

Published : Jun 4, 2023, 9:31 PM IST

AGP Karmakarta Sanmilan
ধেমাজিত অগপৰ দ্বিতীয়খন কৰ্মকৰ্তা সন্মিলন

দেওবাৰে ধেমাজিত অনুষ্ঠিত হয় অসম গণ পৰিষদৰ কৰ্মকৰ্তা সন্মিলন ৷ সভাত কেন্দ্ৰীয় সমিতিৰ সভাপতি তথা মন্ত্ৰী অতুল বৰা, কাৰ্যকৰী সভাপতি তথা মন্ত্ৰী কেশৱ মহন্ত, বিধায়ক ফণী ভূষণ চৌধুৰী, ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ উপৰিও অগপৰ কেন্দ্ৰীয় সমিতিৰ কেইবাজনো দলীয় নেতা-কৰ্মীয়ে অংশগ্ৰহণ কৰে (AGP Organising Workers Meeting in Dhemaji) ৷

ধেমাজিত অসম গণ পৰিষদৰ কৰ্মকৰ্তা সন্মিলন

ধেমাজি, 4 জুন: লোকসভা নিৰ্বাচনৰ পূৰ্বে দলৰ সাংগঠনিক ভেঁটি শক্তিশালী কৰাত ব্যস্ত অসম গণ পৰিষদ ৷ কৰ্মকৰ্তা সন্মিলন অনুষ্ঠিত কৰি দলৰ সাংগঠনিক ভেঁটি কটকটীয়া কৰি শক্তিশালী ৰূপত আত্মপ্ৰকাশৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে অসম গণ পৰিষদ দলে ৷ দেওবাৰে ধেমাজিতো কৰ্মকৰ্তা সন্মিলন অনুষ্ঠিত কৰি একপ্ৰকাৰৰ শক্তি প্ৰদৰ্শন কৰিলে অসম পৰিষদে (AGP Karmakarta Sanmilan held in Dhemaji) ৷

আজি অৰ্থাৎ দেওবাৰে ধেমাজিত 14 নং লখিমপুৰ লোকসভা সমষ্টিৰ অন্তৰ্গত সকলো কৰ্মকৰ্তাক লৈ অসম গণ পৰিষদে অনুষ্ঠিত কৰিলে কৰ্মকৰ্তা সন্মিলন ৷ অসম গণ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ অনুসৰি 113 নং ধেমাজি বিধান সভা সমষ্টিত অগপৰ ধেমাজি বিধান পৰিষদৰ উদ্যোগত, ধেমাজি জিলা গ্ৰামোন্নয়ন অভিকৰণৰ কাৰ্যালয় প্ৰাংগনত অসম গণ পৰিষদৰ এখন বিশাল দলীয় কৰ্মকৰ্তা সন্মিলন অনুষ্ঠিত হয় (AGP Karmakarta Sanmilan) ৷

এই সন্মিলনত 14 নং লখিমপুৰ লোকসভা সমষ্টিৰ অন্তগৰ্ত প্ৰতিখন আঞ্চলিক পৰিষদৰ দলীয় কৰ্মী, সকলো জিলা পৰ্যায়ৰ বিষয়ববীয়া, পঞ্চায়তৰ নিৰ্বাচিত প্ৰতিনিধি, মহিলা পৰিষদ, যুৱ পৰিষদৰ বিষয়ববীয়াই অংশগ্ৰহণ কৰে ৷ সভাত কেন্দ্ৰীয় সমিতিৰ সভাপতি তথা মন্ত্ৰী অতুল বৰা, কাৰ্যকৰী সভাপতি তথা মন্ত্ৰী কেশৱ মহন্ত, বিধায়ক ফণী ভূষণ চৌধুৰী, ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ উপৰিও অগপৰ কেন্দ্ৰীয় সমিতিৰ কেইবাজনো দলীয় নেতা-কৰ্মীয়ে অংশগ্ৰহণ কৰে (AGP Organising Workers Meeting in Dhemaji) ৷

সভাত দলটোৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি তথা কৃষি মন্ত্ৰী অতুল বৰাই কয় যে, আগন্তুক নিৰ্বাচনৰ বাবে সংগঠনটো শক্তিশালী কৰাৰ উদ্দেশ্যৰে 14 টা লোক সভা সমষ্টি লক্ষ্য নিৰ্ধাৰণ কৰি লৈছে অগপই ৷ যিহেতু বিজেপিৰ সৈতে দলটো মিত্ৰজোঁটত আছে; গতিকে ক’ৰবাত দলে নিজে নিৰ্বাচন খেলিব লাগিব, ক’ৰবাত মিত্ৰজোঁটক এৰি দিব লাগিব সমষ্টি (AGP meeting in Dhemaji) ৷

দলটোৰ সাংগঠনিক ভেঁটি মজবুত কৰিবৰ বাবে প্ৰথমখন সন্মিলন কলিয়াবৰত অনুষ্ঠিত কৰাৰ পিছত দ্বিতীয়খন আজি ধেমাজিত অনুষ্ঠিত কৰা হৈছে ৷ লগতে 11 জুনত যোৰহাট লোকসভা সমষ্টিত কৰ্মকৰ্তা সন্মিলন আয়োজন কৰিব বুলি উল্লেখ কৰে মন্ত্ৰী অতুল বৰাই (Minister Atul Bora in Dhemaji) ৷

লগতে আগন্তুক দিনত অসম গণ পৰিষদে শক্তিশালী ৰূপত আত্মপ্ৰকাশ কৰিব বুলি মন্তব্য কৰে অগপৰ সভাপতিগৰাকীয়ে ৷ ইফালে কংগ্ৰেছ দলক ক্ষুৰধাৰ সমালোচনা কৰি নেতাজনে কয় যে, কংগ্ৰেছ দলটোৰ বাবে অসমত 855 জন শ্বহীদ হ’ল ৷ তাৰ পিছৰ পৰ্যায়তো ৰাইজে কংগ্ৰেছক সুবিধা দিয়া স্বত্বেও কাম নকৰিলে ৷ গতিকে ৰাইজে কংগ্ৰেছক বিদায় দিছে বুলি মন্তব্য কৰে অতুল বৰাই (Minister Keshab Mahanta in Dhemaji) ৷

লগতে পঢ়ক: Warm situation in Dibrugarh : দুলীয়াজান ক্লাৱত অনুষ্ঠিত হোৱা প্ৰাক্তন আছু সতীৰ্থ সন্মিলনক লৈ উত্তপ্ত পৰিস্থিতি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.