ETV Bharat / state

AASU Pratima Pandey Award: একলব্য গামলৈ আছুৰ প্ৰতিমা পাণ্ডে বৰুৱা বঁটা

author img

By

Published : Dec 22, 2022, 4:44 PM IST

Updated : Dec 22, 2022, 5:23 PM IST

সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰতিমা পাণ্ডে বৰুৱা বঁটা এই বছৰ প্ৰদান কৰা হৈছে ধেমাজিৰ লোক-সংস্কৃতিৰ সাধক, প্ৰবীণ শিল্পী, একনিষ্ঠ সাংস্কৃতিক সংগঠক একলব্য গামলৈ (Pratima Pandey Award 2022 to Akalabya Gam) ৷

Akalabya Gam
Akalabya Gam

আছুৰ প্ৰতিমা পাণ্ডে বৰুৱা বঁটা ২০২২ ঘোষণা

ধেমাজি, ২২ ডিচেম্বৰ : সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰতিমা পাণ্ডে বৰুৱা বঁটা এই বছৰ প্ৰদান কৰা হৈছে ধেমাজিৰ লোক-সংস্কৃতিৰ সাধক, প্ৰবীণ শিল্পী, একনিষ্ঠ সাংস্কৃতিক সংগঠক একলব্য গামলৈ (Pratima Pandey Award 2022 to Akalabya Gam) ৷

আছুৰ তৰফৰ পৰা বৃহস্পতিবাৰে ঘোষণা কৰে ২০২২ বৰ্ষৰ প্ৰতিমা পাণ্ডে বৰুৱা বঁটা প্ৰাপকৰ নাম (AASU Pratima Pandey Award 2022 declared) ৷ আনহাতে, একলব্য গামলৈ প্ৰতিমা পাণ্ডে বৰুৱা বঁটা প্ৰদানৰ ঘোষণাৰ লগে লগে উৎফুল্লিত হৈ পৰিছে ধেমাজিবাসী ৷ ইফালে উক্ত বঁটা ঘোষণা কৰাৰ পিছতে ধেমাজি জিলা আছুৰ (AASU Dhemaji district) এটি বৃহৎ দলে ধেমাজিস্থিত একলব্য গামৰ বাসগৃহত উপস্থিত হৈ শিল্পীজনক বিশেষভাৱে সম্বৰ্ধনা জনোৱাৰ লগতে শুভেচ্ছা জ্ঞাপন কৰে (Dhemaji folk artist Aklabya Gam) ৷

উল্লেখযোগ্য যে ১৯৫৮ চনত মাজুলীৰ লাচন গাঁৱত জন্মগ্ৰহণ কৰা একলব্য গাম দীৰ্ঘদিন ধৰি মিচিং লোক-সংস্কৃতিৰ গৱেষণা কাৰ্যৰ সৈতে জড়িত হৈ আহিছে ৷ এগৰাকী ভাল ঢুলীয়া আৰু পেঁপুৱৈ হিচাপে বিখ্যাত একলব্য গামে ১৯৮৩ চনৰ পৰা অনাতাঁৰ কেন্দ্ৰত মিচিং গীত-মাত পৰিবেশন কৰি আহিছে ৷

নতুন প্ৰজন্মক দীৰ্ঘদিন ধৰি লোকবাদ্য শিক্ষাৰে শিক্ষিত কৰাৰ বাবে সাধনা কৰি অহা একলব্য গামে ডঃ ভূপেন হাজৰিকা পৰিচালিত 'মিৰিজীয়ৰী'ত গীত পৰিবেশন কৰাৰ বিপৰীতে মিচিং গীতৰ প্ৰথম অডিঅ' কেছেট 'কাৰ্পুংপুলিত' কণ্ঠদান কৰিছিল ৷ শতাধিক কেছেটত কণ্ঠদান কৰা একলব্য মিচিং বানে কেবাং, মিচিং আগম কেবাঙকে ধৰি বিভিন্ন জাতীয় সংগঠনৰ সৈতে জড়িত ৷

বৰ্তমান মিচিং দুৰ্বৃ কেবাঙৰ সভাপতিৰ দায়িত্বত থকা একলব্য গামে অসম চৰকাৰৰ সাংস্কৃতিক কেন্দ্ৰৰ বিষয়া হিচাপে অসমৰ লোক-সংস্কৃতিক জগত সভালৈ নিয়াৰ বাবে নীৰৱে কৰ্মত প্ৰবৃত্ত হৈ আছে ৷ দুটি পুত্ৰ সন্তান আৰু দুটি কন্যা সন্তানৰ পিতৃ একলব্য গামে নিজ পৰিবাৰৰ সৈতে এখন সুখৰ সংসাৰ চলাই আছে ধেমাজি নগৰৰ সমীপৱৰ্তী কোলাপথাৰ কাড়িচুকত ৷ ইপিনে বঁটা প্ৰাপ্তিৰ খবৰত উৎফুল্লিত হৈ পৰিছে একলব্য গাম । লগতে তেওঁক এই বঁটা প্ৰদানৰ বাবে আছুক ধন্যবাদ জনাই একলব্য গামে লোক-সংস্কৃতিৰ বৰপথাৰত অধিক কাম কৰাৰ অংগীকাৰ কৰে ৷

উল্লেখ্য, লোকসংগীতৰ একনিষ্ঠ সাধক, গোৱালপৰীয়া লোকগীতৰ সম্ৰাজ্ঞী তথা লোক সংগীতক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰা লোকগীতৰ শিল্পী প্ৰতিমা বৰুৱা পাণ্ডেৰ মৃত্যু দিৱস ২৭ ডিচেম্বৰত একলব্য গামক এই বঁটা প্ৰদান কৰা হ'ব । বিগত বছৰত এই বঁটা প্ৰদান কৰা হৈছিল ৰাজ্যৰ আন এগৰাকী প্ৰখ্যাত লোকশিল্পী তথা বিহুগীতৰ সম্ৰাট খগে গগৈক । তেওঁৰ বিহুগীতৰ একক শৈলীৰ বাবে ২০২১ বৰ্ষৰ আছুৰ প্ৰতিমা পাণ্ডে বৰুৱা বঁটা প্ৰদান কৰা হৈছিল ।

উল্লেখ্য, পদ্মশ্ৰী প্ৰতিমা পাণ্ডে বৰুৱা বঁটা প্ৰদান অনুষ্ঠান অহা ২৭ ডিচেম্বৰত চানমাৰিস্থিত আছুৰ প্ৰতিমা পাণ্ডে বৰুৱা স্মৃতি উদ্যান তথা স্মাৰকত অনুষ্ঠিত হ'ব । উক্ত বঁটাত থাকিব এখন গামোচা, এখন শৰাই আৰু নগদ ২৫ হাজাৰ টকা । উল্লেখযোগ্য যে গোৱালপৰীয়া লোকগীতৰ সম্ৰাজ্ঞী প্ৰতিমা পাণ্ডে বৰুৱাৰ জন্ম হৈছিল ১৯৩৪ চনৰ ৩ অক্টোবৰত কলকাতাত । আনহাতে, ২০০২ চনৰ ২৭ ডিচেম্বৰত এইগৰাকী মহান শিল্পীয়ে গৌৰীপুৰত শেষ নিশ্বাস ত্যাগ কৰে ।

লগতে পঢ়ক :Sahitya Akademi 2022: গল্পকাৰ-সাংবাদিক মনোজ কুমাৰ গোস্বামীলৈ সাহিত্য অকাডেমি বঁটা

Last Updated : Dec 22, 2022, 5:23 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.