ETV Bharat / state

Simen Chapori Shankdev Sishu Niketan: চিমেন চাপৰি শংকৰদেৱ শিশু নিকেতনৰ 24 সংখ্যক প্ৰতিষ্ঠা দিৱস

author img

By

Published : Jan 4, 2023, 8:56 PM IST

বুধবাৰে অনুষ্ঠিত হ’ল চিমেন চাপৰি শংকৰদেৱ শিশু নিকেতনৰ প্ৰতিষ্ঠা দিৱস ৷ প্ৰতিষ্ঠাকালৰে পৰা বিদ্যালয়খনে মানৱ সম্পদ গঢ় দিয়াৰ ক্ষেত্ৰত লেখত ল’ব লগীয়া ভূমিকা পালন কৰি আহিছে ৷ প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি আনুষ্ঠিত হয় বিভিন্ন সাংস্কৃতিক কাৰ্যসূচী ৷

Simen Chapori Shankdev Sishu Niketan
চিমেন চাপৰি শংকৰদেৱ শিশু নিকেতনৰ 24 সংখ্যক প্ৰতিষ্ঠা দিৱস

চিমেন চাপৰি শংকৰদেৱ শিশু নিকেতনৰ 24 সংখ্যক প্ৰতিষ্ঠা দিৱস

জোনাই,৪ জানুৱাৰী: বুধবাৰে এদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হয় পশ্চিম জোনাইৰ অন্যতম শিক্ষানুষ্ঠান চিমেন চাপৰি শংকৰদেৱ শিশু নিকেতনৰ(Simen Chapori Shankdev Sishu Niketan) ২৪ সংখ্যক প্ৰতিষ্ঠা দিৱস ৷ প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি অনুষ্ঠিত হয় বিজ্ঞান প্ৰদৰ্শনী, গ্ৰন্থ উন্মোচন, অভিভাৱক সভা আৰু সাংস্কৃতিক অনুষ্ঠান ৷

পুৱা স্বচ্ছতা অভিযানৰ পাছতে পতাকা উত্তোলন(Flag Hosting) কৰে চিমেন চাপৰি শংকৰদেৱ শিশু নিকেতনৰ পৰিচালনা সমিতিৰ সভাপতি দিলীপ কুমাৰ গগৈয়ে । অনুষ্ঠানত ছাত্ৰ-ছাত্ৰী সকলৰ দ্বাৰা মাৰ্চপাষ্ট, যোগ ব্যায়াম, বাৰেৰহণীয়া কৃষ্টি প্ৰদৰ্শন, অন্যান্য গীত-নৃত্যৰ পৰিৱেশন আৰু প্ৰদৰ্শন কৰা হয় । পুৱা 10 বজাত বিজ্ঞান প্ৰদৰ্শনী অনুষ্ঠানৰ উদ্ধোধন কৰে চিমেন চাপৰি গাওঁ পঞ্চায়তৰ সভাপতি ডম্বৰু কোঁৱৰে ।

ছাত্ৰ-ছাত্ৰীসকলে সৌৰশক্তিৰে ভেকুৱাম ক্লীনাৰ,বায়ু প্ৰদূষণ ৰোধ কৰা, জলচক্ৰ উৎপাদন, আগ্নেয়গিৰি, প্ৰাকৃতিক ভাৰসাম্য ৰক্ষা কৰা কৌশল, বৰষুণৰ পানী সংৰক্ষণ কৰা পদ্ধতি, পুনৰ বনানীকৰণ,জল প্ৰদূষণ ৰোধ কৰা পদ্ধতি, এডিচ বৰষুণ,মডেল সেউজ নগৰীকৰণ,বিনামূলীয়া বিদ্যুৎ উৎপাদন পদ্ধতি, ভূমি সংৰক্ষণ, ছেটেলাইট কমিউনিকেশ্যন আদি বিশটাৰো অধিক বিজ্ঞান প্ৰদৰ্শনী প্ৰদৰ্শন কৰে(Science Model Presentation) ।

পুৱা 10.30 বজাত বিদ্যালয়ৰ প্ৰাচীৰ প্ৰত্ৰিকা(Wall Magazine) অংকুৰণ উম্মোচন কৰে অৱসৰপ্ৰাপ্ত শিক্ষক প্ৰদীপ দুৱৰাই । দিনৰ 11 বজাৰ পৰা বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি দিলীপ কুমাৰ গগৈৰ সভাপতিত্বত মুকলি সভা আৰু অভিভাৱক সভা আৰম্ভ হয় । চিমেন চাপৰি শংকৰদেৱ শিশু নিকেতনৰ প্ৰধান আচাৰ্য্য সুৰজিৎ নাৰ্জাৰীয়ে আঁতধৰা অনুষ্ঠানত বিদ্যালয় অভিভাৱক-অভিভাৱিকা সকলে অংশগ্ৰহণ কৰে ।

অনুষ্ঠানত অৱসৰপ্ৰাপ্ত শিক্ষক তথা চিমেন চাপৰি শংকৰদেৱ শিশু নিকেতনৰ প্ৰতিষ্ঠাপক সম্পাদক জয়নাৰায়ণ উপাধ্যায়য়ে কয়,‘‘ ৰূপালী জয়ন্তীবৰ্ষ গৰকিবলৈ আগবঢ়া চিমেন চাপৰি শংকৰদেৱ শিশু নিকেতনে প্ৰতিষ্ঠাকালৰে পৰাই বিদ্যায়তনিক দিশত অভূতপূৰ্ব বৰঙণি আগবঢ়াই আহিছে ৷ সাম্প্ৰতিক সময়ত দৈনন্দিন প্ৰতিটো ক্ষেত্ৰতে বিজ্ঞানৰ ব্যৱহাৰিক গুৰুত্ব বৃদ্ধি পাইছে । বিজ্ঞান অবিহনে কোনো দিশতে মানুহৰ জয়যাত্ৰা সফল হ'ব নোৱাৰে, উন্নত প্ৰযুক্তি আৰু বিজ্ঞানৰ প্ৰয়োগ কৰি অসম্ভৱ কাৰ্যকো সফল কৰি তুলিবলৈ সক্ষম হৈছে ৷’’

সভাৰ আৰম্ভণিতে বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতিয়ে বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰী, ছাত্ৰ-ছাত্ৰী সকলক শপত বাক্য পাঠ কৰোৱায় । গোবিন্দ গগৈৰ উপৰিও কেবাগৰাকী অভিভাৱকে বক্তব্য ৰখা মুকলি সভাত বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলে নৃত্য-গীত পৰিৱেশন কৰি অনুষ্ঠানৰ সৌস্তৱ বৃদ্ধি কৰে ।

লগতে পঢ়ক: Guwahati HC Verdict: বটদ্ৰবাকাণ্ড সন্দৰ্ভত আদালততত ভুল স্বীকাৰ আৰক্ষী-চৰকাৰৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.