ETV Bharat / state

Chimen Chapari AASU: অসম তথা অসমীয়াৰ সংকটৰ সময়ত জাতীয় দায়িত্ব পালন কৰি আহিছে আছুৱে; সঞ্জীৱ দাস

author img

By ETV Bharat Assamese Team

Published : Sep 12, 2023, 7:25 AM IST

Chimen Chapari Anchalik Students Union
আছু হৈছে এটা জাতীয় সত্তা : সঞ্জীৱ দাস

সোমবাৰে অনুষ্ঠিত কৰা হয় সদৌ অসম ছাত্ৰ সন্থাৰ চিমেন চাপৰি আঞ্চলিকৰ ত্ৰয়োদশ বাৰ্ষিক অধিৱেশনখন ৷ এই অধিৱেশনৰ প্ৰতিনিধি সভা উদ্বোধন কৰে সদৌ ধেমাজি জিলা ছাত্ৰ সন্থাৰ সভাপতি সঞ্জীৱ দাসে ৷

য় চিমেন চাপৰি আঞ্চলিক ছাত্ৰ সন্থাৰ ত্ৰয়োদশ বাৰ্ষিক অধিৱেশন

জোনাই, ১২ ছেপ্টেম্বৰ : সদৌ অসম ছাত্ৰ সন্থাৰ ধেমাজি জিলা সমিতিৰ অন্যতম শক্তিশালী চিমেন চাপৰি আঞ্চলিক ছাত্ৰ সন্থাৰ ত্ৰয়োদশ বাৰ্ষিক অধিৱেশনখন সোমবাৰে অনুষ্ঠিত কৰা হয় । এদিনীয়াকৈ দিনজোৰা কাৰ্যসূচীৰে চিমেন চাপৰি শ্বহীদ ভৱনত অনুষ্ঠিত কৰা হয় ৷ এই অধিৱেশনৰ কাৰ্যসূচী মৰ্মে পুৱা ৭ বজাত সামূহিক চাফাই অভিযান ৰূপায়ণ কৰা হয় । তাৰ পাচত পুৱা ৯ বজাত আছুৰ পতাকা উত্তোলন কৰে চিমেন চাপৰি আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি ভাস্কৰ বৰগোহাঁইয়ে ।

পুৱা ৯-৩০ বজাত শ্বহীদ তৰ্পণ কৰে চিমেন চাপৰি আঞ্চলিক ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক লুনা গগৈয়ে । পুৱা ১০ বজাত ছাত্ৰ-ছাত্ৰীৰ মাজত চিত্ৰাংকন প্ৰতিযোগিতাৰো আয়োজন কৰা হয় । দিনৰ ১১ বজাত চিমেন চাপৰি মহাবিদ্যালয়ৰ ছাত্ৰীৰসকলৰ দ্বাৰা সমবেত সংগীতেৰে প্ৰতিনিধি সভাৰ মঞ্চ মুকলি কৰা হয় । ইয়াৰ সমান্তৰালভাৱে দিনৰ ১১ বজাত প্ৰতিনিধি সভা উদ্বোধন কৰে সদৌ ধেমাজি জিলা ছাত্ৰ সন্থাৰ সভাপতি সঞ্জীৱ দাসে ৷

দাসে কয়, ‘‘সদৌ অসম ছাত্ৰ সন্থা হৈছে এটা জাতীয় সত্তা । অসমৰ জাতীয় জীৱনৰ প্ৰতি অহা যিকোনো সংকটৰ সময়ত ছাত্ৰ সন্থাই নিৰ্ভিক আৰু শক্তিশালীভাৱে অসম আৰু অসমীয়াৰ স্বভিমান ৰক্ষাৰ দায়িত্ব পালন কৰি আহিছে । ছাত্ৰ সন্থাৰ পবিত্ৰ মঞ্চত থাকি আছুৰ কৰ্মকৰ্তাসকলে সমাজ আৰু জাতিৰ উন্নয়নৰ লক্ষ্যত জাগ্ৰত প্ৰহৰীৰ ভূমিকা ল'ব লাগিব’’ ৷

লগতে তেওঁ ছাত্ৰ-ছাত্ৰীসকলক দক্ষতা, বিকাশ আৰু গুণগত শিক্ষাৰ প্ৰতি আকৰ্ষিত হৈ ভৱিষ্যত জীৱনত এগৰাকী সু-নাগৰিক হিচাপে গঢ়ি সমাজ তথা অসমৰ জাতীয় জীৱনলৈ অমূল্য অৰিহণা যোগাব লাগিব বুলিও ভাষণ আগবঢ়ায় । সভাত নিদিষ্ট বক্তা হিচাপে আছুৰ কেন্দ্ৰীয় তথ্য সম্পাদক মন্টুৰাজ বৰুৱা উপস্থিত থাকি সদৌ অসম ছাত্ৰ সন্থাৰ দৃষ্টিভংগী, দায়িত্ব-কৰ্তব্যৰ ওপৰত বক্তব্য ৰাখে ৷

লগতে ছাত্ৰ-ছাত্ৰীৰ সুৰক্ষিত ভৱিষ্যতৰ বাবে উন্নত শৈক্ষিক পৰিৱেশ গঢ় দিব লাগিব বুলিও তেওঁ উল্লেখ কৰে ৷ অসমৰ জাতীয় জীৱনৰ প্ৰতি অহা প্ৰত্যাহ্বানক নেওচি ছাত্ৰ সন্থাই অসমৰ ৰাইজৰ পৰামৰ্শ গ্ৰহণ কৰি আৰু পূৰ্ণ সহযোগিতাৰে অসম আৰু অসমীয়াৰ সৰ্বকালৰ সুৰক্ষা-নিৰাপত্তা প্ৰদান কৰিবলৈ জাতীয় দায়িত্ব পালন কৰিব লাগিব বুলিও তেওঁ বক্তব্য ৰাখে ।

বিশিষ্ট অতিথি হিচাপে আছুৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক ৰাজীৱ গগৈ, ৰবি কছাৰী, সন্মানীয় অতিথি হিচাপে সদৌ ধেমাজি জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক জয়ন্ত বৰগোহাঁই, উপদেষ্টা দীপক শৰ্মা, বিজু দাস উপস্থিত থাকি আছুৰ মজিয়াত থাকি উঠি অহা প্ৰজন্মই জাতীয়তাবাদী চিন্তাধাৰাৰে অসমৰ সমাজ জীৱন সমৃদ্ধিশালী কৰি তুলিব লাগিব বুলি সাৰুৱা ভাষণ আগবঢ়ায় ।

বিয়লি ৩ বজাত অনুষ্ঠিত হোৱা বিষয় বাচনি সভাত আমন্ত্ৰিত অতিথি হিচাপে সদৌ ধেমাজি জিলা ছাত্ৰ সন্থাৰ সাংগঠনিক সম্পাদক জিন্টু ভূঞা, উপ সভাপতি দেৱ কলিতা, মনোৰঞ্জন চেতিয়া, হীৰেন শৰণীয়া, সহকাৰী সাধাৰণ সম্পাদক দেবেন ডেকা আৰু ৰঞ্জিত বসুমতাৰী, আলোকজ্যোতি দত্ত, শিক্ষা সম্পাদক কমল ৰাভা, জোনাই মহকুমা ছাত্ৰ সন্থাৰ সভাপতি লক্ষ্য শৰণীয়া, সাধাৰণ সম্পাদক মাধৱ বনিয়া, ধেমাজি মহকুমা ছাত্ৰ সন্থাৰ সভাপতি অৰবিন্দ গগৈ আৰু সাধাৰণ সম্পাদক অনিৰ্বাণ শইকীয়া উপস্থিত থাকে ।

সন্ধিয়া ৫ বজাত অনুষ্ঠিত কৰা হয় দিহা নাম প্ৰতিযোগিতা । সন্ধিয়া ৬ বজাত স্থানীয় মহিলাসকলৰ সমবেত সংগীতেৰে সাংস্কৃতিক সন্ধ্যাৰ মঞ্চ উদ্ধোধন কৰে । সন্ধিয়া ৭ বজাৰ পৰা আৰম্ভ হোৱা সাংস্কৃতিক অনুষ্ঠানত গীতৰ শৰাই আগবঢ়াই কণ্ঠশিল্পী দ্বীপশিখা বৰাই ।

লগতে পঢ়ক : Amrit Brikshya Andolan in dhemaji:অমৃত বৃক্ষ আন্দোলনৰ পূৰ্ণ প্ৰস্তুতি ধেমাজিত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.