ETV Bharat / state

পাচলি বজাৰত জুই : মূল্য নিয়ন্ত্ৰণত ব্যৰ্থ যোগান বিভাগ

author img

By

Published : Oct 3, 2020, 4:19 PM IST

দৰঙৰ খাৰুপেটীয়াৰ পাইকাৰী পাচলি বজাৰত জুই-চাই দাম । চাহিদা অনুপাতে নাই পাচলিৰ উৎপাদন ৷ দুগুণ দামত বিক্ৰী হৈছে পাচলি ৷

Vegetables Price Hike in kharupetia vegetable market dalgaon assam etv bharat news
পাচলি বজাৰত মূল্যবৃদ্ধি

দলগাঁও,3 অক্টোবৰ: পাচলি বিক্ৰীৰ এক বৃহৎ কেন্দ্ৰস্থল হিচাপে পৰিণত হৈছে দৰঙৰ খাৰুপেটীয়া ৷ খাৰুপেটীয়াৰ পৰায়ে ৰাজ্যৰ ভিন্ন প্ৰান্তলৈ সৰবৰাহ কৰা হয় শাক-পাচলি ৷ শেহতীয়া সময়ছোৱাত লক ডাউন আৰু বানৰ বাবে যথেষ্ঠ ক্ষতিৰ সন্মুখীন হৈছে পাচলি বজাৰখনৰ লগতে ব্যৱসায়ী আৰু কৃষকসকল ৷ দৰঙৰ অন্যতম কৃষি প্ৰধান অঞ্চল দলগাঁৱত কৃষকে উপযুক্ত বীজ-সাৰ আদিৰ অভাৱত এইবেলি কৰিব পৰা নাই পাচলিৰ খেতি ৷ ফলত ইয়াৰ মুনাফা উঠাইছে একাংশ ব্যৱসায়ীয়ে ৷ পাচলিৰ ব্যাপক চাহিদা থকা সত্বেও পৰ্যাপ্ত পৰিমাণে পাচলি উৎপাদন নোহোৱাত কৃষি নগৰী ৰূপে পৰিচিত খাৰুপেটীয়াৰ সৰ্ববৃহৎ বালুগাঁও বজাৰত অস্বাভাৱিকভাৱে বৃদ্ধি পাইছে পাচলিৰ দাম ৷ ফলত সাধাৰণ ৰাইজে পূৰ্বৰ মূল্যতকৈ বহুগুণ বেছি দামেৰে ক্ৰয় কৰিবলগীয়া হৈছে পাচলি ৷ পাচলিৰ এনে মূল্যবৃদ্ধিয়ে ৰাজ্য চৰকাৰৰ যোগান বিভাগৰ ব্যৰ্থতাৰ ছবিখন উদঙাই তুলিছে ৷

পাচলি বজাৰত মূল্যবৃদ্ধি

সম্প্ৰতি খাৰুপেটীয়াৰ বালুগাঁও পাইকাৰী পাচলি বজাৰত পাচলিৰ দামসমূহ এনেধৰণৰ-

  • ফুলকবি- প্ৰতি কিল’গ্ৰামত 60-80 টকা
  • জিকা- প্ৰতি কিল’গ্ৰামত 35-36 টকা
  • ভোল- প্ৰতি কিল’গ্ৰামত 20-25 টকা
  • জলকীয়া- প্ৰতি কিল’গ্ৰামত 80-90 টকা
  • কেৰেলা- প্ৰতি কিল’গ্ৰামত 50-56 টকা
  • লেচেৰি- প্ৰতি কিল’গ্ৰামত 45-50 টকা
  • বেঙেনা- প্ৰতি কিল’গ্ৰামত 40-50 টকা
  • উৰহী- প্ৰতি কিল’গ্ৰামত 80-82 টকা
  • ভাত কেৰেলা- প্ৰতি কিল’গ্ৰামত 35-40 টকা
  • পানী লাও- প্ৰতি কিল’গ্ৰামত 40-42 টকা
  • ৰঙা লাও- প্ৰতি কিল’গ্ৰামত 20-30 টকা
  • ভেন্দি- প্ৰতি কিল’গ্ৰামত 35-40 টকা
  • তিয়ঁহ- প্ৰতি কিল’গ্ৰামত 35-40 টকা
  • পটল- প্ৰতি কিল’গ্ৰামত 40-42 টকা ৷

লগতে চাওকঃ শিলত চিত্ৰ অংকনেৰে কৰ’ণাৰ বিৰুদ্ধে সজাগতা সৃষ্টি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.