ETV Bharat / state

দৰঙত ড’নাৰ আৰু সমবায় বিভাগৰ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী বি এল বাৰ্মা

author img

By

Published : May 3, 2022, 6:08 PM IST

union-minister-of-state-bl-berma-in-darrang
দৰঙত ড’নাৰ আৰু সমবায় বিভাগৰ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী বি এল বাৰ্মা

ড’নাৰ মন্ত্ৰণালয়ৰ ৰাজ্যিক মন্ত্ৰী বি এল বাৰ্মাই সোমবাৰে দৰং জিলা ভ্ৰমণ কৰে (Union minister BL Verma visits Darrang) ৷ এই যাত্ৰাৰ সবিশেষ জানো আহক ৷

দৰং, 3 মে' : দৰং জিলাৰ উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত আজি অনুষ্ঠিত এক সভাত ড’নাৰ আৰু সমবায় বিভাগৰ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী বি এল বাৰ্মাই দৰঙৰ আকাংক্ষিত জিলা প্ৰকল্পৰ পৰ্যালোচনা কৰে ৷ আকাংক্ষিত জিলা প্ৰকল্পৰ অধীনত চলি থকা উন্নয়নমূলক কাৰ্যসমূহৰ বিস্তৃতভাৱে পৰ্যালোচনা কৰি আচঁনি ৰূপায়নৰ গতি অধিক ক্ষীপ্ৰ কৰাৰ ওপৰত কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে গুৰুত্ব আৰোপ কৰে । আকাংক্ষিত জিলা প্রকল্পৰ সময়সাপেক্ষ ৰূপায়ণৰ ফলত জিলাখনৰ সকলো স্তৰৰ বাসিন্দাসকল লাভান্বিত হ'ব বুলি তেওঁ কয় ।

ইয়াৰ লগতে তেওঁ পিছ পৰি থকা দিশসমূহৰ প্রদর্শনৰ ওপৰত অধিক গুৰুত্ব আৰোপ কৰিবলৈ নির্দেশ দিয়ে ৷ উল্লেখযোগ্য যে, আকাংক্ষিত জিলা প্ৰকল্পৰ দ্বাৰা দেশৰ পিছ পৰি থকা জিলা সমূহৰ সামগ্রিক উন্নয়নৰ পথ সুচল কৰিবলৈ প্ৰচেষ্টা হাতত লোৱা হৈছে । ইয়াৰ অধীনত জিলা সমূহৰ মাজত প্রতিযোগিতামূলক ভাৱৰ জৰিয়তে ৫ টা আর্থ-সামাজিক ক্ষেত্ৰত যেনে স্বাস্থ্য আৰু পৰিপুষ্টি, শিক্ষা, কৃষি আৰু জল সম্পদ, অর্থনৈতিক অর্ন্তভুক্তি আৰু কৌশল বিকাশ, আন্তঃগাঠনিৰ ৪৯ টা মূল প্রদর্শন সূচাংকৰ (Key Performance Indicator) ডেল্টা ৰেংকিঙত উন্নয়ণ সাধন কৰিবলৈ পদক্ষেপ গ্রহন কৰে ।

দৰঙত ড’নাৰ আৰু সমবায় বিভাগৰ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী বি এল বাৰ্মা

আজিৰ সভাখনত মঙলদৈ লোকসভা সমষ্টিৰ সাংসদ দিলীপ শইকীয়া, ছিপাঝাৰৰ বিধায়ক ড৹ পৰমানন্দ ৰাজবংশী, দৰং জিলাৰ উপায়ুক্ত প্ৰণৱ কুমাৰ শৰ্মা, জিলা উন্নয়ন আয়ুক্ত শুভলক্ষ্মী ডেকা প্ৰমুখ্যে বিভিন্ন বিভাগৰ জিলা মুৰব্বীসকল উপস্থিত থাকে । ইয়াৰ পিচতে, মঙলদৈ আৱৰ্ত ভৱনত সাংবাদিক সকলৰ সৈতে মত বিনিময় কৰি কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী গৰাকীয়ে আকাংক্ষিত জিলা প্ৰকল্পৰ অধীনত বিভিন্ন শিতানত দৰং জিলাই সাধন কৰিবলৈ সক্ষম হোৱা উন্নয়নৰ প্রশংসা কৰে ।

তেওঁ লগতে কয় যে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে উত্তৰ পূৰ্বাঞ্চলৰ উন্নয়নৰ ওপৰত যথেষ্ট গুৰুত্ব আৰোপ কৰিছে । প্ৰধানমন্ত্ৰী গৰাকীয়ে উত্তৰ পূৰ্বাঞ্চলক অষ্টলক্ষ্মী আখ্যা দিছে আৰু দেশৰ ভিতৰতে ইয়াক এক উন্নত অঞ্চল হিচাপে গঢ়ি তোলাৰ বাবে পদক্ষেপ গ্ৰহন কৰিছে । উল্লেখযোগ্য যে, কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী গৰাকীয়ে তেওঁৰ দৰং জিলা ভ্ৰমণকালত দৰঙৰ কৰ্কট চিকিৎসালয় আৰু মঙলদৈ ক্ৰিকেট ষ্টেডিয়ামো পৰিদৰ্শন কৰে ৷

লগতে পঢ়ক : বিজেপিত মেয়ৰ কেন্দ্ৰিক সংঘাত, দল এৰিলে শশাংকই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.