ETV Bharat / state

খাৰুপেটীয়াৰ নাগেশ্বৰত পথ দুৰ্ঘটনা

author img

By

Published : Mar 30, 2021, 1:44 PM IST

road accident in Dalgaon
খাৰুপেটীয়াৰ নাগেশ্বৰত ভয়ংকৰ পথ দুৰ্ঘটনা

দৰঙৰ খাৰুপেটীয়াৰ নাগেশ্বৰত পথ দুৰ্ঘটনা ৷ নিয়ন্ত্ৰণ হেৰুৱাই পথ সংলগ্ন এটি বাসগৃহ মহতিয়াই নিলে এখন ৰাসায়নিক সাৰ ভৰ্তি ট্ৰাকে ৷ এই দুৰ্ঘটনাত আহত হয় দুজন লোক ৷

দলগাঁও,30 মাৰ্চ: দৰঙৰ খাৰুপেটীয়াৰ নাগেশ্বৰত মঙলবাৰে এক পথ দুৰ্ঘটনা সংঘটিত হয় । AS 01 HC 0767 নম্বৰৰ ৰাসায়নিক সাৰ ভৰ্তি ট্ৰাকে নিয়ন্ত্ৰণ হেৰুৱাই পথ সংলগ্ন এটি বাসগৃহ মহতিয়াই নিয়ে ।

ট্ৰাকখনে ঘৰটো মহতিয়াই নিয়াত ৰফিকুল ইছলাম, মাজেদা খাতুন নামৰ একে পৰিয়ালৰে দুগৰাকী সদস্য আহত হয় । ঘৰৰ ভিতৰত থকা আন সদস্যসকলে দৌৰি প্ৰাণৰক্ষা কৰে । ট্ৰাকখনে মহতিয়াই নিয়ে ঘৰৰ ভিতৰত থকা এটা জেৰক্স আৰু কম্পিউটাৰ ছেট, আচবাব আদিকে ধৰি অন্যান্য আচবাবসমূহ ৷ পৰিয়ালটোৰ ক্ষতি হয় প্ৰায় তিনি লক্ষাধিক টকাৰ মুল্যবান সা-সামগ্ৰী ৷

ঘটনাৰ খবৰ পাই খাৰুপেটীয়া আৰক্ষীয়ে সোমবাৰে নিশা দুৰ্ঘটনাত পতিত গাড়ীখনৰ পৰা পাঁচ শতাধিক সাৰৰ বস্তা আন‌ এখন গাড়ীত আনলোড কৰি দিয়াৰ লগতে দুৰ্ঘটনাগ্ৰস্ত গাড়ীখন জব্দ কৰি থানালৈ নিয়ে । আনহাতে, আহত স্বামী-স্ত্ৰীক খাৰুপেটীয়া চিকিৎসালয়লৈ প্ৰাথমিক চিকিৎসা প্ৰদানৰ বাবে প্ৰেৰণ কৰা হয় ৷

লগতে পঢ়ক: লুৰিণ জ্যোতি গগৈৰ মাতৃৰ আশু আৰোগ্য কামনাৰে চাচনীবাসীৰ বন্তি প্ৰজ্বলন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.