ETV Bharat / state

প্ৰতিবাদত কপি উঠিল প্ৰাগ ব’চিমি ছিন্থেটিক লিমিটেড চৌহদ

author img

By

Published : Aug 25, 2020, 7:46 PM IST

65 কোটি টকীয়া কেলেংকাৰীৰ বিৰুদ্ধে মঙলবাৰে প্ৰতিবাদমুখৰ হৈ পৰে দৰঙৰ ছিপাঝাৰস্থিত উত্তৰ-পূৰ্বাঞ্চলৰ সৰ্ববৃহৎ সূতা উদ্যোগ প্ৰাগ ব’চিমি ছিন্থেটিক লিমিটেডৰ চৌহদ ৷ এই কেলেংকাৰীৰ তদন্তৰ দাবীত কৰ্মচাৰীসকলে অৰ্ধনগ্ন হৈ সাব্যস্ত কৰে উত্তাল প্ৰতিবাদ ৷

Protest of prag bosimi synthetic limited employees darrang assam etv bharat news
প্ৰাগ ব’চিমি ছিন্থেটিক লিমিটেড চৌহদত প্ৰতিবাদ

দৰং,25 আগষ্ট: মঙলবাৰৰ দিনটোত প্ৰতিবাদমুখৰ হৈ পৰিল উত্তৰ-পূৰ্বাঞ্চলৰ সৰ্ববৃহৎ সূতা উদ্যোগ প্ৰাগ প্ৰাগ ব’চিমি ছিন্থেটিক লিমিটেড ৷ দৰং জিলাৰ ছিপাঝাৰৰ পিবিএছএল-ৰ চৌহদ প্ৰতিবাদত কঁপি উঠাৰ মুখ্য কাৰণ হৈছে 65 কোটি টকীয়া কেলেংকাৰী ৷ উদ্যোগটোত সংঘটিত এই কেলেংকাৰীৰ তদন্তৰ দাবীত কৰ্মচাৰীসকলে অৰ্ধনগ্ন হৈ মঙলবাৰে সাব্যস্ত কৰে উত্তাল প্ৰতিবাদ ৷

প্ৰাগ ব’চিমি ছিন্থেটিক লিমিটেড চৌহদত প্ৰতিবাদ

উল্লেখ্য যে, অসম চৰকাৰৰ জৰিয়তে এই উদ্যোগটোলৈ অনুমোদন কৰা হৈছিল 65 কোটি টকাৰ বৃহৎ ধনৰাশি । পৰৱৰ্তী সময়ত এই ধনৰাশিৰ ব্যৱহাৰত ব্যাপক অনিয়ম সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈছিল । উত্থাপিত অভিযোগ অনুসৰি, উক্ত ধনৰ জৰিয়তে ইতিমধ্যে কেইবাটাও প্ৰকল্প নিৰ্মাণ কৰাৰ লগতে ক্ৰয় কৰা হৈছে বহু পুৰণা মেচিন । য’ত নতুনকৈ ৰং কৰি দেখুওৱা হোৱাৰ অভিযোগ উত্থাপন কৰে উদ্যোগটোত কৰ্মৰত স্থায়ী কৰ্মচাৰীসকলে । ইপিনে বিগত কেইবামাহো ধৰি প্ৰাপ্যৰ পৰা বঞ্চিত হৈ আছে এইসকল কৰ্মচাৰী । কিন্তু তৎসত্বেও কৰ্মচাৰীসকলৰ এনে সমস্যাৰ প্ৰতি কোনো কাণসাৰ দিয়া নাই জিলা শ্ৰম বিষয়াই ৷

লগতে চাওকঃ বহিঃ ৰাজ্যৰ প্ৰাৰ্থীক নিযুক্তি দিয়াৰ বিৰুদ্ধে সৰৱ প্ৰাথমিক টেট শিক্ষক সন্থা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.