ETV Bharat / state

মঙলদৈ চিকিৎসালয়ত বাৰে বাৰে ভয়ংকৰ ঘটনা সংঘটিত হয় কেনেকৈ?

author img

By

Published : Jun 11, 2020, 5:15 PM IST

মঙলদৈ অসামৰিক চিকিৎসালয়ৰ একাংশ বিষয়া-কৰ্মচাৰীৰ ভুলৰ বাবেই এতিয়া এখন গাঁৱৰ ৰাইজৰ হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হ'বলগীয়া হৈছে ৷ ইতিমধ্যে হানিফ আলী নামৰ লোক জনৰ গৃহ অঞ্চল প্ৰশাসনে কন্টেইনমেণ্ট জ'ন হিচাপে ঘোষণা কৰিছে ।

One COVID-19 Positive Patients Discharged At Mangaldai Civil Hospital
মঙলদৈ চিকিৎসালয়ত বাৰে বাৰে ভয়ংকৰ ঘটনা সংঘটিত হয় কেনেকৈ?

মঙলদৈ, 11 জুনঃ মঙলদৈ অসামৰিক চিকিৎসালয়ত সংঘটিত হয় এক ভয়ংকৰ ঘটনা ৷ চিকিৎসালয়ৰ একাংশ বিষয়া-কৰ্মচাৰীৰ ভুলবশত কোভিদ -19ত আক্ৰান্ত লোকক মুকলি কৰি দিয়ে ৷ ইতিমধ্যে তীব্ৰ কৰণাতংকৰ সৃষ্টি হৈছে আক্ৰান্ত লোকজনৰ গাঁৱৰ ৰাইজৰ মাজত ৷

মঙলদৈ চিকিৎসালয়ত বাৰে বাৰে ভয়ংকৰ ঘটনা সংঘটিত হয় কেনেকৈ?

উল্লেখ্য যে,বুধবাৰে নিশা মঙলদৈ অসামৰিক চিকিৎসালয়ৰ পৰা আনুষ্ঠানিকভাৱে ১৪ গৰাকী কৰ'ণা আৰোগ্য লাভ কৰা লোকক মুকলি কৰি দিয়ে স্বাস্থ্য বিভাগে ৷ উক্ত লোক কেইজনৰ ভিতৰত আছিল হামিড আলী নামৰ এগৰাকী লোক । কিন্তু হামিড আলীৰ পৰিবৰ্তে ঘৰ পালে গৈ আন এজন হানিফ আলী নামৰ লোক । ইতিমধ্যে হানিফ আলী কোভিড-19 ত আক্ৰান্ত হোৱা লোক ৷ কোভিড-19 পজিটিভ ৰোগীজনক মুকলি কৰি দিয়াৰ পিছতে হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয় হানিফৰ গাঁওখনৰ ৰাইজ সকলৰ। তাৰোপৰি এম্বুলেঞ্চ যোগে লৈ যোৱাৰ সময়ত আন ৫ গৰাকী আৰোগ্য লাভ কৰা ব্যক্তিয়ো গৈছিল হানিফৰ সৈতে। ইয়াৰোপৰি এৰাতি ঘৰত থকাৰ পিছত স্বাস্থ্য বিভাগে বৃহস্পতিবাৰে পুনৰ হানিফ আলীক ঘুৰাই আনে চিকিৎসালয়লৈ । ইতিমধ্যে উক্ত ঘটনাটোৰ বাবে হানিফ আলীৰ গৃহ অঞ্চল প্ৰশাসনে কন্টেইনমেণ্ট জ'ন হিচাপে ঘোষণা কৰে ।

আনহাতে, চিকিৎসালয় খনৰ পৰা 14 জন লোকক আনুষ্ঠানিক ভাৱে মুকলি কৰি দিয়া সময়ত উপস্থিতি আছিল উপায়ুক্ত,মঙলদৈ বিধায়ককে ধৰি বহু কেইজন গণ্য-মান্য় লোক ৷

ইতিমধ্যে উক্ত ঘটনাটো পোহৰলৈ অহাৰ পিছতেই এতিয়া সৰৱ হৈ পৰিছে বিভিন্ন দল সংগঠন ৷ ইয়াৰ পূৰ্বেও উক্ত চিকিৎসালয় খনত কেইবাটাও ভয়ংকৰ ঘটনা সংঘটিত হৈছে ৷ কিন্তু কোনো ভ্ৰুক্ষেপ নাই বিষয়া-কৰ্মচাৰী সকলৰ ৷ চিকিৎসালয় খনৰ বিষয়া কৰ্মচাৰীৰ গা- এৰা মনোভাৱৰ বাবেই এনে দৰে ভয়ংকৰ ঘটনা সংঘটিত হৈ আহিছে বুলি অভিযোগ কৰিছে দল সংগঠনে ৷

লগতে পঢ়ক- চিৰাঙত হত্যাৰ বলি চাৰিবছৰীয়া শিশু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.