ETV Bharat / state

কোনো অপশক্তিয়ে বন্ধ কৰিব নোৱাৰে ছিপাঝাৰৰ কৃষি প্ৰকল্প : পদ্ম হাজৰিকা

author img

By

Published : Jul 1, 2021, 8:40 PM IST

no-evil-power-can-stop-sipajhar-agriculture-project-says-padma-hazarika
কোনো অপশক্তিয়ে বন্ধ কৰিব নোৱাৰে ছিপাঝাৰৰ কৃষি প্ৰকল্প

বৃহস্পতিবাৰে, দৰং জিলাৰ মঙলদৈ স্থিত জিলা পুথিভঁৰালত এখন কৃষক সভাত উপস্থিত হয় চতিয়া সমষ্টিৰ বিধায়ক তথা ছিপাঝাৰ বহুমুখী কৃষি প্ৰকল্পৰ অধ্যক্ষ পদ্ম হাজৰিকা ৷ এই বৈঠকত উপস্থিত হৈ ছিপাঝাৰ বহুমুখী কৃষি প্ৰকল্প সম্পৰ্কত মন্তব্য কৰি পদ্ম হাজৰিকাই কয় যে, এই প্ৰকল্প ৰূপায়ণত কোনো অপশক্তিয়ে বাধা দিব নোৱাৰিব ।

দৰং, 1 জুলাই : ''কোনো অপশক্তিয়ে ছিপাঝাৰৰ প্ৰস্তাৱিত কৃষি প্ৰকল্প(Targeted Sipajhar agriculture project) ৰ কাম বন্ধ কৰিব নোৱাৰে, কৃষি প্ৰধান ৰাজ্যখনক কৃষিৰ জৰিয়তে আগবঢ়াই নিবলৈ মুখ্যমন্ত্ৰী(CM) তথা আমাৰ চৰকাৰে প্ৰয়াস অটুত ৰাখিব ৷ অসমীয়া যুৱকক স্বাৱলম্বী কৰিবলৈ আমি দূৰদৰ্শীতাৰে কাম কৰিব লাগিব ।'' এই মন্তব্য চতিয়া সমষ্টি(Chatia LAC)ৰ বিধায়ক তথা ছিপাঝাৰ বহুমুখী কৃষি প্ৰকল্পৰ অধ্যক্ষ পদ্ম হাজৰিকা(Padma Hazarika)ৰ ।

বৃহস্পতিবাৰে, দৰং জিলাৰ মঙলদৈ স্থিত জিলা পুথিভঁৰাল(district library)ত এখন কৃষক সভা(farmers meeting)ত বক্তব্য দাঙি ধৰি হাজৰিকাই কয় যে, নেতিবাচক চিন্তাৰে নহয় ইতিবাচক চিন্তাৰে আমি আগবাঢ়িব লাগিব ৷ এখন আৰ্দশ কৃষি পাম গঢ়ি তুলিবলৈ যি যি আনুসাংগিক সা সুবিধাৰ প্ৰয়োজন সেয়া চৰকাৰে যোগান ধৰিব । বিজ্ঞান সন্মত আৰু জৈৱিক পদ্ধতিৰে নিবনুৱা যুৱক-যুৱতীক সংস্থাপনৰ লক্ষ্যৰে এখন আদৰ্শ কৃষি পাম গঢ়ি তোলা হ’ব বুলিও মন্তব্য কৰে তেওঁ ।

এতিয়া, বহিৰাজ্যৰ পৰা কৃষিজাত সামগ্ৰী আমদানি কৰা হৈছে, সেয়া বাদ দি আমাৰ সামগ্ৰী বহিঃৰাজ্যলৈ পঠোৱাৰ ব্যৱস্থা কৰা হ’ব । উক্ত ভূমিত কোনো বৃহৎ উদ্যোগ প্ৰতিষ্ঠা কৰা নহয় বুলি দৃঢ়তাৰ সৈতে হাজৰিকাই কয় যে, উক্ত বহুমুখী প্ৰকল্পৰ জৰিয়তে মীন পালন, দুগ্ধ উৎপাদন আদিত গুৰুত্ব দিয়া হব । ইয়াৰোপৰি বাঁহ গছ ৰোপনৰো আঁচনি হাতত লোৱা হৈছে বুলি জানিব দিয়ে বিধায়ক গৰাকীয়ে ।

কোনো অপশক্তিয়ে ছিপাঝাৰৰ কৃষি প্ৰকল্প বন্ধ কৰিব নোৱাৰে : পদ্ম হাজৰিকা

ইয়াৰ লগতে, ছিপাঝাৰৰ বহুমুখী কৃষি প্ৰকল্পৰ অধ্যক্ষ গৰাকীয়ে এনে এক বাস্তৱ মুখী প্ৰকল্প ৰূপায়নৰ সময়তে একাংশ সংকীৰ্ণ মনৰ লোকে বিধি পথালি দিয়া পৰিলক্ষিত হৈছে বুলিও মন্তব্য কৰে । অৱশ্যে, এই প্ৰকল্প ৰূপায়ণত কোনো অপশক্তিয়ে বাধা দিব নোৱাৰিব বুলিও তেওঁ দৃঢ়তাৰে কয় । অনাগত ১৫ দিনৰ ভিতৰতে প্ৰথম পৰ্যায়ত ১০০০ বিঘা ভূমিত প্ৰকল্পৰ কাম আৰম্ভ হব বুলি তেওঁ জানিব দিয়ে । ছিপাঝাৰৰ সমষ্টিৰ বিধায়ক ড৹ পৰমানন্দ ৰাজবংশীৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত ড৹ ৰাজবংশীয়ে বক্তব্য আগবঢ়াই কয় যে, ছিপাঝাৰৰ বহুমুখী কৃষি প্ৰকল্প অসমৰ ভিতৰতে এখন আদৰ্শ কৃষি পাম হ’ব ।

চৰকাৰৰ জৰিয়তে থলুৱা যুৱ-চামক কৃষিকৰ্মৰ জৰিয়তে মাছ, মাংস, কণী আদি উৎপাদনৰ ক্ষেত্ৰত সংস্থাপন দিয়াৰ বাবে এই বৃহৎ প্ৰকল্প লোৱা হৈছে । ইয়াত কোনো খিলঞ্জীয়া লোকেই তেওঁলোকৰ দখলীকৃত ভূমি নেহেৰুৱায়, বৰঞ্চ সংগঠিত কৃষি কৰ্মৰ বাবে অধিক কৃষি ভূমি লাভ কৰিব বুলি মন্তব্য কৰে বিধায়ক ড৹ ৰাজবংশীয়ে । কোনো কাৰণতে সন্দেহ জনক নাগৰিকক ভূমি বিক্ৰী, বন্ধকী দি অপশক্তিক কৃষি কৰ্ম কৰিবলৈ দিয়া নহ’ব বুলিও তেওঁ দৃঢ়তাৰে কয় । শতাধিক কৃষক উপস্থিত থকা সভাখনত জিলা উপায়ুক্ত প্ৰভাতী থাওচেন, দৰং জিলা পৰিষদৰ কাৰ্যবাহী বিষয়া ৰমেন চন্দ্ৰ মালাকাৰ, প্ৰাক্তন বিধায়ক গুৰু জ্যোতি দাস, বিজেপি নেতা ৰাণা বৈশিষ্ট্য, মন্টু ডেকা আদি উপস্থিত থাকে ৷

লগতে পঢ়ক : পথাৰত নাঙল লৈ খেতিত ব্যস্ত এগৰাকী ছাত্ৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.