ETV Bharat / state

ওদালগুৰিত নাঙল এৰি গেৰুৱা বসন পিন্ধিলে শতাধিক লোকে

author img

By

Published : Aug 1, 2020, 6:27 PM IST

More People Join in BJP party At Udalguri District
ওদালগুৰিত নাঙল এৰি গেৰুৱা বসন পিন্ধিলে শতাধিক লোকে

ওদালগুৰিত চৰম প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে বিপিএফ দল । ইতিমধ্যে ওদালগুৰি জিলাত বিপিএফ দল ত্যাগ কৰি বহু সদস্য বিজেপিত যোগদান কৰে ৷

দৰং, 1 আগষ্টঃ সমাগত বিটিচি পৰিষদীয় নিৰ্বাচন। এই মুহূৰ্তত ৰাজ্যিক নিৰ্বাচনী আয়োগে বিটিচি নিৰ্বাচনৰ বাবে সময় সীমা নিৰ্ধাৰণ কৰা নাই যদিও বিভিন্ন ৰাজনৈতিক দল সমূহে ব্যাপক প্ৰচাৰ অভিযান অব্যাহত ৰাখিছে। এনে মূহুৰ্তত ১৭ বছৰে মৰ্ডেল বিটিচি'ৰ সপোন দেখুৱাই ক্ষমতা দখল কৰা বিপিএফ দলে এই বাৰ যেন বিজেপিৰ ৰাজনীতিৰ মেৰপাকত থমকি ৰ'বলৈ বাধ্য হৈছে । আনহাতে প্ৰতিটো ৰাজনৈতিক দলতে অব্যাহত আছে ইটো দলৰ পৰা সিটো দলত যোগদান কাৰ্যসূচী ৷

ওদালগুৰিত নাঙল এৰি গেৰুৱা বসন পিন্ধিলে শতাধিক লোকে

১৭ বছৰে সম উন্নয়নৰ শ্ল'গান দিয়া বিপিএফ দলৰ হাতত এই বেলি নাই কোনো নিৰ্বাচনী ইছ্যু। যাৰ বাবে সমাগত বিটিচি নিৰ্বাচনক লৈ বিপিএফ দলে ৰাইজৰ মাজত বাৰুকৈয়ে উজুটি খাবলৈ বাধ্য হৈছে। ইফালে ওদালগুৰি জিলাত বিজেপি দলে ৯খন আসনত প্ৰাৰ্থীত্ব আগবঢ়াই বিপিএফ দলক চৰম প্ৰত্যাহ্বান জনোৱা দেখা গৈছে।

বিপিএফ দল এনে বৃহৎ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে ৩৬নং বিটিচি হৰিশিঙা সমষ্টিটো । সমষ্টিটোত বিজেপিৰ প্ৰাৰ্থী ৰিংজয় বড়োৱে বিজেপিৰ সমৰ্থনত ইতিমধ্যে প্ৰচাৰ চলাইছে গাঁৱে-ভূঞে। বিটিচি পৰিষদৰ প্ৰাক্তন অধ্যক্ষ ত্ৰিদীপ দৈমাৰীৰ বৃহৎ সংখ্যক সমৰ্থকে শনিবাৰে যোগদান কৰে বিজেপি দলত । তেওঁলোকৰ অভিযোগ ১৭ বছৰে বিপিএফ দলে ৰাইজ তথা সংখ্যালঘু লোকৰ বাবে একো উন্নতি নকৰিলে । আনহাতে বিপিএফ দলৰ ভুৱা নিযুক্তি,১৭ বছৰে উন্নয়নৰ নামত দুৰ্নীতিত লিপ্ত হোৱাৰ প্ৰতিবাদত বিজেপি দলে ৩৬নং হৰিশিঙা সমষ্টিত বিপুল ভোটত জয়লাভ কৰিব বুলি মন্তব্য কৰে বিজেপি দলৰ প্ৰাৰ্থী ৰিংচাৰ দৈমাৰীয়ে।

লগতে পঢ়ক- ঈদৰ নামাজ আদায়ৰ পিছতে হাগ্ৰামাৰ বিস্ফোৰণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.