ETV Bharat / state

Assam Orunodoi Scheme : দৰঙত অৰুণোদয় ২.০ আঁচনিৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভ

author img

By ETV Bharat Assamese Team

Published : Oct 12, 2023, 9:15 PM IST

Assam Orunodoi Scheme
অৰুণোদয় ২.০ৰ অনুমোদন পত্ৰ বিতৰণ মন্ত্ৰী অতুল বৰাৰ

দৰং জিলাতো অৰুণোদয় ২.০ আঁচনিৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভ ৷ জিলাখনত কৃষি মন্ত্ৰী অতুল বৰাই এই আঁচনি আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে ৷

মঙলদৈ, 12 অক্টোবৰ : ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে বৃহস্পতিবাৰে দৰং জিলাতো অৰুণোদয় ২.০ আঁচনিৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰা হয় ৷ দৰং জিলা প্ৰশাসনৰ উদ্যোগত মঙলদৈ মহাবিদ্যালয় খেলপথাৰত এই উপলক্ষে অনুষ্ঠিত এক বিশাল জনসভাত অসম চৰকাৰৰ কৃষি মন্ত্ৰী অতুল বৰাই এই আঁচনি আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে ৷

Assam Orunodoi Scheme
দৰঙত মন্ত্ৰী অতুল বৰা

মন্ত্ৰী বৰাই এই অনুষ্ঠানত জিলাখনৰ ১০ গৰাকী হিতাধিকাৰীক আনুষ্ঠানিকভাৱে অৰুণোদয় ২.০ আঁচনিৰ অনুমোদন পত্ৰ বিতৰণ কৰে ৷ অৰুণোদয় ২.০ আঁচনিৰ অধীনত জিলা খনত ১৬,৫৫৯ গৰাকী নতুন হিতাধিকাৰীক অন্তৰ্ভুক্ত কৰা হৈছে ৷ অৰুণোদই 1.0 ত জিলাখনত হিতাধিকাৰীৰ সংখ্যা আছিল ৫৩,৬২৫ গৰাকী ৷ নতুনকৈ ১৬,৫৫৯ গৰাকী হিতাধিকাৰী অন্তৰ্ভূক্ত হোৱাৰ পাছত জিলাখনত এই আঁচনিৰ অধীনত উপকৃত হোৱা মুঠ হিতাধিকাৰীৰ সংখা ৭০,১৮৪ গৰাকী হৈছেগৈ ৷

Assam Orunodoi Scheme
দৰঙত আনুষ্ঠানিকভাৱে শুভাৰম্ভ অৰুণোদয় ২.০ আঁচনিৰ

মন্ত্ৰী অতুল বৰাই নিজৰ ভাষণত অসম চৰকাৰে গ্ৰহণ কৰা এই ধ্বজাবাহী আঁচনিৰ লগতে অন্যান্য আঁচনি সমূহৰ খতিয়ান দাঙি ধৰে ৷ তেওঁ বিগত ৯ বছৰত বিজেপি নেতৃত্বাধীন চৰকাৰৰ বিভিন্ন আঁচনি সমূহে দৰিদ্ৰতা নিৰ্মূলকৰণ, মহিলা সৱলীকৰণ, সামাজিক ন্যায় প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত এক উল্লেখনীয় ভূমিকা লৈছে বুলি প্ৰকাশ কৰে ৷

অনুষ্ঠানত মঙলদৈ লোকসভা সমষ্টিৰ সাংসদ দিলীপ শইকীয়া, ছিপাঝাৰৰ বিধানসভা সমষ্টিৰ বিধায়ক ড৹ পৰমানন্দ ৰাজবংশী, বিধায়ক দুৰ্গা দাস বড়ো, জিলা আয়ুক্ত মুনিন্দ্ৰ নাথ ঙাটে আদিকে ধৰি কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকে ৷

উল্লেখ্যযোগ্য যে, বৃহস্পতিবাৰে ৰাজ্যজুৰি শুভাৰম্ভ কৰা হৈছে অসম চৰকাৰৰ ধ্বজাবাহী আঁচনি অৰুণোদয় ২.০ ৷ অৰুণোদয় আঁচনিৰ অধীনত অনাগত সময়ত মুঠ ৩২ লাখ হিতাধিকাৰী অন্তৰ্ভুক্তিৰ লক্ষ্য লৈছে ৰাজ্য চৰকাৰৰ । নতুন হিতাধিকাৰীয়ে চলিত বৰ্ষৰ নৱেম্বৰ মাহৰ ১০ তাৰিখৰ পৰা এই আঁচিনৰ ধন লাভ কৰিব বুলি জনাইছে মুখ্যমন্ত্ৰীয়ে ৷

লগতে পঢ়ক : Arunodaya Cheque distribution in Barpeta: বৰপেটাত অৰুণোদয়ৰ চেক বিতৰণ ৰণোজ পেগুৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.