ETV Bharat / state

মঙলদৈত কৰ্মচাৰী পৰিষদৰ কেন্দ্ৰীয় শ্বহীদ দিৱস পালন

author img

By

Published : Nov 1, 2021, 10:46 PM IST

সদৌ অসম কৰ্মচাৰী পৰিষদৰ উদ্যোগত মঙলদৈত কেন্দ্ৰীয় শ্বহীদ দিৱস পালন । সভাত উপস্থিত কৰ্মচাৰী পৰিষদৰ মুখ্য উপদেষ্টা বাসব কলিতা ।

karmachari-parishad-observes-swahid-divas-centrally-in-mangaldoi
মঙলদৈত কৰ্মচাৰী পৰিষদৰ কেন্দ্ৰীয় শ্বহীদ দিৱস পালন

দৰং, 1 নৱেম্বৰ : অসমৰ পৰা অবৈধ বিদেশী নাগৰিক চিনাক্তকৰণ আৰু বহিষ্কৰণৰ দাবীত ১৯৭৯ চনৰ পৰা ছবছৰীয়া অসম আন্দোলন হৈছিল ৷ সেই সময়ত সদৌ অসম ছাত্র সন্থা আৰু সদৌ অসম গণ সংগ্ৰাম পৰিষদৰ আহ্বানত ১৯৮০ চনৰ ১ নবেম্বৰত দিশপুৰ ঘেৰাও কাৰ্যসূচী ৰূপায়ন কৰা হয় ৷ এই আহ্বানত দিশপুৰত উপস্থিত হোৱা সংগ্রামী জনতাক ছত্ৰভংগ দিয়াৰ বাবে ভাৰতীয় অৰ্ধ-সামৰিক বাহিনীয়ে আন্দোলনকাৰীৰ ওপৰত নিৰ্মমভাৱে লাঠিচালনা আৰু নির্বিচাৰে গুলিচালনা কৰে ৷

মঙলদৈত কৰ্মচাৰী পৰিষদৰ কেন্দ্ৰীয় শ্বহীদ দিৱস পালন

সেইদিনা অসম সচিবালয়ৰ ৰাজহ বিভাগৰ কৰ্মচাৰী তথা অসম সচিবালয় সেৱা সন্থাৰ অন্যতম সভ্য দিলীপ চক্ৰৱৰ্তীয়ে কার্যালয় চৌহদতে গুলিবিদ্ধ হৈ মৃত্যুবৰণ কৰিছিল । সদৌ অসম গণ সংগ্রাম পৰিষদৰ অন্যতম ভাতৃ সংগঠন সদৌ অসম কৰ্মচাৰী পৰিষদে অসম আন্দোলনৰ সমৰ্থনত 'দেশতকৈ চাকৰি ডাঙৰ নহয়' বুলি ৰাজপথলৈ ওলাই আহিছিল ।

ছ-বছৰীয়া গণ আন্দোলনত শ্বহীদ দিলীপ চক্ৰৱৰ্তী সহ ৰাজ্যখনৰ ৬৮ গৰাকী কৰ্মচাৰীয়ে প্ৰাণ আহুতি দিছিল ।

সদৌ অসম কৰ্মচাৰী পৰিষদে ৬৮ গৰাকী শ্বহীদৰ স্মৃতিত শ্বহীদ দিলীপ চক্ৰৱৰ্তীৰ মৃত্যুৰ দিনটোত ‘কৰ্মচাৰী শ্বহীদ’ দিৱস হিচাপে পালন কৰি আহিছে । বিগত বছৰবোৰৰ দৰে এইবাৰো সদৌ অসম কৰ্মচাৰী পৰিষদৰ উদ্যোগত আৰু মঙলদৈ জিলা কৰ্মচাৰী পৰিষদৰ সহযোগত এদিনীয়া কাৰ্যসূচীৰে মঙলদৈ সনাতন ধৰ্মসভা প্ৰাংগনত অনুষ্ঠিত হয় । এই সভাত উপস্থিত থাকে কৰ্মচাৰী পৰিষদৰ মুখ্য উপদেষ্টা বাসব কলিতা ।
লগতে পঢ়ক : মুখ্যমন্ত্ৰীৰ হুংকাৰলৈ ভয় নকৰে চাউল চোৰে !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.