ETV Bharat / state

খাৰুপেটীয়া আৰক্ষীৰ জালত আক্কাচ আলীৰ হত্যাৰ অভিযুক্ত

author img

By

Published : Dec 11, 2020, 10:14 PM IST

eight Murderer Arrested at dalgaon
খাৰুপেটীয়া আৰক্ষীৰ জালত 8 জনকৈ হত্যাকাৰী

খাৰুপেটীয়াৰ আৰিমাৰিত দুৰ্বৃত্তৰ আক্ৰমণত নিহত হোৱা হাচমত আলীৰ হত্যাকাণ্ডৰ লগত জড়িত 8 জনকৈ লোকক গ্ৰেপ্তাৰ কৰে খাৰুপেটীয়া আৰক্ষীয়ে ৷ ৩০ নবেম্বৰত হুছেইন আলী নামৰ লোকজনৰ নেতৃত্বত ২০-২৫ জনীয়া দুৰ্বৃত্তৰ দলে ৰ'ড, লাঠি আদিৰে মৰিয়াই মৰিয়াই বৰ্বৰ ভাৱে হত্যা কৰিছিল হাচমত আলী নামৰ কৃষকজনক ৷

দলগাঁও,11 ডিচেম্বৰ: খাৰুপেটীয়া আৰক্ষীৰ জালত হাচমত আলীৰ 8 জনকৈ হত্যাকাৰী ৷ খাৰুপেটীয়াৰ আৰিমাৰিত ৩০ নবেম্বৰত দুৰ্বৃত্তৰ আক্ৰমণত নিহত হৈছিল হাচমত আলী নামৰ এজন কৃষকৰ লগতে গুৰুতৰ ভাৱে আহত হৈছিল দুগৰাকীকৈ মহিলা ৷ এই ঘটনাৰ পাছতে ১ ডিচেম্বৰত হাচমত আলীৰ পৰিয়ালে খাৰুপেটীয়া থানাৰ আৰক্ষী থানাত ৰুজু কৰিছিল গোচৰ ৷

eight Murderer Arrested at dalgaon
খাৰুপেটীয়া আৰক্ষীৰ জালত 8 জনকৈ হত্যাকাৰী

গোচৰ ৰুজু কৰাৰ পৰাই খাৰুপেটীয়া থানাৰ আৰক্ষী বিষয়া মন্টু বৰাৰ নেতৃত্বত আৰক্ষীৰ এটা দলে বৰ্বৰ আক্ৰমণৰ লগত জড়িত ব্যক্তিৰ বিৰুদ্ধে আৰম্ভ কৰিছিল তদন্ত ৷ শুকুৰবাৰে আৰক্ষীৰ তদন্তত ঘটনাৰ লগত জড়িত আঠ গৰাকীকৈ লোকক গ্ৰেপ্তাৰ কৰি জেল হাজোতলৈ প্ৰেৰণ কৰে খাৰুপেটীয়া আৰক্ষীয়ে ৷ গ্ৰেপ্তাৰ কৰা লোক কেইজনৰ নাম হৈছে কদম আলী, হুছেইন আলী, আবিজুদ্দিন, ৰহিম আলী, তমচেৰ আলী, মহিম আলী, আফচৰ আলী আৰু খজিৰ আলী ৷

খাৰুপেটীয়া আৰক্ষীৰ জালত 8 জনকৈ হত্যাকাৰী

ঘটনাৰ বিৱৰণি মতে, আৰিমাৰিত গাঁৱৰ আক্কাচ আলীৰ পথাৰৰ পকা ধান হুছেইন আলিয়ে কাটিবলৈ যোৱাত বাধা প্ৰদান কৰিছিল আক্কাচ আলীয়ে ৷ কিন্তু হুছেইন আলী নেতৃত্বত যোৱা ২০-২৫ জনীয়া এটা দলে ৰ'ড, লাঠি আদিৰে সু সজ্জিত হৈ জোৰ জাৱৰদস্তি ধান কাটি আক্ৰমণ কৰিছিল আক্কাচ আলীৰ লগতে পুত্ৰ হাছমত আলি (৩২) আৰু বোৱাৰী মচিলা খাতুনক ৷ গুৰুতৰ ভাৱে আহত হোৱা তিনিও গৰাকীকে সংকটজনক অৱস্থাত জি এম চি এইচ লৈ প্ৰেৰণ কৰা হৈছিল যদিও হাছমত আলীৰ মৃত্যু হয় ৷

লগতে পঢ়ক: যোৰহাটত একাংশ শৈল চিকিৎসকৰ অৱস্থান ধৰ্মঘট

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.