ETV Bharat / state

দৰঙত পুনৰ এগৰাকীৰ দেহত কোভিড-19 পজিটিভ

author img

By

Published : Jul 2, 2020, 4:22 PM IST

এগৰাকী স্বাস্থ্য বিভাগৰ কৰ্মচাৰী মঙলদৈ অসামৰিক চিকিৎসালয়ৰ দন্ত বিভাগৰ সহকাৰী প্ৰতিভা ডেকাৰ দেহত ধৰা পৰিল কোভিড-19 পজিটিভ ৷ গণসংক্ৰমন আৰম্ভ হোৱা বুলি আশংকা দৰঙবাসীৰ ৷

darrang  one more covid-19 positive case today medical worker pratibha deka
দৰঙত পুনৰ এগৰাকীৰ দেহত কোভিড-19 পজিটিভ

দৰঙ,2জুলাইঃ দৰঙ জিলাত পুনৰ এগৰাকী স্বাস্থ্য বিভাগৰ কৰ্মচাৰীৰ দেহত কোভিড-19 পজিটিভ ধৰা পৰিছে বৃহস্পতিবাৰে ৷ মঙলদৈ অসামৰিক চিকিৎসালয়ৰ দন্ত বিভাগৰ সহকাৰী প্ৰতিভা ডেকা নামৰ এগৰাকী ৰ দেহত ধৰা পৰিল কোভিড-19 পজিটিভ । ইপিনে দৰঙত এতিয়া গণসংক্ৰমন আৰম্ভ হোৱা বুলি আশংকা প্ৰকাশ কৰিছে একাংশ লোকে । ইতিমধ্যে ভ্ৰমণ বৃত্তান্ত নোহোৱাকৈ চাৰি গৰাকীৰ দেহত পোৱা গৈছে কোভিড-19 । পূৰ্বে ভ্ৰমণ বৃত্তান্ত নোহোৱাকৈ মিঠাই ৰ দোকানৰ কৰ্মচাৰী এজনৰ, এগৰাকী ANM, এগৰাকী ব্যৱসায়ীৰ দেহত কোভিড-19 পোৱাৰ পিছতেই বৃহস্পতিবাৰে এগৰাকী দন্ত বিভাগৰ সহায়িকাৰ দেহত ধৰা পৰাৰ পিছতে দৰঙত চাঞ্চল্যৰ সৃষ্টি হৈছে ৷ ইপিনে মঙলদৈ অসামৰিক চিকিৎসালয়ৰ দন্ত বিভাগ সম্পূৰ্ণ ৰূপে বন্ধ কৰি দিয়া হৈছে বুলি জানিব পৰা গৈছে । আনফালে শংকাত ভূগিছে চিকিৎসালয় খনত কৰ্মৰত নাৰ্চ-চিকিৎসক সকল ।

দৰঙত পুনৰ এগৰাকীৰ দেহত কোভিড-19 পজিটিভ

উল্লেখযোগ্য যে, অসমত এতিয়া কৰ’ণা ভাইৰাছত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাই হৈছেগৈ 8,955 গৰাকী ৷ এতিয়ালৈ আৰোগ্য হৈ উঠিছে 5831 গৰাকী লোক ৷ আনহাতে ৰাজ্যখনত বৰ্তমানলৈকে 12 জন লোকৰ কোভিডত মৃত্যু হৈছে ৷ ৰাজ্যখনত এতিয়াও সক্ৰিয় হৈ আছে মুঠ 3109 টা ঘটনা ৷ 1 জুলাইত ৰাজ্যখনত মুঠ 548 টা আক্ৰান্তৰ ঘটনা পোহৰলৈ আহে ৷

লগতে পঢ়কঃ এম্বুলেঞ্চত ৰোগী নহয়,পাচলিৰ বেপাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.