ETV Bharat / state

দৰঙত পুনৰ এগৰাকী স্বাস্থ্য কৰ্মীৰ দেহত COVID-19

author img

By

Published : Jul 2, 2020, 7:07 PM IST

মঙলদৈ অসামৰিক চিকিৎসালয়ৰ দন্ত বিভাগত কৰ্মৰত প্ৰতিমা ডেকা নামৰ এগৰাকী চিকিৎসা কৰ্মীৰ দেহত ধৰা পৰিছে COVID-19ৰ অৱস্থিতি ৷

covid-19 positive cases rises to 204 in darrang district
covid-19 positive cases rises to 204 in darrang district

দৰং, 2 জুলাইঃ বৃহস্পতিবাৰে মঙলদৈ অসামৰিক চিকিৎসালয়ৰ দন্ত বিভাগৰ প্ৰতিমা ডেকা নামৰ এগৰাকী চিকিৎসা কৰ্মীৰ দেহত ধৰা পৰে COVID-19 ৷ ইতিমধ্যে দন্ত বিভাগটো বন্ধ কৰি দিয়াৰ লগতে, দন্ত চিকিৎসক তথা আক্ৰান্ত লোক গৰাকীৰ সংস্পৰ্শলৈ অহা আন আন লোকৰ স্বাৱ সংগ্ৰহ কৰি তেওঁলোকক হোম কোৱাৰেণ্টাইন কৰা হৈছে ৷ লগতে আক্ৰান্ত চিকিৎসা কৰ্মী গৰাকীক মঙলদৈ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে ৷

দৰঙত পুনৰ এগৰাকী স্বাস্থ্য কৰ্মীৰ দেহত COVID-19

ইয়াৰ পূৰ্বেও এগৰাকী নাৰ্ছৰ দেহত ধৰা পৰিছিল COVID-19 ৷ শেহতীয়াকৈ জিলাখনত ভ্ৰমণ বৃত্তান্ত নোহোৱাকৈয়ে চাৰি গৰাকী লোকৰ দেহত পোৱা গৈছে COVID-19ৰ অৱস্থিতি ৷ বৰ্তমানলৈ প্ৰাপ্ত তথ্য অনুসৰি, জিলাখনত মুঠ 204 গৰাকী লোক আক্ৰান্ত হোৱাৰ বিপৰীতে, এতিয়ালৈ মুঠ 106 গৰাকী লোক এই মহামাৰীৰ কবলৰ পৰা সুস্থ হৈ উঠিছে ৷

লগতে পঢ়কঃ মালিগাঁও ৰে'লৱে হাস্পতালৰ দুগৰাকীকৈ নাৰ্চৰ দেহত কোভিড-19 পজিটিভ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.