ETV Bharat / state

প্ৰহসনত পৰিণত কোটিটকীয়া আৰ্চেনিক মুক্ত পানী যোগান আঁচনি

author img

By

Published : Jul 22, 2021, 10:02 PM IST

Corruption on Free Water Supply Scheme
বিকল লাখ টকীয়া আৰ্চেনিক মুক্ত পানী যোগান আঁচনি

বিশুদ্ধ খোৱা পানীৰ অভাৱত ভূগিছে বৃহত্তৰ লোজোৰা গাঁৱবাসী ৷ নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ পাচতো বিকল হৈ পৰি ৰৈছে মঙলদৈ সংমণ্ডলৰ অধীনত থকা লোজোৰা গাঁৱৰ বিশুদ্ধ খোৱা পানী আঁচনিখন ৷ যাক লৈ ক্ষোভিত অঞ্চলবাসী ৷

দৰং, 22 জুলাই : ছিপাঝাৰৰ বিধায়ক পৰমানন্দ ৰাজবংশীৰ সমষ্টিৰ উন্নয়নৰ প্ৰকৃত ছবি পৰিস্ফুট ৷ নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ পাচতো বিকল হৈ পৰি ৰৈছে মঙলদৈ সংমণ্ডলৰ অধীনত থকা লোজোৰা গাঁৱৰ বিশুদ্ধ খোৱা পানী আঁচনিখন ৷ জনস্বাস্থ্য কাৰিকৰী বিভাগ (Public Health Engineering Department)ৰ কোটিটকীয়া পানী যোগান আঁচনিখনত নাই পানীৰ ব্যৱস্থা ৷ ফলত বৃহত্তৰ লোজোৰা গাঁৱবাসীয়ে অভাৱত ভূগিছে এটোপা বিশুদ্ধ খোৱা পানীৰ ৷

এয়া আজিৰ কথা নহয় ৷ বছৰ বছৰ ধৰি এটোপাল বিশুদ্ধ পানীৰ বাবে হাহাকাৰ কৰিবলগাত পৰিছে অঞ্চলবাসী ৷ বিগত প্ৰায় 8 মাহ পূৰ্বে লোজোৰা গাঁৱত নিৰ্মাণ কৰা হৈছিল জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অধীনষ্ঠ লোজোৰা ক্ষুদ্ৰ পানী যোগান আঁচনিখন ৷ এই আঁচনিখনৰ নামত ব্যয় হৈছে প্ৰায় চল্লিশ লাখ টকা ৷

তাৰপিছতো কিন্তু গাঁৱবাসীৰ সমস্যাৰ অন্ত নপৰিল ৷ কোটিটকীয়া আঁচনিখন নিৰ্মাণ কৰাৰ পিছতো ৰাইজে লাভ নকৰিলে এটোপা বিশুদ্ধ খোৱা পানী ৷ সেয়ে আঁচনিখন নিৰ্মাণত দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে ৷

প্ৰহসনত পৰিণত কোটিটকীয়া আৰ্চেনিক মুক্ত পানী যোগান আঁচনি

স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি এই আঁচনিখনৰ নামত ঠিকাদাৰে চলাইছে লুণ্ঠনৰাজ ৷ অতি নিম্নমানৰ সামগ্ৰীৰে নিৰ্মাণ কৰা হৈছে এই পানী যোগান কেন্দ্ৰ ৷ উক্ত পানী যোগান আঁচনিখন পৰিদৰ্শন কৰিবলৈ এদিনো বিভাগীয় কৰ্তৃপক্ষ উপস্থিত হোৱা পৰিলক্ষিত নহ’ল ৷ যাৰ বাবে ঠিকাদাৰে নিজ ইচ্ছাৰে নিৰ্মাণ সম্পূৰ্ণ কৰি তুলিছিল পানী যোগান আঁচনিখনৰ ৷

তদুপৰি, ঘৰে ঘৰে পানীৰ সংযোগ দিয়াৰ নামত ঠিকাদাৰে গাঁৱবাসীৰ পৰা দাবী কৰিছিল 1500-5000 পৰ্যন্ত নগদ ধন ৷ এই অভিযোগ উত্থাপন কৰিছে গাঁৱবাসীয়ে ৷ উল্লেখ্য যে, দৰং জিলাৰ ছিপাঝাৰ সমষ্টিত আৰ্চেনিকযুক্ত পানী সেৱনৰ ফলত বহু লোকে কৰ্কটৰ দৰে জটিল ৰোগত আক্ৰান্ত হৈ মৃত্যুক সাৱটিবলগীয়া হৈছে ৷ যি এক চিন্তনীয় বিষয় হৈ পৰিছে ছিপাঝাৰ সমষ্টিৰ বাবে ৷

এইক্ষেত্ৰত বিভাগীয় কৰ্তৃপক্ষৰ লগতে সমষ্টিটোৰ বিধায়ক পৰমানন্দ ৰাজবংশীৰ হস্তক্ষেপ বিচাৰিছে স্থানীয় ৰাইজে ৷ আনকি আৰ্চেনিক মুক্ত পানী যোগান আঁচনিখন অতি শীঘ্ৰে কাৰ্যক্ষম কৰিবলৈ চৰকাৰক দাবী জনাইছে ৷ অন্যথা বৃহত্তৰ অঞ্চলটোৰ লোকসকলে সেৱন কৰিব লাগিব আৰ্চেনিকযুক্ত পানী ৷ যি ৰাইজৰ লগতে ভৱিষ্যত প্ৰজন্মৰ বাবেও কঢ়িয়াই আনিব অশনি সংকেত ৷

লগতে পঢ়ক: আঢ়ৈ মাহৰ অন্তত মুকলি গুৱাহাটী-উত্তৰ গুৱাহাটী ৰ'পৱে সেৱা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.