ETV Bharat / state

উদ্বেগজনক ভাৱে দৰঙত বৃদ্ধি কৰ’ণা ৰোগী

author img

By

Published : May 11, 2021, 9:41 AM IST

সোমবাৰৰ দিনটোত দৰঙত 144 জন ব্যক্তিৰ দেহত ধৰা পৰিছে ক’ভিড-19ৰ উপস্থিতি ৷ ইয়াৰ ফলত সোমবাৰৰ দিনটোলৈকে চলিত বৰ্ষৰ জানুৱাৰীৰ পৰা জিলাখনত ক'ভিড আক্ৰান্তৰ লোকৰ সংখ্যা 2118 জনলৈ বৃদ্ধি পাইছে ৷

উদ্ৰেগজনক ভাৱে দৰঙত বৃদ্ধি কৰ’ণা ৰোগী
উদ্ৰেগজনক ভাৱে দৰঙত বৃদ্ধি কৰ’ণা ৰোগী

মঙলদৈ, 11 মে': ৰাজ্যত ক্ৰমাৎ বৃদ্ধি পাইছে মহামাৰী কৰ’ণাত আক্ৰান্ত হোৱা লোকৰ সংখ্যা ৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালকৈ দৰঙতো বৃদ্ধি পাইছে কৰ’ণাত আক্ৰান্ত হোৱা লোকৰ সংখ্যা ৷ সোমবাৰৰ দিনটোত দৰঙত 144 জন ব্যক্তিৰ দেহত ধৰা পৰিছে ক’ভিড-19ৰ উপস্থিতি ৷ ইয়াৰ ফলত সোমবাৰৰ দিনটোলৈকে চলিত বৰ্ষৰ জানুৱাৰীৰ পৰা জিলাখনত ক'ভিড আক্ৰান্তৰ লোকৰ সংখ্যা 2118 জনলৈ বৃদ্ধি পাইছে ৷

প্ৰাপ্ত তথ্য অনুসৰি, সম্প্ৰতি চিকিৎসাধীন হৈ আছে 1008 জন ক'ভিড আক্ৰান্ত ব্যক্তি । ইয়াৰে 118 জন চিকিৎসালয়ত থকাৰ বিপৰীতে 887 জন ক’ভিড আক্ৰান্ত ঘৰতে আছুতীয়াকৈ অৰ্থাৎ আইচ’লেশ্যন হৈ আছে । চিকিৎসালয়ত থকা ক'ভিড আক্ৰান্ত সকলৰ ভিতৰত 49 জন মঙলদৈ অসামৰিক চিকিৎসালয়ত, 6 গৰাকী আদৰ্শ চিকিৎসালয়ত আৰু 44 গৰাকী জনাৰামচৌকা আদৰ্শ চিকিৎসালয়ত চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে ।

একেদৰে দৰঙৰ 11 গৰাকী ক’ভিড আক্ৰান্ত ৰোগী গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত, জি এন আৰ চি হাস্পতালত 2 গৰাকী আৰু নাৰায়ন হৃদালয়া, দিছপুৰ হাস্পতাল, স্বাগত হাস্পতাল, তেজপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত, নেমকেয়াৰ হাস্পতালত আৰু অৰুণা মেম’ৰিয়েল হাস্পতালত এজনকৈ লোক চিকিৎসাধীন হৈ আছে ।

আনহাতে সোমবাৰৰ দিনটোত জিলাখনত ক'ভিডৰ 1000 টা ৰেপিড এন্টিজেন টেষ্ট (RAT) সম্পন্ন হোৱাৰ বিপৰীতে 167 টা আৰ টি পি চি আৰ (RTPCR) নমুনা সংগ্ৰহ কৰি পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে ।

লগতে পঢ়ক: তেজপুৰত জিলা উপায়ুক্তক অত্যাধুনিক এম্বুলেঞ্চ অৰ্পণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.