ETV Bharat / state

কৃষক বিৰোধী আইনৰ বিৰুদ্ধে মঙলদৈত কংগ্ৰছৰ প্ৰতিবাদঃআটক তত্ত্বাৱধায়ক জিতেন্দ্ৰ সিং

author img

By

Published : Nov 7, 2020, 4:38 PM IST

শনিবাৰে দৰং জিলা কংগ্ৰেছ কমিটিৰ উদ্যোগতো কৃষক বিৰোধী আইনৰ বিৰোধিতাৰে ৰূপায়ণ কৰা হয় এক প্ৰতিবাদী কাৰ্যসূচী ৷ মঙলদৈ ৰাজীৱ ভৱনত অনুষ্ঠিত বিশাল প্ৰতিবাদী সভাত অংশগ্ৰহণ কৰে প্ৰদেশ কংগ্ৰেছৰ নৱনিযুক্ত তত্ত্বাৱধায়ক জিতেন্দ্ৰ সিঙে ৷

Congress protests against anti farmer law in  mangaldoi
কৃষক বিৰোধী আইনৰ বিৰুদ্ধে মঙলদৈত কংগ্ৰছৰ প্ৰতিবাদঃআটক তত্ত্বাৱধায়ক জিতেন্দ্ৰ সিং

দৰং, 7অক্টোবৰঃ কেন্দ্ৰীয় চৰকাৰে প্ৰণয়ন কৰা কৃষক বিৰোধী আইনৰ বিৰুদ্ধে সমগ্ৰ দেশৰ লগতে ৰাজ্যজুৰি বৰ্তমানেও অব্যাহত আছে তীব্ৰ প্ৰতিবাদ ৷ শনিবাৰে দৰং জিলা কংগ্ৰেছ কমিটিৰ উদ্যোগতো কৃষক বিৰোধী আইনৰ বিৰোধিতাৰে ৰূপায়ণ কৰা হয় এক প্ৰতিবাদী কাৰ্যসূচী ৷ মঙলদৈ ৰাজীৱ ভৱনত অনুষ্ঠিত বিশাল প্ৰতিবাদী সভাত অংশগ্ৰহণ কৰে প্ৰদেশ কংগ্ৰেছৰ নৱনিযুক্ত তত্ত্বাৱধায়ক জিতেন্দ্ৰ সিঙে ৷ তদুপৰি প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰা, উপ-সভাপতি ৰকিবুল হুছেইন, সাংসদ প্ৰদ্যুৎ বৰদলৈ, গৌৰৱ গগৈ, বিধায়ক ৰেকিবুদ্দিন আহমেদ, ৰাণা গোস্বামীকে ধৰি বহু নেতা উপস্থিত থাকে এই প্ৰতিবাদী সভাত ৷

কৃষক বিৰোধী আইনৰ বিৰুদ্ধে মঙলদৈত কংগ্ৰছৰ প্ৰতিবাদঃআটক তত্ত্বাৱধায়ক জিতেন্দ্ৰ সিং

ইপিনে প্ৰতিবাদী সভাৰ পিছতে 15 নং ৰাষ্ট্ৰীয় ঘাইপথেৰে ট্ৰেক্টৰেৰে এক ৰেলী বাহিৰ কৰে কংগ্ৰেছ দলে ৷ কিন্তু আধা বাটতে প্ৰতিবাদকাৰী সকলক বাধা দিয়ে দৰং আৰক্ষীয়ে ৷ ইয়াকে লৈ উত্তাল হৈ পৰে প্ৰতিবাদস্থলী ৷ আনহাতে, বেৰিকেড পাৰ হ'বলৈ চেষ্টা কৰা তত্ত্বাৱধায়ক জিতেন্দ্ৰ সিং, ৰিপুন বৰা, ৰকিবুল হুছেইন, গৌৰৱ গগৈ, প্ৰদ্যুৎ বৰদলৈ, নন্দিতা দাস, ৰেকিবুদ্দিন আহমেদ, ৰাণা গোস্বামীকে ধৰি সকলো প্ৰতিবাদকাৰীক আটক কৰে আৰক্ষীয়ে ৷

লগতে পঢ়কঃ অসমৰ বিদ্যালয়ত মিজো দুৰ্বৃত্তৰ বোমা বিস্ফোৰণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.