ETV Bharat / state

গৰুখুটি কৃষি প্ৰকল্পৰ নিৰপত্তা সুৰক্ষিত কৰিবৰ বাবে ধলপুৰত DGP

author img

By

Published : Aug 20, 2021, 8:58 PM IST

assam-police-top-cop-dgp-bhaskar-jyoti-mahanta-visits-dhalpur
গৰুখুটি কৃষি প্ৰকল্পৰ নিৰপত্তা সুৰক্ষিত কৰিবৰ বাবে ধলপুৰত DGP

দৰঙৰ ধলপুৰত শুকুৰবাৰে উপস্থিত হ’ল আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্ত ৷ ধলপুৰত ৰাজ্য চৰকাৰে আৰম্ভ কৰা গৰুখুটি কৃষি প্ৰকল্পৰ নিৰপত্তাৰ দিশ সুৰক্ষিত কৰিবৰ বাবে এইদৰে অঞ্চলটো পৰিদৰ্শন কৰিলে অসম আৰক্ষীৰ সঞ্চালক প্ৰধান গৰাকীয়ে ৷

দৰং, 20 আগষ্ট : শুকুৰবাৰে দৰঙৰ ঐতিহাসিক ধলপুৰত উপস্থিত হয় অসম আৰক্ষীৰ সঞ্চালক প্ৰধান(DGP, Assam police) ভাস্কৰ জ্যোতি মহন্ত । ৰাজ্য চৰকাৰে ধলপুৰত ৯.৬০ কোটি টকা ব্যয়েৰে আৰম্ভ কৰা গৰুখুটি কৃষি প্ৰকল্পৰ কামত যাতে কোনো ব্যাঘাতৰ সন্মুখীন হবলগীয়া নহয়, তাৰ প্ৰতি লক্ষ্য ৰাখি অসম আৰক্ষীয়ে নিৰপত্তাৰ দিশটোত বিশেষ গুৰুত্ব দিয়া বুলি মন্তব্য প্ৰকাশ কৰে আৰক্ষীৰ সঞ্চালক প্ৰধান গৰাকীয়ে ৷ আনহাতে, সঞ্চালকগৰাকীৰ পৰিদৰ্শনৰ সময়চোৱাত তেওঁক সংগ দিয়ে দৰং জিলাৰ আৰক্ষী অধীক্ষক সুশান্ত বিশ্ব শৰ্মাৰ লগতে অসম আৰক্ষীৰ বহুকেইগৰাকী বিষয়াই ৷

স্মৰ্তব্য যে, বিগত সময়ত ছিপাঝাৰৰ গৰুখুটি-ধলপুৰৰ 77,420 বিঘা বেদখলকৃত ভূমি বেদখলমুক্ত কৰি তাত কৃষিকাৰ্য কৰাৰ বাবে কেবিনেটে এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈছিল ৷ ইয়াৰ পৰিপেক্ষিতত কেবিনেটে গঠন কৰি দিয়া সমিতিখনে ভিন্ন সময়ত উক্ত স্থানত উপস্থিত হৈ কৃষিভূমি পৰিদৰ্শন কৰাৰ লগতে এই প্ৰকল্পত যথেষ্ট গুৰুত্ব প্ৰদান কৰা পৰিলক্ষিত হৈছে ৷

গৰুখুটি কৃষি প্ৰকল্পৰ নিৰপত্তা সুৰক্ষিত কৰিবৰ বাবে ধলপুৰত DGP

উল্লেখ্য যে, বিগত সময়ত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা(CM Himanta Bishwa Sarma)ই ছিপাঝাৰ সমষ্টিৰ ধলপুৰ পৰিদৰ্শন কৰাৰ পাচতে চৰ অঞ্চলৰ 77,420 বিঘা বেদখলকৃত ভূমি বেদখলমুক্ত কৰি কৃষিকাৰ্য কৰিবৰ বাবে আঁচনিৰ পৰিকল্পনা কৰা হৈছিল ৷ চতিয়াৰ বিধায়ক পদ্ম হাজৰিকাক কেবিনেট মৰ্যদা দি সমিতিৰ অধ্যক্ষ পদ অৰ্পন কৰা হৈছিল ৷

দীৰ্ঘ সময় ধৰি বেদখলকাৰীয়ে উক্ত ভূমিত বেদখল কৰি থকাৰ বাবে সেই সন্দেহযুক্ত নাগৰিকসকলক ভূমিনীতি আইনৰ অধীনত উচ্ছেদ কৰি ভূমিসমূহ বেদখলমুক্ত কৰাৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰিছে চৰকাৰে ৷ এই সন্দৰ্ভত প্ৰকল্পটোৰ ক্ষেত্ৰত সৃষ্টি হ’ব পৰা বাধাৰ প্ৰতি লক্ষ্য ৰাখি নিৰপত্তাৰ দিশ পৰিদৰ্শন কৰিবলৈ ৰাজ্যৰ আৰক্ষীৰ সঞ্চালক প্ৰধান গৰাকীৰ উপস্থিতিয়ে এতিয়া যথেষ্ট তাৎপৰ্য বহন কৰিছে ৷ ইয়াৰ লগতে চৰকাৰ তথা প্ৰশাসনে বিষয়টো সন্দৰ্ভত প্ৰকাশ কৰা তৎপৰতাক লৈ দৰঙৰ খিলঞ্জীয়া ৰাইজৰ মাজত উৎসাহ সৃষ্টি হোৱা দেখা গৈছে ৷

লগতে পঢ়ক : দশম শ্ৰেণীলৈ বাধ্যতামূলক হ'ল ভূগোল আৰু বুৰঞ্জী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.