ETV Bharat / state

দৰঙত দেওবাৰৰ দিনটোত ৮৩ গৰাকী ক'ভিডত আক্ৰান্ত

author img

By

Published : May 9, 2021, 10:21 PM IST

দৰং জিলাৰ বিভিন্ন প্ৰান্তত ৮৩ জনকৈ লোকৰ দেহত ধৰা পৰে ক'ভিডৰ উপস্থিতি ৷ দেওবাৰৰ দিনটোত ৫৬৬ টা ৰেপিড এন্টিজেন টেষ্ট সম্পন্ন জিলাখনত ৷

দৰঙত দেওবাৰৰ দিনটোত ৮৩ গৰাকী ক'ভিডত আক্ৰান্ত
দৰঙত দেওবাৰৰ দিনটোত ৮৩ গৰাকী ক'ভিডত আক্ৰান্ত

দৰং, 9 মে': দৰঙত ৰবিবাৰে ৮৩ জন লোকৰ শৰীৰত ধৰা পৰে ক'ভিড ১৯ ৰ উপস্থিতি । এইসকলক ধৰি চলিত বৰ্ষৰ জানুৱাৰীৰ পৰা জিলাখনত ক'ভিড আক্ৰান্তৰ সংখ্যা ১৯৭৪ জনলৈ বৃদ্ধি পালে । সম্প্ৰতি জিলাখনত চিকিৎসাধীন হৈ আছে ৯৬৭ জন ক'ভিড আক্ৰান্ত ব্যক্তি । ইয়াৰে ১১৫ জন চিকিৎসালয়ত থকাৰ বিপৰীতে ৮৪৯ জন আক্ৰান্ত ঘৰতে আছুতীয়াকৈ আছে ।

চিকিৎসালয়ত থকা ক'ভিড আক্ৰান্তসকলৰ ভিতৰত ৫২ জন মঙলদৈ অসামৰিক চিকিৎসালয়ত, ৫ জন দুনী আদৰ্শ চিকিৎসালয়ত ৪৬ জন জনাৰাম চৌকা আদৰ্শ চিকিৎসালয়ত ভৰ্তি হৈ আছে । একেদৰে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত ৫ জন, জি এন আৰ চি চিকিৎসালয়ত দুজন আৰু নাৰায়ণা হৃদালয়, দিছপুৰ চিকিৎসালয়, স্বাগত চিকিৎসালয়, তেজপুৰ চিকিৎসা মহাবিদ্যালয় আৰু অৰুণা মেম’ৰিয়েল চিকিৎসালয়ত এজনকৈ লোক চিকিৎসাধীন হৈ আছে । আনহাতে, দেওবাৰৰ দিনটোত জিলাখন বিভিন্ন প্ৰান্তত ক'ভিডৰ ৫৬৬ টা ৰেপিড এন্টিজেন টেষ্ট (RAT) সম্পন্ন হৈছে বুলি স্বাস্থ্য বিভাগে জানিবলৈ দিয়ে ৷

লগতে পঢ়ক : দিঠক হ’ল জালুকবাৰী সমষ্টি বাসীৰ সপোন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.