Golden jubilee: দৰং জিলা সাহিত্য সভাৰ ৫০ সংখ্যক প্ৰতিষ্ঠা দিৱস-সোণালী জয়ন্তীৰ শুভাৰম্ভণি

author img

By

Published : Jul 22, 2022, 6:57 AM IST

50th foundation day and golden jubilee of darang district sahitya sova inaugurated
দৰং জিলা সাহিত্য সভাৰ ৫০ সংখ্যক প্ৰতিষ্ঠা দিৱস আৰু সোণালী জয়ন্তীৰ শুভাৰম্ভণি ()

৫০ টা বৰ্ষ অতিক্ৰম কৰিলে দৰং জিলা সাহিত্য সভাই(50th Foundation Day of Darang Zilla Sahitya Sabha) । বৃহস্পতিবাৰে দৰং জিলা সাহিত্য সভাই অনুষ্ঠিত কৰে ৫০ সংখ্যক প্ৰতিষ্ঠা দিৱস(Darang Zilla Sahitya Sabha Golden Jubilee Year) । শুভাৰম্ভণি কৰে সোণালী জয়ন্তীৰ বছৰজোৰা কাৰ্যসূচীৰ ।

মঙলদৈ,২২ জুলাই: দৰং জিলা সাহিত্য সভাৰ ৫০ সংখ্যক প্ৰতিষ্ঠা দিৱস আৰু সোণালী জয়ন্তীৰ শুভাৰম্ভণি(50th Foundation Day of Darang Zilla Sahitya Sabha) ৷ আৰম্ভ হ'ল বৰ্ষজোৰা সোনালী জয়ন্তী উৎসৱ উদযাপনৰ কাৰ্যসূচীৰ(Darang Zilla Sahitya Sabha Golden Jubilee Year) । সোণালী মূহুৰ্তত জিলাখনৰ প্ৰাক্তন সভাপতি আৰু কেইবাগৰাকীয়ো বিশিষ্ট ব্যক্তিয়ে উত্তোলন কৰিলে ৫০খন পতাকা ।

দৰং জিলা সাহিত্য সভাৰ ৫০ সংখ্যক প্ৰতিষ্ঠা দিৱস আৰু সোণালী জয়ন্তীৰ শুভাৰম্ভণি

১৯৭৩ চনত গঠন হোৱা দৰং জিলা সাহিত্য সভাই ২১ জুলাইত ৫০ সংখ্যক প্ৰতিষ্ঠা দিৱস আৰু সোণালী জয়ন্তী বৰ্ষৰ শুভাৰম্ভণি অনুষ্ঠান উদযাপন কৰে । মঙলদৈ সাহিত্য পৰিষদে ১৯৮২ চনত অনুষ্ঠিত অসম সাহিত্য সভাৰ অধিৱেশনত দৰং জিলা সাহিত্য সভা নামেৰে পৰিচয় লাভ কৰিছিল । শুভাৰম্ভণি অনুষ্ঠানৰ মুকলি সভাত দৰং জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতিসকলৰ লগতে অসম সাহিত্য সভাৰ উপ-সভানেত্ৰী মৃণালিনী দেৱীও উপস্থিত থাকে ৷

বছৰজোৰা সোনালী জয়ন্তী বৰ্ষ উদযাপন অনুষ্ঠানত দৰং জিলা সাহিত্য সভাৰ পত্ৰিকা উন্মোচন কৰে প্ৰাক্তন সভাপতি ড° নগেন্দ্ৰ নাথ শৰ্মাই ৷ অনুষ্ঠানৰ লগত সংগতি ৰাখি জিলাখনৰ মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিকৰ ৭ জন কৃৰ্তি ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জনোৱা হয় ৷ লগতে সোণালী জয়ন্তী বৰ্ষ উপলক্ষে গোটেই বছৰটোত বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰিব বুলি জানিবলৈ দিয়ে দৰং জিলা সাহিত্য সভাৰ কৰ্মকৰ্তাই ।

লগতে পঢ়ক: Fake trader arrested: নকল জিৰা বেপাৰী ৰোহি দাসক বিচাৰি যোৱা আৰক্ষীক বদলি

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.