ETV Bharat / state

Death anniversary Hemchandra Baruah: অসমীয়া ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱাৰ ১২৭ সংখ্যক তিৰোভাৱ তিথি পালন

author img

By

Published : May 1, 2023, 10:59 PM IST

bhaxar oja
কাৰ্যনিৰ্বাহক সভা

দৰঙত সোমবাৰে ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱাৰ ১২৭ সংখ্যক তিৰোভাৱ তিথিৰ লগতে দৰং জিলা সাহিত্য সভাৰ ২০২৩-২৫ বৰ্ষৰ প্ৰথম পূৰ্ণাংগ কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হয় (Death anniversary Hemchandra Baruah)৷

দৰং, 1 মে’ : হেমকোষ অভিধানৰ প্ৰণেতা তথা অসমীয়া ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱাৰ ১২৭ সংখ্যক তিৰোভাৱ তিথিৰ লগতে দৰং জিলা সাহিত্য সভাৰ ২০২৩-২৫ বৰ্ষৰ প্ৰথম পূৰ্ণাংগ কাৰ্যনিৰ্বাহক সভা সোমবাৰে সাহিত্যসভা প্ৰকল্পত অনুষ্ঠিত হয় (Bhaxar oja Hemchandra Baruah ) । ৰাতিপুৱা ৮.৫৫ বজাত অসম সাহিত্য সভাৰ পতাকা উত্তোলনেৰে হেমচন্দ্ৰ বৰুৱা তিৰোভাৱ তিথি আৰু ২০২৩-২৫ বৰ্ষৰ প্ৰথমখন পূৰ্ণাংগ কাৰ্যনিৰ্বাহক সভাৰ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে দৰং জিলা সাহিত্য সভাৰ সভাপতি ৰজনীকান্ত নাথে ।

৯-৩০ বজাত ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱাৰ প্ৰতিচ্ছবিত মাল্যাপন কৰে দৰং জিলা সাহিত্য সভাৰ উপ-সভাপতি ধীৰেন্দ্ৰ কুমাৰ শৰ্মাই । হেমচন্দ্ৰ বৰুৱাৰ স্মাৰক বক্তৃতা কাৰ্যসূচীত বিশিষ্ট সাহিত্যিক তথা অসম চৰকাৰৰ নিয়োগ বিনিময় বিভাগৰ অৱসৰপ্ৰাপ্ত উপ সঞ্চালক চক্ৰ ধৰ নাথে বক্তৃতা প্ৰদান কৰে । বক্তৃতাত নাথে ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱা জীৱন আৰু কৃতিৰ বিষয়ে আলোচনা আগবঢ়ায় ৷ হেমচন্দ্ৰ বৰুৱাৰ অসমীয়া ভাষা সাহিত্যৰ অৱদানৰ ওপৰত সাৰুৱা ভাষণ আগবঢ়ায় চক্ৰ ধৰ নাথে (127th death anniversary of Hemchandra Baruah ) ।

১১-০০ বজাত দৰং জিলাৰ সাহিত্য সভাৰ পূৰ্ণাংগ কাৰ্যনিৰ্বাহক সভা আৰু সম্বৰ্ধনা অনুষ্ঠান অনুস্থিত হয় (Meeting of the Darang District Sahitya Sabha) । সম্বৰ্ধনা অনুষ্ঠানত জিলাখনৰ পৰা অসম সাহিত্য সভাৰ নাৰায়ণ পুৰ অধিবেশনত শ্ৰেষ্ঠ সংগঠক বঁটা প্ৰাপক গৌতমানন্দ গোস্বামী, শ্ৰেষ্ঠ বাৰ্তা আলোচনীৰ বাবে কৰ্মবীৰ চন্দ্ৰ নাথ শৰ্মা বঁটা লাভ কৰা জিলা সাহিত্য সভাৰ ২০২০-২০২২ বৰ্ষৰ বাৰ্তাৰ সম্পাদক ড৹ দুলাল হাজৰিকা, সৃষ্টিশীল গ্ৰন্থৰ বাবে অম্বিকাগিৰী ৰায়চৌধুৰী বঁটা প্ৰাপক এম কামালুদ্দিন আহমেদ, নাৰায়ণপুৰ অধিবেশনৰ আদৰণি সমিতিৰ দ্বাৰা আয়োজিত কবিতা আৰু গল্প প্ৰতিযোগিতাত প্ৰথম আৰু তৃতীয় স্থান পোৱা জিমলি শিৱমক সম্বৰ্ধনা জনোৱা হয় ।

পূৰ্ণাংগ কাৰ্যনিৰ্বাহক সভাত জিলা সাহিত্য সভাৰ প্ৰকাশন উপ সমিতি, প্ৰত্ৰিকা উপ সমিতি, সাংস্কৃতিক উপ সমিতি, আকাশ উপ সমিতি, কুঁহি উপ সমিতি, ৰামধেনু উপ সমিতি, বিদ্যায়তনিক উপ সমিতি, দৌৰাংগ বাৰ্তা উপ সমিতি, কবি উপ সমিতি আদি উপ সমিতি সমূহে বাৰ্ষিক কৰ্মসূচীৰ প্ৰতিবেদন পাঠ কৰে আৰু সভাত আলোচনা মৰ্মে গৃহীত হয় । সভাত দৰং জিলা সাহিত্য সভাৰ আগন্তুক বছৰৰ বাবে এবছৰীয়া কৰ্মসূচী গ্ৰহণ কৰা হয় । লগতে জিলা সাহিত্য সভাৰ সোণালী জয়ন্তী উদযাপন কাৰ্যসূচীৰ ওপৰতো আলোকপাত কৰা হয় ।

লগতে পঢ়ক : Inspirational story: পদপথত ভাত বেচি পুত্ৰক চিকিৎসক পঢ়ুৱাইছে সুনিল ঠাকুৰীয়াই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.