ETV Bharat / state

১৭ বছৰে বিপিএফে ভূমিপট্টা দিব পৰা নাছিল: প্ৰমোদ বড়ো

author img

By ETV Bharat Assamese Team

Published : Dec 4, 2023, 7:21 PM IST

BTR Chief Executive Member Pramod Boro
নিচিমাৰ কয়লাময়লাত ইউপিপিএলৰ বৃহৎ যোগদান সভা

চিৰাঙৰ নিচিমাৰ কয়লাময়লাত ইউপিপিএলৰ বৃহৎ যোগদান সভা । হাগ্ৰামা মহিলাৰী আৰু তেওঁৰ সতীৰ্থসকল সংশোধন হ'ব নজনা বাবে বিপিএফ এৰি দলে দলে ইউপিপিএলত যোগদান কৰি আছে বুলি মন্তব্য় প্ৰমোদ বড়োৰ ।

নিচিমাৰ কয়লাময়লাত ইউপিপিএলৰ বৃহৎ যোগদান সভা

চিৰাং, ৪ ডিচেম্বৰ : চিৰাঙৰ ভূটান সীমান্তৰ নিচিমা কয়লাময়লা পথাৰত ইউপিপিএল দলৰ বৃহৎ জনসমাৱেশ আৰু যোগদান কাৰ্যসুচী আজি অনুষ্ঠিত হয় । ইয়াৰ পূৰ্বে বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্য় প্ৰমোদ বড়োই নিচিমা অঞ্চলত ৯০ কোটি টকাৰ পাঁচটাকৈ আঁচনীৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে । ইপিনে, যোগদান আৰু জনসমাৱেশত প্ৰমোদ বড়োই বিপিএফ তথা অন্যান্য ৰাজনৈতিক দলৰ পৰা ১৭৪৯ গৰাকী লোকে ইউপিপিএল দলত যোগদান কৰাত আদৰণি জনায় ।

বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্য় প্ৰমোদ বড়োৱে বিপিএফক সমালোচনা কৰি কয়," বিপিএফৰ এতিয়া কাম নাই । বিগত সময়ত বিটিআৰত শান্তি স্থাপনত বিফল হৈছিল বিপিএফ । ১৭ বছৰত কোনো উন্নয়নৰ কাম কৰিব নোৱাৰিলে বিপিএফে। গতিকে আমি প্ৰতিশ্ৰুতি দিয়া অনুসৰিয়ে শাসনত আহিয়ে প্ৰথমে শান্তি স্থাপন কৰিছিলো আৰু এতিয়া উন্নয়ণৰ কাম কৰিবলৈ সক্ষম হৈছো । যাৰ বাবে আজি দলে দলে আহি যোগদান কৰি আছে ইউপিপিএলত ।"তেওঁ পুনৰ কয় যে বিপিএফৰ অপশাসন, দুৰ্নীতি,ভ্ৰষ্টাচাৰৰ ফলত বিগত নিৰ্বাচনত ৰাইজে এসেকা দিলে যদিও এতিয়াও হাগ্ৰামা মহিলাৰী আৰু তেওঁৰ সতীৰ্থ সকলে সংশোধন হ'ব নজনা বাবে দলে দলে লোকসকলে বিপিএফ এৰি ইউপিপিএলত যোগদান কৰিছে ।

বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্য় প্ৰমোদ বড়োৱে পুনৰ কয়," বিগত ১৭ বছৰে বিপিএফে ভূমিপট্টা দিব পৰা নাছিল । কিন্ত আমি ৩ বছৰত ৭৫ হেজাৰ লোকক ভূমিপট্টা দিছো । ইয়াৰ মাজত ১২ হেজাৰ অকল সংখ্যালঘু লোক আছে ।" প্ৰমোদ বড়োৱে পাঁচ ৰাজ্যৰ নিৰ্বাচনী ফলাফল সন্দৰ্ভতো মন্তব্য প্ৰকাশ কৰি কয়," প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত কেন্দ্ৰীয় চৰকাৰে অভূতপূৰ্ব উন্নয়ন কৰাৰ ফলতে সদ্য ঘোষিত পাঁচ ৰাজ্যৰ নিৰ্বাচনত বিজেপি মিত্ৰজোটৰ চৰকাৰে বৃহৎ সফলতা লাভ কৰিবলৈ সক্ষম হৈছে । এই সফলতাৰ ফল আমি বিটিআৰতো পাম ।"

সহশ্ৰাধিক লোকৰ উপস্থিতিত অনুষ্ঠিত জনসভাৰ উদ্বোধনী ভাষণ আগবঢ়াই চিদলী সমষ্টিৰ বিধায়ক জয়ন্ত বসুমতাৰীয়ে । উদ্বধনি ভাষণত বিধায়কগৰাকীয়ে কয় যে প্ৰমোদ বড়োৰ নেতৃত্বত বিটিআৰত শান্তি স্থাপন হোৱাৰ লগতে উন্নয়নৰ কাম দ্ৰুতগতিত হৈ আছে । গতিকে ৰাইজৰ সঁহাৰি পালে এইদৰেই অনাগত দিনতো উন্নয়ন হ'ব বুলি কয় । এই অনুষ্ঠানত বিটিআৰৰ কাৰ্যবাহী সদস্য ৰঞ্জিত বসুমতাৰীয়ে কয়," আমি যিদৰে শান্তি স্থাপন কৰি উন্নয়নৰ কাম কৰিবলৈ সক্ষম হৈছো একেদৰে স্বাধীনতাৰ ৭৮ বছৰ পিচত ভূমিপট্টা দিয়াৰ লগতে ভূমি সংক্ৰান্তীয় সকলো কাম হাতৰ মুঠিত কৰিছো । নিজৰ মোবাইলৰ পৰাই চাব পাৰিব ভূমি সংক্ৰান্তীয় সকলো তথ্য ।"

ইউপিপিএলৰ সাধাৰণ সম্পাদক ৰাজু নাৰ্জাৰীয়ে কয় যে বিগত সময়ত সমগ্ৰ বিটিআৰৰ উন্নয়ন স্থবিৰ কৰি কেৱল হত্যা,হিংসা,অপহৰণ,ভুল বুজাবুজিৰহে সৃষ্টি কৰিছিল । আমি সেয়া আঁতৰাই শান্তি স্থাপনেৰে উন্নয়ণ কৰি আগবাঢ়িবলৈ সক্ষম হৈছো । গতিকে এই উন্নয়ণৰ ধাৰা ধৰি ৰাখিবলৈ বিটিআৰবাসী ৰাইজৰ তেওঁ সহযোগিতা বিচাৰে । তেওঁ লগতে কয় যে বিটিআৰৰ ৪০ টা সমষ্টিতে এইদৰে ইউপিপিএল দলত যোগদান কৰিবলৈ ৰাইজ শাৰি পাতি আছে । উক্ত যোগদান কাৰ্যসূচীত দলটোৰ সাধাৰণ সম্পাদক ৰাজু নাৰ্জাৰীকে আদি কৰি বিটিআৰৰ ই,এম ৰঞ্জিত বসুমতাৰী,কাৰ্যবাহী সদস্য ধনঞ্জয় বসুমতাৰী আৰু পাৰিষদ মাধৱ ছেত্ৰী উপস্থিত থাকে ।

লগতে পঢ়ক:গুৱাহাটী চিনে ক্লাবৰ ষষ্ঠদশ আন্তঃৰাষ্ট্ৰীয় গুৱাহাটী চলচ্চিত্ৰ মহোৎসৱৰ আয়োজন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.