ETV Bharat / state

5 বজাৰ 10 টা শীৰ্ষ বাতৰি

author img

By

Published : Dec 16, 2022, 4:59 PM IST

5 বজাৰ 10 টা শীৰ্ষ বাতৰি
5 বজাৰ 10 টা শীৰ্ষ বাতৰি

5 বজাৰ 10 টা শীৰ্ষ বাতৰি

NEET UG 2023 : 7 মে'ত অফলাইন পৰীক্ষা, জানুৱাৰীৰ পৰা অনলাইন আবেদন

চিকিৎসা বিজ্ঞানৰ ক্ষেত্ৰত দেশৰ সৰ্ববৃহৎ প্ৰৱেশ পৰীক্ষা নেচনেল এলিজিবিলিটি এণ্ট্ৰেঞ্চ টেষ্ট (NEET UG 2023) 7 মে'ত লিখিত পদ্ধতিত অফলাইনত অনুষ্ঠিত হ'ব । এই প্ৰৱেশ পৰীক্ষাৰ জৰিয়তে এইমছ (AIIMS) আৰু জিপমেৰকে (JIPMER) ধৰি সমগ্ৰ দেশৰ নিৰ্বাচিত বিএছচি নাৰ্চিং মহাবিদ্যালয়সমূহত চিকিৎসা বিজ্ঞান, দন্ত চিকিৎসা, আয়ুষৰ নামভৰ্তি কৰা হ'ব ।

Kaliabor College scam: কলিয়াবৰ মহাবিদ্যালয় অধ্যক্ষই গোটে-গোটে গিলিছে লাখ-লাখ টকা

চলিত বৰ্ষৰ আগষ্ঠ মাহত কলিয়াবৰ মহাবিদ্যালয়ত অসম চৰকাৰৰ বিত্ত বিভাগৰ দ্বাৰা হিচাপ নিৰীক্ষণ সম্পন্ন কৰা হয় ৷ এই নিৰীক্ষণৰ পিছতেই পোহৰলৈ আহিছে ভয়ংকৰ কেলেংকাৰীৰ তথ্য ৷ মহাবিদ্যালয়খনৰ অধ্যক্ষই বিভিন্ন জালিয়াতিৰে আত্মসাৎ কৰিছে লাখ-লাখ টকা ৷

Dhubri road accident : মৃত্যুদূতত পৰিণত ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথ

ধুবুৰী জিলাৰ বিলাসীপাৰাত ভয়ংকৰ পথ দুৰ্ঘটনা (Road accident at Bilashipara)। চিৰাকুটাত ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত তিনিখনকৈ ট্ৰাক একেলগে দুৰ্ঘটনাত পতিত হয় । দুৰ্ঘটনাটোত এজন ট্ৰাক চালক থিতাতে নিহত হয় (Truck driver died in road accident at Dhubri)। আনহাতে আহত হয় কেইবাজনো লোক ।

Raijor Utsav at Amguri: আমগুৰিত ১১ খন প্ৰাথমিক বিদ্যালয়ৰ সৌজনত আয়োজন ৰাইজৰ উৎসৱ

চৰকাৰী বিদ্যালয়ৰ প্ৰতি শিক্ষাৰ্থীক আগ্ৰহী কৰি তোলাৰ লগতে অভিভাৱকসকলক উৎসাহিত কৰাৰ উদ্দেশ্যে আমগুৰিত আয়োজন কৰা হয় ৰাইজৰ উৎসৱ (Raijor Utsav held at Amguri) ৷ এই উৎসৱক কেন্দ্ৰ কৰিয়েই হালোৱাটিং চাহ বাগিচা প্ৰাথমিক বিদ্যালয়ৰ চৌহদত এক ব্যাপক উৎসাহ হোৱা পৰিলক্ষিত হয় ৷

Fifa World Cup 2022 : পৰ্তুগালৰ প্ৰশিক্ষক পদ ত্যাগ ফাৰ্ণাণ্ডো চেণ্টোছৰ

ফাৰ্ণাণ্ডো চেণ্টোছে পৰ্তুগাল দলৰ প্ৰশিক্ষকৰ পৰা বিদায় লৈছে । তেওঁৰ দলটো ফিফা বিশ্বকাপ ২০২২-ৰ পৰা বাহিৰ হোৱাৰ পিছত ফাৰ্ণাণ্ডো চেণ্টোছে এই সিদ্ধান্ত গ্ৰহণ কৰে (portugal coach fernando santos resigned) ।

Accident Zone in Nalbari: হাজো-নলবাৰী পথ অৱৰোধ কৰি ৰাইজৰ তীব্ৰ প্ৰতিবাদ

পথ বহলীকৰণৰ দাবীৰে নলবাৰীত তীব্ৰ প্ৰতিবাদ স্থানীয় ৰাইজৰ ৷ সঘনাই দুৰ্ঘটনা সংঘটিত হৈ অহা এটা এলেকাত সাংকেতিক চিহ্ন প্ৰদানৰো দাবী জনালে প্ৰতিবাদী ৰাইজে (Protest by public in Nalabari)৷

Winter Session 2022 : সংসদৰ শীতকালীন অধিবেশনত কংগ্ৰেছ বিজেপিৰ তীব্ৰ বাদানুবাদ

কংগ্ৰেছৰ সাংসদ মণীষ তিৱাৰীয়ে টাৱাং সংঘৰ্ষ সন্দৰ্ভত সদনত স্থগিত প্ৰস্তাৱৰ জাননী দিয়ে । ইয়াৰ পূৰ্বে বৃহস্পতিবাৰে তেওঁ টাৱাং সংঘৰ্ষ সন্দৰ্ভত সদনত স্থগিত প্ৰস্তাৱৰ জাননী প্ৰদান কৰিছিল (Winter Session of Parliament 2022) ।

Zika virus: ডেংগু, চিকুংগুনিয়াৰ লগতে বৃদ্ধি পাইছে জিকা ভাইৰাছৰ সংক্ৰমণ

শীতকাল আৰম্ভ হোৱাৰ পাছতো কিছুদিনৰ পৰা দেশৰ বহু ঠাইত ডেংগু ৰোগীৰ সংক্রমণ বৃদ্ধি পোৱাৰ মাজতে এতিয়া জিকা ভাইৰাছৰ সংক্রমণো চর্চালৈ আহিছে, যাৰ ফলত ৰাইজৰ মাজত এতিয়া বৃদ্ধি পাইছে উদ্বেগ ৷

Animesh Bhuyan Murder Case: অনিমেশ ভূঞাৰ পৰিয়াললৈ এটি চৰকাৰী চাকৰি

যোৰহাটত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰে সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ বৈঠক ৷ একাংশ দানৱৰ আক্ৰমণৰ বলি হৈ অকাল মৃত্যুক সাৱটি লোৱা অনিমেশ ভূঞাৰ প্ৰসংগৰে মুখ্যমন্ত্ৰীগৰাকীৰে আলোচনাত মিলিত হয় আছুৰ প্ৰতিনিধি দলটো ৷ বৈঠকৰ অন্তত অনিমেশ ভূঞাৰ পৰিয়ালক এটি চৰকাৰী চাকৰি প্ৰদানৰ আশ্বাস মুখ্যমন্ত্ৰীগৰাকীৰ ৷

Kaliabor College scam: কলিয়াবৰ মহাবিদ্যালয় অধ্যক্ষই গোটে-গোটে গিলিছে লাখ-লাখ টকা

চলিত বৰ্ষৰ আগষ্ঠ মাহত কলিয়াবৰ মহাবিদ্যালয়ত অসম চৰকাৰৰ বিত্ত বিভাগৰ দ্বাৰা হিচাপ নিৰীক্ষণ সম্পন্ন কৰা হয় ৷ এই নিৰীক্ষণৰ পিছতেই পোহৰলৈ আহিছে ভয়ংকৰ কেলেংকাৰীৰ তথ্য ৷ মহাবিদ্যালয়খনৰ অধ্যক্ষই বিভিন্ন জালিয়াতিৰে আত্মসাৎ কৰিছে লাখ-লাখ টকা ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.