ETV Bharat / state

চিৰাঙত গাঞ্জাসহ আটক তিনি ব্যৱসায়ী

author img

By

Published : Aug 3, 2021, 10:07 PM IST

মঙলবাৰে চিৰাঙৰ বাসুগাঁৱত গাঞ্জা (Ganja)সহ তিনিজন ব্যৱসায়ীক আটক চিৰাং আৰক্ষী (Chirang Police)ৰ ৷ অৱশ্যে আৰক্ষীৰ আগমণৰ সম্ভেদ পাই ব্যৱসায়ী কেইজনে গাঞ্জা লুকুৱাবলৈ সক্ষম হোৱাত মাত্ৰ ডেৰ কেজি গাঞ্জাহে উদ্ধাৰ কৰে আৰক্ষীয়ে ৷

three-peddlers-arrested-with-ganja-in-chirang
চিৰাঙত গাঞ্জাসহ আটক তিনি ব্যৱসায়ী

চিৰাং, 3 আগষ্ট : চিৰাং জিলাৰ বাসুগাঁৱত মঙলবাৰে গাঞ্জা (Ganja)সহ তিনিজন ব্যৱসায়ীক আটক কৰে আৰক্ষীয়ে ৷ চিৰাং আৰক্ষী (Chirang Police)য়ে চলোৱা এক অভিযানত ষ্টেচন ৰোডৰ 4 নং ৱাৰ্ডত এক গোপন সূত্ৰৰ পম খেদি আটক কৰা হয় গাঞ্জা ব্যৱসায়ীকেইজনক ৷

জানিব পৰা মতে, দীৰ্ঘদিনৰ পৰাই ৰুণু সূত্ৰধৰ নামৰ লোকজনে অবৈধভাৱে নিচাজাতীয় সামগ্ৰী বিক্ৰী কৰি আহিছিল অঞ্চলটোত । আৰক্ষীৰ অভিযানত প্ৰায় ডেৰ কেজি গাঞ্জাৰ সৈতে আটক হয় ৰুণু সূত্ৰধৰ, প্ৰদীপ দাস আৰু স্বপন দেৱনাথ নামৰ তিনি ব্যৱসায়ী । পূৰ্বে ৰুণু সূত্ৰধৰে ৰে’লত হকাৰ হিচাপে কাম কৰি পৰিয়াল পোহপাল দিছিল ৷

three-peddlers-arrested-with-ganja-in-chirang
চিৰাঙত গাঞ্জাসহ আটক তিনি ব্যৱসায়ী

লগতে পঢ়ক : চৰাইদেউত বুজন পৰিমাণৰ গাঞ্জাসহ দুই সৰবৰাহকাৰী আটক

কিছুবছৰ পূৰ্বে ৰে’ল দুৰ্ঘটনাত এখন হাত আৰু এখন ভৰি হেৰুওৱাৰ পাচৰে পৰা এই নিচাজাতীয় সামগ্ৰী বিক্ৰী কৰিবলৈ আৰম্ভ কৰিছিল ৰুণু সূত্ৰধৰে ৷ আৰক্ষীৰ আগমনৰ সম্ভেদ লাভ কৰি গাঞ্জা লুকুৱাবলৈ সক্ষম হয় ব্যৱসায়ীজনে ৷ সেয়েহে ব্যৱসায়ীজনৰ পৰা আৰক্ষীয়ে মাত্ৰ ডেৰ কেজি গাঞ্জাহে উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷

ৰাজ্যৰ ভিন্ন প্ৰান্তত ড্ৰাগছ বিৰোধী অভিযান অব্যাহত থকাৰ সমান্তৰালভাৱে চিৰাঙতো গাঞ্জাৰ বিৰুদ্ধে অব্যাহত আছে আৰক্ষীৰ অভিযান ৷ চিৰাং আৰু বঙাইগাঁও আৰক্ষীৰ এই যুটীয়া অভিযানত জিলাখনৰ বহু ঠাইৰ পৰা গাঞ্জা আৰু নিচাজাতীয় সামগ্ৰী জব্দ কৰিবলৈ সক্ষম হৈছে আৰক্ষীয়ে ৷

তথাপিও যেন আৰক্ষীক কেৰেপ নকৰি ব্যৱসায়ীসকলে গাঞ্জাৰ গোপন বেহা চলাই থকাৰ তথ্য বহু সময়ত পোহৰলৈ আহিছে ৷ গতিকে নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে অব্যাহত থকা এই অভিযানত কিমান সফল হ’ব অসম আৰক্ষী, সেয়া সময়তহে লক্ষণীয় হ’ব ৷

লগতে পঢ়ক : নিচাসক্ত পুত্ৰই আক্ৰমণ চলালে পিতৃ-মাতৃক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.