ৰৌতাত বৃহৎ পৰিমানৰ গাঞ্জাসহ এজন সৰবৰাহকাৰীক আটক

author img

By

Published : Aug 1, 2021, 1:30 PM IST

Ganja With One Paddler Arrested By Police At Rowta

শনিবাৰে ৰৌতাত এখন বিলাসী বাহনৰ পৰা বৃহৎপৰিমানৰ গাঞ্জা জব্দ কৰাৰ লগতে এজন সৰবৰাহকাৰীক আটক কৰে আৰক্ষীয়ে ৷ ধৃত সৰবৰাহকাৰীটোৰ নাম ৰুস্তোম আলী ৷

ওদালগুৰি, ১ আগষ্ট : ৰাজ্যৰ বিভিন্ন জিলাৰ সমান্তৰালকৈ ওদালগুৰি জিলাতো (Udalguri District) ড্ৰাগছ তথা নিচাজাতীয় সামগ্ৰী সৰবৰাহৰ বিৰুদ্ধে তীব্ৰ অভিযান অব্যাহত ৰাখিছে আৰক্ষীয়ে ৷ শনিবাৰেও নিষিদ্ধ গাঞ্জাৰ বিৰুদ্ধে ৰৌতা আৰক্ষীয়ে এটা অভিযান চলায় ৷ অভিযানত পুনৰ গাঞ্জাসহ এজন সৰবৰাহকাৰীক আটক (Arrest) কৰে ৰৌতা আৰক্ষীয়ে (Rowta Police) ।

উল্লেখ্য যে, এক গোপন খবৰৰ ভিত্তিত ৰৌতা আৰক্ষীৰ এটা দলে অভিযান চলাই ১৫ কিলোগ্ৰাম গাঞ্জা সহ ৰুস্তম আলী নামৰ এজন যুৱকক আটক কৰিবলৈ সক্ষম হয় । শনিবাৰে নিশা As-13K-5881 নম্বৰৰ মাৰুতি গাড়ীৰে ৰৌতা ৰে'ল ষ্টেচনৰ দিশৰ পৰা মঙলদৈ অভিমুখে গৈ থকা বুলি আৰক্ষীয়ে খবৰ লাভ কৰিছিল ৷ উক্ত খবৰটো লাভ কৰাৰ পাছতো ৰৌতাত অভিযান চলাই আৰক্ষীয়ে ৷

আৰক্ষীৰ অভিযানত বিলাসী বাহনখনত গৈ থকা অৱস্থাত ৰৌতাৰ মাজমজিয়াতে আৰক্ষীয়ে জব্দ কৰে বাহনখন ৷ আৰক্ষীৰ তালাচীত বিলাসী বাহনখনৰ পৰা বৃহৎপৰিমানৰ গাঞ্জা জব্দ কৰে আৰক্ষীয়ে ৷ লগতে গাঞ্জা সৰবৰাহকাৰীজনকো আৰক্ষীয়ে আটক কৰে ।

লগতে পঢ়ক - ফলাফলক লৈ চৰাইদেউ ৰহন উচ্চ মাধ্যমিক বিদ্যালয়ত উত্তপ্ত পৰিস্থিতি

আটকাধীন যুৱকজনৰ ঘৰ দৰং জিলা (Darrang District)ৰ ধুলাৰ বুলি আৰক্ষীৰ সূত্ৰই জানিবলৈ দিছে । আৰক্ষীয়ে NDPS আইনৰ অধীনত 170/21 U/S 20(b)(ii)(B) নম্বৰৰ এক গোচৰ পঞ্জীয়ণ কৰিছে ৷ অধিক তথ্যৰ বাবে সৰবৰাহকাৰীজনক জেৰা অব্যাহত ৰাখিছে । অৱশ্যে আৰক্ষীৰ তদন্তৰ অন্ততহে ওলাই পৰিব ঘটনাটোৰ প্ৰকৃত ৰহস্য ৷

ইফালে ক'ভিডে সৃষ্টি কৰা ভয়ংকৰ পৰিৱেশৰ মাজতো অব্যাহত আছে নিচাজাতীয় সামগ্ৰীৰ সৰবৰাহ ৷ অৱশ্যে ৰাজ্যৰ প্ৰতিখন জিলাতে ড্ৰাগছ (Drugs) তথা বিভিন্ন নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে ৷ আৰক্ষীৰ অভিযানত কোটি-কোটি টকাৰ ড্ৰাগছ জব্দ কৰাৰ লগতে আটক কৰিছে বহু কেইজন ড্ৰাগছ মাফিয়া ৷ অকল সেয়াই নহয় অবৈধ চুলাই মদৰ সৰবৰাহৰ বিৰুদ্ধেও আৰক্ষী সস্তম হৈ পৰিছে ৷

ইতিমধ্যে বিভিন্ন জিলাত বহু অবৈধ চুলাই ঘাটি উচ্চেদ কৰাৰ লগতে আটক কৰিছে বহুকেইজন অবৈধ চুলাই সৰবৰাহকাৰীক ৷ ইয়াৰ বিৰুদ্ধে এতিয়াও আৰক্ষীয়ে অব্যাহত ৰাখিছে তীব্ৰৰ পৰা তীব্ৰতৰ অভিযান ৷

লগতে পঢ়ক - উজনিত সক্ৰিয় হৈছে বৃহৎ গাড়ী চুৰি চক্ৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.